জাতীৰ জয়গান – শচীন্দ্ৰ কুমাৰ দাস

PC - Wallpaper Flare

জাতীৰ জয়গান

শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী

চেতনা বিহিন জাতীয় প্ৰেম ,
জাতীয় স্বাভিমান , তেজ দিম,
বলিদানৰ গাঠা এতিয়া আমনি লগা হ’ল ।।
আপোনা স্বাৰ্থৰে পৰিপূৰ্ণ দেশপ্ৰেম,
আই মাতৃৰ বুকুত দেগাৰ মাৰিব পৰা
জটিল মানসিকতা ,বৰ বৰ স্বদেশী
জয়গান দিয়া সকল……
কুকুৰ নেচীয়া বাঘো তোমালোক তকৈ চৰিত্ৰ বান।।
জাতি মাটি ভেটিৰ ৰক্ষাৰ জয়গানত
ভাও দিয়া সফল অভিনেতা জন আজি হৈছে
জনতাৰ স্বাভিমানী‌ বৰ বৰ নেতা,
হত্যা ধৰ্ষণ লুণ্ঠন কৰা জন আজি বৰ বৰ নেতা,
উচ্চ সমাদৰ আজি তেওঁ লোকৰ জাতিৰ জনমানসত
কাৰণ জাতিৰ‌ জয় যাত্ৰাত ভাও‌ দিয়া
তেওঁ লোক একো একোজন জাতীয় সফল ভাওৰিয়া।।।