ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- ১৪ জুলাইৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন এদিনীয়া শৃংখলাৰ বাবে ১৫জনীয়া ভাৰতীয় দলটো ঘোষণা কৰে বিচিচিআয়ে। শুভমন গিলৰ নেতৃত্বত ঘোষিত দলটোত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। জ্যেষ্ঠ বেটাৰ ৰোহিত শৰ্মাৰ লগতে দলত স্থান লাভ কৰিছে বিৰাট কোহলিয়ে। অৱশ্যে কিং কোহলিক ফিটনেছৰ ওপৰত ভিত্তি কৰি মূল দলত স্থান দিয়া হ’ব। আঘাতৰ সমস্যাৰ বাবে দলৰ বাহিৰত থকা কোহলিয়ে ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে কঠোৰ ফিটনেছ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। ইফালে, দীৰ্ঘ বিৰতিৰ পিছত যশপ্রীত বুমৰাহৰ অন্তর্ভুক্তিয়ে দলটোক শক্তিশালী কৰিছে। ঘোষণা কৰা ভাৰতীয় দলটো হ’ল- শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলি, শ্রেয়াছ আয়াৰ (সহঃ অধিনায়ক), কে এল ৰাহুল (উইকেটকীপাৰ), ঈশান কিষাণ (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, কুলদীপ যাদৱ, যশপ্রীত বুমৰাহ, প্রসিদ্ধ কৃষ্ণ, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং আৰু গুৰনুৰ ব্ৰাৰ।
