দুটাকৈ প্ৰৱল ভূমিকম্পই জোকাৰি গ’ল ভেনিজুৱেলাক

Pc ABC News

দুটাকৈ প্ৰৱল ভূমিকম্পই জোকাৰি গ’ল ভেনিজুৱেলাক

ৰঙিলী বাৰ্ত্তাসেৱা- ভেনিজুৱেলাত প্ৰৱল ভূমিকম্প। দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল ভেনিজুৱেলাক। মাত্ৰ ৩৯ ছেকেণ্ডৰ ব্যৱধানত  অনুভূত হোৱা দুটাকৈ প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত দেশখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে, এই ভূমিকম্পৰ তীব্ৰতা আছিল অত্যন্ত ভয়াৱহ আছিল ।  প্ৰথমটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৭.৫ আৰু  দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.২।এই ভয়ংকৰ ভূমিকম্পৰ পিছত কমেও ২০বাৰ আফটাৰশ্বক হয়। এই ভূমিকম্পৰ পিছতে দেশখনত জৰুৰী অৱস্থা জাৰি কৰিছে ভেনিজুৱেলাৰ অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতিয়ে। ভয়ংকৰ ক্ষয়-ক্ষতিৰ বাবে বন্ধ ৰখা হৈছে দেশৰ মূল বিমানবন্দৰ। বুধবাৰে ভেনিজুৱেলাত প্ৰবল ভূমিকম্পৰ ফলত সমগ্ৰ দেশতে এক উদ্বেগ আৰু ভয়ৰ পৰিৱেশে বিৰাজ কৰে। কেইছেকেণ্ডমানৰ ভিতৰতে অনুভৱ কৰা প্ৰচণ্ড কঁপনিৰ ফলত আতংকিত লোকসকলক ঘৰ, কাৰ্যালয় আৰু ৰাজহুৱা স্থানৰ পৰা লৰালৰিকৈ ওলাই আহে। ভূমিকম্পৰ পিছতে ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে কেইবাটাও ভিডিঅ’, য’ত বিভিন্ন অঞ্চলত এই আতংকৰ দৃশ্য দেখা যায়। প্ৰাৰম্ভিক প্ৰতিবেদনত কেইবাটাও অঞ্চলৰ আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ কথা কোৱা হৈছে, আনহাতে কৰ্তৃপক্ষই পৰিস্থিতিৰ মূল্যায়ন কৰি ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য প্ৰচেষ্টা আৰম্ভ কৰিছে। বৰ্তমান বিষয়াসকলে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু প্ৰকৃত ক্ষতিৰ পৰিসংখ্যাৰ বাবে অপেক্ষা কৰি আছে। ভূমিকম্পৰ ফলত কেইবাটাও অঞ্চলৰ পথ ছিন্নভিন্ন হৈ পৰে। ভিডিঅ’ত দেখা গৈছে যে বিমানবন্দৰৰ টাৰ্মিনেলৰ ভিতৰত যাত্ৰীসকলে আতংকিত হৈ পলায়ন কৰিছে। কেইবাটাও ভিডিঅ’ত অট্টালিকাৰ বৃহৎ ফাট আৰু ভঙা দেৱাল দেখা গৈছে। বিশেষজ্ঞসকলে জনোৱা মতে, ভূমিকম্পৰ ফলত বহু অঞ্চলৰ গাঁথনিগত ক্ষতিসাধন হৈছে।