ৰাভা দা – শচীন্দ্ৰ কুমাৰ দাস

Pc Shutterstock

ৰাভা দা

শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী

ৰাভা দা এটি কাঠ মিলৰ চৌকিদাৰ। শান্ত স্বভাৱৰ, নিষ্ঠাৱান লোক তেওঁ। তেওঁৰ দুটি ল’ৰা ।নাম নৱ আৰু বিপুল। সিদিনা মিলত পোলীচ আহিল। বেচেৰা ৰাভা দাক মিছাতে বহু প্ৰশ্ন কৰিলে । থানালৈও লৈ গৈ বহুত পিতিলে। কিন্তু তেওঁ নিমাত সিদিনা। ঘৰলৈ উভতি তেওঁ দুৱো পুতেকক মিললৈ লৈ গৈ মালিকৰ আগত কাঠ এচটাৰে কোবাই কোবাই হুক হুকাই কান্দি চিঞৰি উঠিল মোৰ‌ কি পাপত এনে সন্তান জন্ম ল’লে। মালিকে সকলো বুজি বয়োজ্যেষ্ঠ ৰাভা দাক ভুল বুজাৰ বাবে লজ্জিত ‌অনুভব কৰিলে। ল’ৰা দুয়োজনেও নিজ ভূল স্বীকাৰ কৰি‌ ভবিষ্যতে এনে‌ কাম নকৰো বুলি দেউতাক আৰু মালিকৰ ওচৰত ক্ষমা বিচাৰিলে।