পত্নী গৰিমা গাৰ্গক জুবিন গাৰ্গৰ জমা ধন খৰচৰ বাবে অনুমতি আদালতৰ

পত্নী গৰিমা গাৰ্গক জুবিন গাৰ্গৰ জমা ধন খৰচৰ বাবে অনুমতি আদালতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ সময়ছোৱাত বন্ধ কৰি ৰখা বেংক একাউণ্টসমূহ পুনৰ পৰিচালনা কৰাৰ বাবে পত্নী গৰিমা গাৰ্গক গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমতি প্ৰদান কৰিছে। কণ্ঠশিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে ন্যায়ালয়ে পৰিয়ালৰ প্ৰয়োজনীয় খৰচ আৰু শিল্পীগৰাকীৰ সৈতে জড়িত আনুষংগিক বিষয়সমূহ পৰিচালনা কৰাৰ স্বাৰ্থত এই নিৰ্দেশনা জাৰি কৰে। জীবিত সময়ছোৱাত চকু মুদি সকলোকে বিশ্বাস কৰিছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। সকলোকে বিশ্বাস কৰা জুবিন গাৰ্গৰ সৰলতাৰ সুযোগ লৈ লাখ লাখ টকা লুণ্ঠন কৰিছিল মেনেজাৰ সিদ্ধার্থ শৰ্মাই।  অপ্রত্যাশিতভাবে ছিংগাপুৰৰ মহাসমুদ্ৰৰ বুকুত অকালতে মৃত্যুক সাবটি লোৱা জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এছআইটিৰ তদন্তত বহু কথা পোহৰলৈ আহিছিল যদিও মঙলবাৰে আদালতৰ মজিয়াতে উন্মোচন হ’ল এই ভয়ংকৰ ৰহস্য। অসমৰ ইমুৰৰ পৰা সিমূৰলৈ অনুষ্ঠান পৰিৱেশন কৰাৰ বাদেও দেশে-বিদেশে বিভিন্ন সময়ত অনুষ্ঠান পৰিবেশন কৰিও জুবিন গাৰ্গৰ বেংক একাউণ্টত জমা আছে মাত্র ৯,৬৩,০০০ টকা। ইয়াৰ বিপৰীতে মেনেজাৰ সিদ্ধার্থ শর্মাব একাউণ্টত জমা আছে কোটিৰ ঘৰত ধন। গুৱাহাটী উচ্চ ন্যায়ালয়ত শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ জামিন আবেদনক লৈ হোৱা শুনানিৰ পাছতে এই তথ্য সদৰী কৰিছে চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে। তেওঁ কয় যে এছআইটিয়ে সিদ্ধার্থ শর্মাই কিমান পইচা মাৰিছে তাৰ উপযুক্ত হিচাপ সঠিকভাৱে দিব পৰা নাই বুলি সিদ্ধার্থ শৰ্মাৰ অধিবক্তাই আদালতত যুক্তি দিয়াৰ পাছত আমি সেই যুক্তি উপযুক্ত ৰূপত খণ্ডন কৰিছোঁ। তেওঁ কয় যে জুবিন গাৰ্গৰ একাউণ্টত ন্যূনতম ধন জমা আছে। ইয়াৰ বিপৰীতে তেওঁব কর্মচাৰী সিদ্ধার্থ শর্মাৰ একাউণ্টত কোটি টকাৰো অধিক ধন জমা হৈ আছে। মৃত্যুৰ পূৰ্বে যোৱা বছৰ অসমৰ বিভিন্ন বিহু কমিটীয়ে অনুষ্ঠান পৰিৱেশনৰ বাবদ শিল্পীগৰাকীক আদায় দিয়া ধনৰ পৰা ৩২ লাখ টকা সিদ্ধার্থ শর্মাই হৰলুকী কৰিছিল। এইক্ষেত্রত উদাহৰণ দি তেওঁ কয় যে কোনোবা বিহু কমিটীৰ সৈতে যদি ১০ লাখ টকাৰ অনুষ্ঠান পৰিৱেশনৰ বাবে চুক্তি সম্পন্ন হৈছিল, তাৰ পাছত আদায় দিয়া ধনৰ পৰা মাত্র আঠ লাখ টকাহে জুবিনক পোৱা বুলি সিদ্ধার্থই জনাইছিল। দুই লাখ টকা নিজে আত্মসাৎ কৰিছিল। এয়া এবছৰৰহে হিচাপ। এনেদৰে চালে এই পৰিমাণ আৰু অধিক হ’ব। এছআইটিয়ে বিভিন্ন বিহু কমিটীৰ ভাষ্য সংগ্ৰহ কৰাৰ সময়ত উক্ত কমিটীবোৰে এই তথ্য তেওঁলোকক জনাইছিল। তাৰ ভিত্তিতে এছআইটিয়ে অভিযোগনামাত এই কথাসমূহ উল্লেখ কৰিছিল। উল্লেখ্য যে শিল্পীগৰাকীৰ একাউণ্টত জমা থকা ধন উলিওৱাৰ বাবে পত্নী গৰিমা শইকীয়া গার্গে আদালতত জনোৱা আবেদনৰ ভিত্তিত আদালতে উক্ত বেংক একাউণ্টৰ ধন গৰিমা গার্গক উলিয়াবলৈ অনুমতি প্রদান কৰিছে। ইপিনে, উচ্চ ন্যায়ালয়ত সিদ্ধার্থ শর্মাৰ জামিন আবেদনৰ শুনানি সম্পন্ন হয় যদিও আদালতে ৰায় সংৰক্ষিত কৰি ৰাখিছে বুলি মন্তব্য কৰি চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে কয় যে আদালতে ৰায় সংৰক্ষিত কৰি থৈছে। অহা ২৬ জুনত এই সন্দৰ্ভত ৰায় দিয়াৰ সম্ভাবনা আছে। অৱশ্যে আদালতে নিশ্চিতভাবে কোনোধৰণৰ কথা উল্লেখ কৰা নাই। আনহাতে প্রাণৰ শিল্পীৰ হত্যাৰ বিচাৰ প্রক্রিয়া ফাষ্টট্রেক আদালতত চলি থকাৰ সময়তে অসমৰ বাহিৰৰ আদালতত নিজৰ গোচৰৰ শুনানিৰ বাবে সিদ্ধার্থ শৰ্মাৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। চৰকাৰী লোক অধিবক্তা জিয়াউল কামাবে এই কথা সদৰী কৰি কয় যে কি ভিত্তিত তেওঁলোকে উচ্চতম ন্যায়ালয়ত এই আবেদন কৰিছে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই। আনহাতে,  উচ্চ ন্যায়ালয়ত সম্পন্ন হয় শিল্পীগৰাকীৰ সম্পর্কীয় ভাতৃ সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে অভিযুক্তব পক্ষৰ অধিবক্তাৰ শুনানি লয়। অহা ১৫ জুলাইত পৰৱৰ্তী শুনানিৰ দিন নির্ধাৰণ কৰিছে আদালতে। ১৫ জুলাইৰ ভিতৰত নিম্ন আদালতৰ সকলো তথ্য উচ্চ ন্যায়ালয়ত দাখিলৰ বাবে আদালতে নির্দেশ প্রদান কৰিছে। ইয়াৰ লগতে চৰকাৰী পক্ষৰ শুনানি আদালতে সেইদিনাই ল’ব বুলি জানিব পৰা গৈছে।