ডিব্ৰুগড়ত চৰকাৰে ব্যক্তিগত চিকিৎসালয়ত ডায়েলাইছিছৰ ক’ভাৰ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰোগীৰ তীব্ৰ প্ৰতিবাদ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ১ জুলাইৰ পৰা ব্যক্তিগত তালিকাভুক্ত চিকিৎসালয়সমূহত নগদবিহীন ডায়েলাইছিছ সেৱাৰ ক’ভাৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে শতাধিক ডায়েলাইছিছ ৰোগী, তেওঁলোকৰ আত্মীয়- স্বজন আৰু স্থানীয় লোকে অসম চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্য চৰকাৰৰ এক অধিসূচনাক কেন্দ্ৰ কৰি এই প্ৰতিবাদৰ সূচনা হয়। নতুন নিৰ্দেশনা অনুসৰি, ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানসমূহত আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত দীৰ্ঘম্যাদী হেমোডায়েলাইছিছ, তৎকালীন হেমোডায়েলাইছিছ,স্থায়ী টানেল্ড কেথেটাৰ স্থাপন আৰু পেৰিটোনিয়েল ডায়েলাইছিছৰ সুবিধা বন্ধ কৰা হ’ব। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে এই নীতি পৰিৱৰ্তনৰ ফলত চৰকাৰী চিকিৎসালয় সমূহত ৰোগীৰ অত্যধিক চাপ পৰিব, যিহেতু সেইসমূহত ইমান সংখ্যক ৰোগীক সেৱা আগবঢ়োৱাৰ পৰ্যাপ্ত ব্যৱস্থা নাই। প্ৰতিবাদকাৰীসকলৰ মতে, সমগ্ৰ অঞ্চলটোৰ মুখ্য তৃতীয় স্তৰৰ চিকিৎসা কেন্দ্ৰ অসম চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান মাত্ৰ ১২টা ডায়েলাইছিছ মেচিন আছে। প্ৰতিবাদত অংশগ্ৰহণ কৰা এজন ৰোগীয়ে কয়, “এই সিদ্ধান্তৰ ফলত বহু দৰিদ্ৰ কিডনী ৰোগীয়ে মৃত্যুমুখত পৰিব”। আন এজন প্ৰতিবাদকাৰীয়ে কয় তেওঁৰ কন্যাই সপ্তাহত তিনিবাৰ ডায়েলাইছিছ কৰিবলগীয়া হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আবেদন জনাই কয়, “মোৰ ছোৱালী ডায়েলাইছিছ অবিহনে জীয়াই থাকিব নোৱাৰে। মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰক আৰু আমাৰ সন্তানসকলক জীয়াই ৰখা একমাত্ৰ সহায়টো কাঢ়ি নিব নালাগে”।
