দ্বাদশসংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গুৱাহাটীত মুখ্যমন্ত্রী ড° শর্মা আৰু বিত্তমন্ত্রী সীতাৰমণৰ যোগাভ্যাস 

দ্বাদশসংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গুৱাহাটীত মুখ্যমন্ত্রী ড° শর্মা আৰু বিত্তমন্ত্রী সীতাৰমণৰ যোগাভ্যাস 

ৰঙিলী বাৰ্ত্তাসেৱা- দ্বাদশসংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্রধানমন্ত্রী মোদীসহ দেশৰ সৰ্বস্তৰৰ নেতা-কর্মী-জনতাই বিস্তৃতভাৱে যোগ সাধনা আৰু যোগাভ্যাস কৰে। অসমত কেন্দ্রীয়ভাৱে উজানবজাৰস্থিত ব্ৰহ্মপুত্র ৰিভাৰ ফ্ৰণ্ট পাৰ্কত ৰাষ্ট্ৰীয় আয়ুস অভিযান আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ যৌথ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ কেবিনেটৰ দুই সতীর্থ অজন্তা নেওগ আৰু অশোক সিংহলসহ বহু লোকে যোগাভ্যাস কৰে। উল্লেখ্য যে দ্বাদশসংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ৰাজ্যৰ ৩৫ লাখ লোকে একে সময়তে যোগাভ্যাসত অংশ লয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উজানবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পার্কত সম্পন্ন যোগাভ্যাসত অংশগ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই কথা প্রকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দ্বাদশসংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাজ্যৰ সৰ্বস্তৰৰ লোকলৈ শুভেচ্ছা জ্ঞাপন কৰে।

মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰে যে গুৱাহাটীৰ নদীপাৰ সতী ৰাধিকা উদ্যানত আয়োজিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ সৈতে অংশগ্ৰহণ কৰি সমৃদ্ধ হ’লোঁ। সুস্থ বাৰ্ধক্যৰ বাবে যোগ-এইবাৰৰ যোগ দিৱসৰ মূল বিষয়বস্তু। যোগাভ্যাসে আমাৰ মনলৈ শান্তি, শৰীৰলৈ শক্তি আৰু জীৱনলৈ ইতিবাচকতা কঢ়িয়াই আনে। হাজাৰ বছৰৰ প্ৰাচীন ভাৰতীয় সভ্যতাৰ এই অমূল্য সাধনাত আজি বিশ্বজুৰি বিস্তাৰ কৰিবলৈ সক্ষম হোৱাটো সঁচাকৈয়ে আমাৰ বাবে গৌৰৱৰ বিষয়। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ১২ বছৰীয়া যাত্ৰাৰ এই বিশেষ ক্ষণত আমি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যাৰ দূৰদৰ্শী নেতৃত্বত যোগ আজি এক বিশ্বব্যাপী জন আন্দোলনলৈ ৰূপান্তৰ হৈছে। আনন্দৰ বিষয় যে আজি একে সময়তে অসমৰ ২৩,৪৯৮ গাঁৱৰ ৩৭,৩৮৩টা স্থানত যোগ অনুষ্ঠান আয়োজন কৰা হৈছে। আত্মসহায়ক গোটৰ ৩২ লাখৰো অধিক সদস্যাৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে উৎসাহেৰে যোগ দিৱসত অংশগ্ৰহণ কৰি সুস্থ জীৱনশৈলী আৰু সমন্বয়ৰ এক শক্তিশালী বার্তা প্ৰেৰণ কৰিছে।