ক’ভাৰ সংগীত ‘গানে কি আনে (GAANE Ki AANE)’ ইউটিউবত মুক্তি

ক’ভাৰ সংগীত ‘গানে কি আনে (GAANE Ki AANE)’ ইউটিউবত মুক্তি

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- সংগীতপ্ৰেমীসকলৰ বাবে এটি সুখবৰ। ২১ জুনত ক’ভাৰ সংগীত ‘গানে কি আনে (GAANE Ki AANE)’ ইউটিউব চেনেল ‘Srishti Sonic’ ত মুক্তি লাভ কৰিছে । গীতটিত সৃষ্টি (জুলিকা) বৰফুকনে কণ্ঠদান কৰিছে । গীতটোৰ কাৰাওকে সংগীত পুনৰ-ব্যৱস্থাপনা কবিন্দ্ৰ দাসে কৰিছে আৰু উদ্দীপ্ত শৰ্মাই সহযোগিতা আগবঢ়াইছে । গীতটোৰ বাদ্যযন্ত্ৰ সংগত কৰিছে উদ্দীপ্ত শৰ্মা আৰু কবিন্দ্ৰ দাসে । এসময়ত যোৰহাট জে বি মহাবিদ্যালয়ৰ  মহিলা শাখাৰ শ্ৰেষ্ঠ গায়িকা হিচাপে পৰিচিত সৃষ্টি আন্তঃমহাবিদ্যালয় পৰ্যায়তো সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ এগৰাকী আইনৰ স্নাতক। ‘মনময়ূৰী’, ‘সপোনৰ মৰমী’, ‘সোণাৰু ’৯৯’  আদি বিহুগীত আৰু ‘যাদু’, ‘কিয় অঞ্জলী’ আদি শ্ৰব্য কেছেটৰ জৰিয়তে ইতিমধ্যে শ্ৰোতাৰ মাজত নিজস্ব স্থান গঢ়ি তুলিছে।  সংগীত বিশাৰদ সৃষ্টিয়ে বৰগীত’ৰ চৰ্চাও অব্যাহত ৰাখিছে। যোৰহাট এফ এম ৰেডিঅ’ৰ  যোগেদি তেওঁৰ বহুকেইটা গীত সম্প্ৰচাৰ হোৱাৰ উপৰিও বিভিন্ন চেটেলাইট চেনেলত অনুষ্ঠান সম্প্ৰচাৰ হৈছে। পূৰ্বতে জুবিন গাৰ্গৰ সৈতে  কণ্ঠদান কৰা ‘তুমি কোন দূৰণিৰ’ গীতটোৰ জৰিয়তে সমাদৰ লাভ কৰা সৃষ্টি বৰফুকনৰ একক কণ্ঠত ‘শৰতৰ পদূলিত’ শীৰ্ষক এটি  গীতও মুক্তি লাভ কৰিছে।

https://www.youtube.com/watch?v=W57Weec5D1Q