অন্য এক পৃথিৱী – অন্নপূৰ্ণা দেৱী

Pc Magnific

অন্য এক পৃথিৱী

অন্নপূৰ্ণা দেৱী

জীৱনৰ প্ৰতি স্তৰতে
সপোন বোৰ আজুৰি
আনি , পৰিশ্ৰমী শৰীৰত
ঘামৰ তেজ বিৰিঙাই
জীপাল কৰে সময়বোৰ

উমাল সপোন, ঠিকনা
বিচাৰি আবেগ, সময়
সপোন বোৰ শৰীৰৰ টো
চিৰাল ফটা দিয়ে

সময়ে বাগৰ সলায়
স্বাভিমান বোৰ
অভিমান, অভিযোগলৈ
ৰূপান্তৰ হয়, সকলো একেই থাকে
বয়সৰ আচোৰত ক্লান্ত
দেহাটিৰ আস্ফালন বোৰ
নিলয়ৰ দেৱালত ঠেকা খায়
ধ্বনিত কৰে, উজাগৰি ৰাতিবোৰ
দীঘলীয়া হয়, তথাপিও
দিন আহে , ৰাতি যায়
দিন আহে, ক্ষণ নাহে
চিৰালফটা শৰীৰত
ধ্বনিত হয়, কেৱল
অন্য এক পৃথিৱীৰ সুখ।