ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ কিয়েৰ ষ্টাৰমাৰৰ পদত্যাগ

Pc Daily Pioneer

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ কিয়েৰ ষ্টাৰমাৰৰ পদত্যাগ

ৰঙিলী বাৰ্ত্তাসেৱা-  সোমবাৰে ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰে আনুষ্ঠানিকভাবে পদত্যাগ ঘোষণা কৰে। ষ্টাৰমাৰে কয়, “মই মোৰ অতি প্রিয় দেশখনৰ মংগলৰ বাবেই প্ৰতিটো সিদ্ধান্ত লৈছিলোঁ, আৰু সেই কাৰণেই মই এই পদৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছোঁ।” অৱশ্যে নতুন প্রধানমন্ত্রী নির্বাচিত নোহোৱালৈকে তেওঁ কার্যবাহী প্রধানমন্ত্রী হিচাপে দায়িত্ব পালন কৰি যাব। লেবাৰ পাৰ্টীৰ ভিতৰত বাঢ়ি অহা চাপৰ মাজতে আগতেই অনুমান কৰা হৈছিল যে তেওঁ সোমবাৰে পদত্যাগ ঘোষণা কৰিব। মাত্ৰ দুবছৰ পূৰ্বে ষ্টাৰমাৰৰ নেতৃত্বত লেবাৰ পাৰ্টীয়ে ১৭৪খন আসন লাভ কৰি বৃহৎ বিজয় সাব্যস্ত কৰিছিল। সেই বিজয়ক দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰত্যাৱৰ্তন হিচাপে ধৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত একাধিক বিতর্ক আৰু নীতিগত পৰিৱৰ্তনৰ বাবে তেওঁৰ নেতৃত্ব নিৰন্তৰ চাপৰ সন্মুখীন হৈছিল। বিশেষকৈ বৃদ্ধসকলৰ শীতকালীন ইন্ধন সহায়ক পেমেন্ট সম্পর্কীয় সিদ্ধান্ত আৰু পিটাৰ মেণ্ডেলছনক ৱাশ্বিংটনত ব্রিটেইনৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়াক কেন্দ্র কৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। এই ঘটনাসমূহে তেওঁৰ নেতৃত্বৰ সক্ষমতাক লৈ প্রশ্ন উত্থাপন কৰাৰ লগতে দলৰ ভিতৰত অসন্তোষ বৃদ্ধি কৰিছিল। সাম্প্রতিক জনমত সমীক্ষাত লেবাৰ পাৰ্টীৰ জনসমর্থন হ্রাস পোৱাৰ লগতে ষ্টাৰমাৰৰ ব্যক্তিগত জনপ্রিয়তাও নিম্নগামী হৈছিল। দলৰ একাধিক সাংসদে সতর্কবাণী উচ্চাৰণ কৰি কৈছিল যে নেতৃত্বত পৰিৱৰ্তন নানিলে আগন্তুক নিৰ্বাচনত লেবাৰ পার্টীয়ে বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব পাৰে আৰু ‘ৰিফৰ্ম ইউকে’ৰ নেতা নাইজেল ফাৰাজৰ ক্ষমতালাভৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এই পৰিস্থিতিৰ ফলতেই দলৰ ভিতৰত নেতৃত্ব পৰিৱৰ্তনৰ দাবী জোৰদাৰ হৈছিল। কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ পিছত ব্রিটেইনৰ নতুন প্রধানমন্ত্রী পদৰ দৌৰত লেবাৰ পাৰ্টীৰ নেতা এণ্ডি বার্নহামক সর্বাধিক শক্তিশালী দাবীদাৰ হিচাপে দেখা গৈছে।তেওঁৰ বিদায়ৰ লগে লগে ব্রিটেইনত ১০ বছৰৰ ভিতৰত ষষ্ঠ প্রধানমন্ত্রীয়ে কার্যকালৰ আধাতে কৰিলে পদত্যাগ। বিগত সময়ত ব্রেক্সিট গণভোটৰ পিছতে ডেভিড কেমেৰনেৰ পদত্যাগ কৰিছিল। ব্রেক্সিট চুক্তি কার্যকৰী কৰাত ব্যৰ্থ হৈ থেৰেছা মেক্সই দিছিল ইস্তফা। পিছত বৰিছ জনছনেও পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। কনজাৰভেটিভ পার্টিৰ নেত্রী লিজ ট্রাছে মাত্র ৪৪ দিন শাসন কৰি পদত্যাগ কৰিবলগীয়া হৈছিল। তাৰ পিছতে ভাৰতীয় মূলৰ ঋষি সুনাকে ২০ মাহ প্রধানমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰিলে যদিও ২০২৪ চনৰ নিৰ্বাচনত কনজাৰভেটিভ পার্টি পৰাজিত হ’ল। সম্প্রতি লেবাৰ পার্টিয়ে ষ্টাৰমাৰৰ পৰৱৰ্তী উত্তৰাধিকাৰী নিৰ্বাচন কৰিবলৈ প্রক্রিয়া আৰম্ভ কৰিছে।