দান পাত্ৰৰ ৰহস্য
শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী
এখন গাঁৱত কেইজনমান লোকে দান বৰঙণি সংগ্ৰহ কৰি এটি মন্দিৰ নিৰ্মাণ কৰিলে। মন্দিৰ দান পাত্ৰত ভক্তৰ দান বৰঙণি জমা হয়। কিন্তু কোনো দুষ্ট লোকে দান পাত্ৰৰ তলা ভাঙি বৰঙণিৰ ধন চুৰি কৰি লৈ যায়। উপায়হীন হৈ মন্দিৰ সমিতিৰ মানুহে ৰাতি মন্দিৰত পহৰাৰ ব্যবস্থা কৰে। মন্দিৰত ৰাতি ভজন কীৰ্তন কৰা ডাঙৰী দলৰ লোকে পহৰা দিয়ে। ৰহস্য জনক ভাৱে দান পাত্ৰৰ ধন চুৰি হৈয়েই থাকে।। ডাঙৰী দলক মানুহে সন্দেহ কৰিবলৈ লয়। শেষত তেওঁলোকে ভূতে দান পাত্ৰ চুৰি কৰে বুলি প্ৰচাৰ কৰে। বৰ্তমান সন্ধিয়া হ’লে মন্দিৰত কোনো নাহে। ভুতৰ ভয়ত সন্ধিয়া মানুহ ঘৰৰ পৰা নোলাই। দান পাত্ৰ চুৰি হৈয়েই আছে আৰু ডাঙৰী দলটোৱে মন্দিৰত ভজন কীৰ্তন কৰিয়ে আছে। মন্দিৰৰ দান পাত্ৰ চুৰিৰ ৰহস্য আজিও ৰহস্য জনক।।।
