অব্যাহত থাকিব ৪ বছৰীয়া স্নাতক পাঠ্যক্রম
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় শিক্ষানীতিৰ নিয়ম অনুসৰি অসমত আৰম্ভ কৰা চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমত চতুৰ্থ বৰ্ষত সৃষ্টি হোৱা আন্তঃগাঁথনি আৰু অৰ্হতাসম্পন্ন শিক্ষকৰ সমস্যা শীঘ্রে সমাধান কৰিব ৰাজ্য চৰকাৰে।ছপুৰৰ জনতা ভৱনত মঙলবাৰে অসমৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সৈতে গুৱাহাটীৰ জনতা ভৱনত সদৌ অসম ছাত্ৰ সন্থাৰ অনুষ্ঠিত এক বৈঠকত স্নাতক পর্যায়ত ছাত্র-ছাত্রীয়ে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই আলোচনা কালত স্নাতক পর্যায়ত ছাত্র-ছাত্রীয়ে সম্মুখীন হোৱা সমস্যা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশৰ পাছত বৈঠকত অধ্যক্ষতা কৰা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সদৰী কয় যে মহাবিদ্যালয়সমূহত চাৰি বছৰীয়া স্নাতক পাঠ্যক্রম অব্যাহত থাকিব। শিক্ষক আৰু আন্তঃগাঁথনিৰ অভাৱো অসম চৰকাৰে দূৰ কৰিব। স্নাতকোত্তৰ পৰ্যায়ৰ বাবে এতিয়াৰ পৰাই পৰিকল্পনা যুগুত কৰি পদক্ষেপ গ্রহণ কৰা হ’ব। উল্লেখ্য যে যোৱা ৩০ মে’ত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমত সৃষ্টি হোৱা অচলাৱস্থাৰ সমাধান বিচাৰি সদৌ অসম ছাত্র সন্থাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মালৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু এই পত্ৰৰ প্ৰত্যুত্তৰত আজি জনতা ভৱনত শিক্ষামন্ত্ৰীৰ অধ্যক্ষতাত ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাকালত সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ সমস্যা, শিক্ষক আৰু আন্তঃগাঁথনিৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৱলী উত্থাপন কৰে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে আলোচনাৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে আলোচনা ইতিবাচক আছিল। আলোচনাৰ স্পষ্ট সিদ্ধান্ত ছাত্র-ছাত্রীসকলে যিখন মহাবিদ্যালয়ত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল, সেই মহাবিদ্যালয়তে চাৰি বছৰীয়া পাঠ্যক্রম সম্পূৰ্ণ কৰিব পাৰিব। শিক্ষকৰ অভাৱ, আন্তঃগাঁথনিৰ অভাৱ আৰু স্পষ্ট নীতি-নির্দেশনাৰ অভাৱে সৃষ্টি কৰা অচলাৱস্থা পৰৱৰ্তী শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পূৰ্বে দূৰ কৰিবলৈ চৰকাৰে ব্যৱস্থা ল’ব। শিক্ষামন্ত্ৰীৰ সৈতে হোৱা আলোচনাত আন কেইবাটাও সিদ্ধান্ত গ্রহণ কৰা হয়। সেই অনুসৰি শিক্ষক নিযুক্তিৰ ক্ষেত্রত মহাবিদ্যালয়সমূহক প্রয়োজন অনুসাৰে অতিথি শিক্ষক অথবা অস্থায়ী শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে অনুমতি প্রদান কৰে। খালী হৈ থকা শিক্ষক পদসমূহ পৰৱৰ্তী শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পূৰ্বে পূৰণ কৰিবলৈ চৰকাৰে পদক্ষেপ গ্রহণ কৰিব। চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম সংযোজনৰ ফলত প্রতিটো বিভাগতে অতিৰিক্ত এটাকৈ বৰ্ষৰ পাঠদান বৃদ্ধি কৰা হয়। তাৰ পৰিপ্ৰেক্ষিতত মহাবিদ্যালয়সমূহৰ প্ৰতিটো বিভাগত ন্যূনতম এটাকৈ শিক্ষক পদ সৃষ্টি কৰিবৰ বাবে ছাত্ৰ সন্থাই দাবী উত্থাপন কৰে। এইক্ষেত্ৰত মহাবিদ্যালয়ৰ প্ৰয়োজনীয়তাৰ তথ্য সংগ্ৰহ কৰি চৰকাৰে ইতিবাচকভাৱে আগবাঢ়িব। বৈঠকত মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন সন্দর্ভতো আলোচনা হয়। সেই অনুসৰি মহাবিদ্যালয়সমূহৰ পৰা আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্রয়োজনীয়তা সন্দর্ভত শিক্ষা বিভাগে তথ্য বিচাৰিছে আৰু ক্ৰমশঃ আন্তঃগাঁথনি নিৰ্মাণ কৰিব। সদ্যহতে নিকটৱৰ্তী মহাবিদ্যালয়সমূহে প্রয়োজনীয়তা অনুসৰি আন্তঃগাঁথনিৰ সা-সুবিধা নিজৰ মাজত আদান-প্রদান কৰিব পাৰিব। প্রয়োজন হ’লে মহাবিদ্যালয়ৰ নিকটৱৰ্তী অঞ্চলত শিক্ষানুষ্ঠান একত্ৰীকৰণৰ ফলত অব্যৱহৃত ৰূপত থকা চৌহদ মহাবিদ্যালয়সমূহে পাঠদানৰ বাবে ব্যৱহাৰ কৰিব। বিজ্ঞান শাখাৰ ক্ষেত্রত ইতিমধ্যে পর্যাপ্ত আন্তঃগাঁথনি থকা মহাবিদ্যালয়ৰ উপৰি স্নাতক ডিগ্রী (Honours with Research)ৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ প্রথম পৰ্যায়ত প্ৰতিখন জিলাৰ একোখন মহাবিদ্যালয়ক প্রয়োজনীয় আন্তঃগাঁথনি প্রদান কৰিব। জিলাখনৰ আন মহাবিদ্যালয়সমূহেও সেই আন্তঃগাঁথনি গ্ৰহণ কৰিব পাৰিব। স্নাতক ডিগ্রী (honours with research) পাঠ্যক্ৰমৰ বাবে মহাবিদ্যালয়ৰ পি এইচ ডি ডিগ্রীধাৰী শিক্ষকসকলক নিৰ্ধাৰিত যোগ্যতাৰ আধাৰত স্নাতক পর্যায়ত ৰিছাৰ্চ গাইড হিচাপে সেৱা আগবঢ়াবলৈ অনুমতি প্রদান কৰিব। পৰৱৰ্তী শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পূৰ্বে অসমৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে শিক্ষামন্ত্রী আলোচনাত মিলিত হৈ স্পষ্ট নীতি নির্ধাৰণ কৰিব। আছুৰ সভাপতিগৰাকীয়ে লগতে কয়, ‘‘ছাত্ৰ সন্থাৰ স্পষ্ট মত যে নীতি যিয়েই নহওক মহাবিদ্যালয়সমূহত বর্তমান স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে অসমৰ বিশ্ববিদ্যালয়সমূহত বর্তমান উপলব্ধ স্নাতকোত্তৰ শ্ৰেণীৰ আসনৰ সংখ্যা কোনো কাৰণত হ্ৰাস হ’ব নোৱাৰিব । পৰৱৰ্তী আলোচনাত প্রাক-প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ, কাৰিকৰী-অকাৰিকৰী সকলো সামৰি শৈক্ষিক বিষয়সমূহৰ সন্দৰ্ভত পৰৱৰ্তীকালত শিক্ষামন্ত্ৰীৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ এক আলোচনা অনুষ্ঠিত হ’ব ।’’
