বকুল ফুলৰ মালা – মালবিকা দেৱী

Pc Pinterest

বকুল ফুলৰ মালা

মালবিকা দেৱী
শোণিতপুৰ,হুগ্ৰাজুলী

বহুদিন হ’ল বকুলৰ মালা গাঁঠা নাই
বহুদিন হ’ল বকুল ফুল বুটলাও নাই।
মনত পৰে শৈশৱৰ বৰ্ষা ঋতুৰ কথা
ঘৰৰ সন্মুখত থকা বকুল জোপাৰ
তলসৰা বকুলৰ ফুল বুটলি আনি
ববচা বনত গাঁঠিছিলো বকুলৰ মালা।
তেতিয়াৰ সেই বকুলৰ মালাধাৰি
ফটো ফ্ৰেমতেই শুকাই মৰহি গ’ল
মনৰ আশাবোৰ মনতেই মাৰ গ’ল।
বহু আশাৰে আলফুলে গাঁঠি ৰখা
বকুলৰ মালাধাৰ শুকাই মৰহি গ’ল।
সেয়ে আজি বহু বৰ্ষা ঋতু পাৰ হৈ গ’ল
বকুল তললৈ দেখোন যোৱা হোৱা নাই
তলসৰা বকুলৰ ফুল বুটলি আনি
বহুদিন বকুল ফুলৰ মালা গাঁঠা নাই।