অসমক শান্তিপূৰ্ণ ৰাজ্য হিচাপে গণ্য ইউৰোপীয়ান ইউনিয়নৰ

অসমক শান্তিপূৰ্ণ ৰাজ্য হিচাপে গণ্য ইউৰোপীয়ান ইউনিয়নৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমবাসীৰ বাবে এক সুখবৰ। ইউৰোপীয় ইউনিয়নে অসমৰ ক্ষেত্ৰত থকা প্রতিবন্ধকতা প্রত্যাহাৰ কৰিলে। এতিয়াৰে পৰাই ইউৰোপৰ ২৭খন দেশৰ পৰ্যটক অসমলৈ অহাত কোনো বাধা নাথাকিব। অসমক এখন শান্তিপূর্ণ ৰাজ্য হিচাপে গণ্য কৰি ইউৰোপীয় ইউনিয়নে গ্রহণ কৰা এই সিদ্ধান্তৰ কথা সদৰী কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। পূৰ্বে জাপান আৰু অষ্ট্ৰেলিয়াই প্ৰত্যাহাৰ কৰিছিল প্ৰতিবন্ধকতা ।  ফেচবুক লাইভযোগে ৰাজ্যবাসীক এই সুখবৰ প্ৰদান কৰি মুখ্যমন্ত্রীয়ে কয়, এটা ভাল খবৰ আমাৰ ৰাজ্যখনলৈ আহিছে। ইউৰোপীয়ান ইউনিয়নৰ এম্বেচাদৰ হাৰ্ভে ডেলফিন কিছুদিন পূৰ্বে গুৱাহাটীলৈ আহিছিল আৰু আজি তেওঁ অসম চৰকাৰৰ মুখ্য সচিবক এটা বাৰ্তা প্ৰেৰণ কৰিছে । ইমান দিনে ইউৰোপীয়ান ইউনিয়নে তেওঁলোকৰ দেশৰ পৰ্যটকসকলক অসমলৈ আহিবৰ বাবে বাধা প্ৰদান কৰিছিল । তেওঁ লগতে কয়,অসম এখন অশান্ত জৰ্জৰিত ৰাজ্য আৰু তাতে পৰ্যটকসকল নোযোৱা ভাল আৰু গ’লেও যথেষ্ট সতৰ্ক হৈ থকাৰ প্ৰয়োজন । আজি পুৱা আমাৰ মুখ্য সচিবক ইউৰোপীয়ান ইউনিয়নৰ ভাৰতত থকা এম্বেচাদৰে জনাই যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তেওঁলোকে অসম ভ্ৰমণৰ ক্ষেত্রত তেওঁলোকৰ নাগৰিকসকলকৰ থকা প্ৰতিবন্ধকতা কালিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে । ইউৰোপীয়ান ইউনিয়ন বুলি ক’লে বিশ্বৰ ২৭খন দেশৰ এটা গোটক বুজি পাওঁ ।  উল্লেখ্য যে বিদ্রোহী সংগঠনৰ কাৰ্যকলাপৰ বাবে অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহ ভ্ৰমণৰ ক্ষেত্ৰত ইউৰোপিয়ান ইউনিয়নৰ ২৭খন ৰাষ্ট্ৰ ক্ৰমে- অষ্ট্ৰিয়া, বেলজিয়াম, বুলগেৰিয়া, ক্ৰ’বেচিয়া, ডেনমার্ক, চেক ৰিপাব্লিক, এষ্ট’নিয়া, ফিনলেণ্ড, ফ্রান্স, জার্মানী, গ্ৰীচ, হাংগেৰী, আয়াৰলেণ্ড, ইটালী, লাটভিয়া, লিথুনিয়া, মাল্টা, নেদাৰলেণ্ড, পোলেণ্ড, পর্তুগাল, ৰোমানিয়া, শ্ল’ভাকিয়া, শ্ল’ভেনিয়া, স্পেইন, ছুইডেন, ছাইপ্ৰাছ আৰু লাক্সেমবার্গৰ নাগৰিকসকলক অসম ভ্ৰমণৰ ক্ষেত্ৰত প্রতিবন্ধকতা জাৰি কৰা হৈছিল। এই দেশকেইখনৰ লগতে আমেৰিকা, কানাডা আৰু গ্রেট ব্রিটেইনৰ নাগৰিককো অসম ভ্ৰমণৰ ক্ষেত্ৰত জাৰি কৰা হৈছে প্রতিবন্ধকতা। এনে প্রতিবন্ধকতাই অসমৰ পৰ্যটন উদ্যোগলৈ নমাই আনিছে নিৰাশা। তেওঁ কয়, এতিয়াৰ পৰা এই ২৭খন দেশৰ নাগৰিকে অসম ভ্ৰমণৰ ক্ষেত্রত থকা প্ৰতিবন্ধকতা আঁতৰিল । অৱশ্যে অশান্ত অঞ্চল আইন এতিয়াও প্ৰযোজ্য হৈ থকা চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ক্ষেত্রত তেওঁলোকে প্ৰতিবন্ধকতা আঁতৰ কৰা নাই । কাৰণ তাত সমাৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন এতিয়াও আছে। এডভান্টেজ আছামৰ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, এডভান্টেজ আছাম-২.০ৰ সময়ত বিভিন্ন ৰাষ্ট্ৰৰ দূতাৱাসসমূহৰ সৈতে যোগাযোগ কৰি অৱগত কৰা হৈছিল যে অসম এতিয়া যথেষ্ট শান্ত, ৰাজ্যখনৰ পৰিৱেশ যথেষ্ট ভাল, গতিকে আপোনালোকৰ পৰ্যটকসকলক এতিয়া আমাৰ ৰাজ্যলৈ আহিবলৈ অনুমতি দিব পাৰে। সেই সময়তে অসমৰ অনুৰোধ ৰক্ষা কৰি অষ্ট্ৰেলিয়া আৰু জাপানে অসম ভ্রমণত তেওঁলোকৰ নাগৰিকৰ ওপৰত থকা প্রতিবন্ধকতা প্ৰত্যাহাৰ কৰিছিল। কিন্তু ইউৰোপিয়ান ইউনিয়নে এই প্রতিবন্ধকতা প্রত্যাহাৰ নকৰাৰ বাবে সমগ্ৰ ইউৰোপৰ পৰ্যটকসকল অসমলৈ আহিব পৰা নাছিল। বহু প্ৰচেষ্টাৰ মূৰত অসমে আৰু এটা সফলতা লাভ কৰিলে। এতিয়া ইউৰোপিয়ান ইউনিয়নৰ অন্তৰ্গত ২৭খন ৰাষ্ট্ৰৰ নাগৰিকসকলে অসমলৈ পৰ্যটনৰ বাবে আহিব পাৰিব। ৰাজ্যখনৰ প্ৰাকৃতিক প্রাচুর্য উপভোগ কৰাৰ লগতে এই পর্যটকসকলে কাজিৰঙা, মানস, শিৱসাগৰ, যোৰহাট, কোকৰাঝাৰ, বৰাক উপত্যকাত সকলোতে তেওঁলোকে যাব পাৰিব। আমাৰ বাবে ই এক আনন্দৰ দিন। কাৰণ বিদেশী ৰাষ্ট্ৰই যেতিয়া এখন ৰাজ্যক অশান্তজৰ্জৰ বুলি কয়, সেই ৰাজ্যখনত বিনিয়োগ, পর্যটন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ক’ব নোৱাৰাকৈ ৰাজ্যখনে আর্থিক লোকচানৰ সন্মুখীন হয়। ইউৰোপিয়ান ইউনিয়নে এই প্রতিবন্ধকতা দূৰ কৰাৰ লগে লগে আনুষ্ঠানিকভাৱে আমি এখন প্রমাণ-পত্র লাভ কৰিলোঁ। ইয়াৰ দ্বাৰা প্ৰমাণ হ’ল যে অসম এতিয়া অশান্তজৰ্জৰ ৰাজ্য নহয় আৰু বিদেশী ৰাষ্ট্ৰৰ নাগৰিকসকল অসমলৈ আহিব পাৰে, থাকিব পাৰে। এই সিদ্ধান্তটোৰ ফলত আমি যথেষ্ট লাভৱান্বিত হ’ম। ফেচবুক লাইভৰ মূল উদ্দেশ্য এয়াই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- এই সিদ্ধান্তৰ ফলত অসমলৈ পৰ্যটনৰ সোঁত ব’ব। পৰ্যটনৰ এনে সোঁতৰ বাবেই ৰাজ্যত বিদেশী পর্যটক বা দেশীয় পর্যটকক থাকিবলৈ বা আতিথ্য দিবলৈ বহু ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব। যদিও অসমত কেইবাখনো পঞ্চতাৰকাযুক্ত হোটেল আছে, ইউৰোপিয়ান পর্যটকসকলে পঞ্চতাৰকা হোটেলত থাকিব নিবিচাৰে। তেওঁলোকৰ জীৱনশৈলী আৰম্ভণিৰে পৰা পঞ্চতাৰকা হোটেলৰ সুবিধাৰ লগত সংপৃক্ত হৈ থকাৰ বাবেই হোটেলৰ পৰিৱৰ্তে প্ৰাকৃতিক পৰিৱেশত পর্যটকসকলে থাকিবলৈ বেছি ইচ্ছা প্রকাশ কৰে। সেয়েহে আমাৰ সময় হৈছে বিদেশী ৰাষ্ট্ৰসমূহে আমাৰ ওপৰত থকা প্ৰতিবন্ধকতা প্রত্যাহাৰ কৰাৰ পাছত হোমষ্টেৰ পৰিকল্পনা কৰা, সময় হৈছে আমি প্ৰকৃতিৰ লগত জড়িত গ্ৰাম্য জীৱনৰ জুপুৰিৰ দৰে থকাৰ ব্যৱস্থা কৰা, প্ৰকৃতিৰ লগত জড়িত কেম্প প্রস্তুত কৰা আৰু ৰাজ্যখনৰ জাতি-জনগোষ্ঠীৰ বিভিন্ন খাদ্যসম্ভাৰসমূহ বিদেশী পর্যটকসকলৰ বাবে উলিয়াই দিয়া। এই সুবিধাসমূহ তথা অসমৰ খাদ্যসম্ভাৰসমূহৰ বিষয়ে বিদেশী পর্যটকসকলে তেতিয়াহে গম পাব, যেতিয়া সামাজিক মাধ্যমযোগে আমি আমাৰ অঞ্চলৰ বিষয়ে প্রকাশ কৰিম। মুখ্যমন্ত্ৰীয়ে কয়-ইয়াৰ বাবে পর্যটন বিভাগক নির্দেশ দিয়া হ’ব যাতে খুব সকলো হোমষ্টে পঞ্জীয়নভুক্ত হয় আৰু এটা ৱেবছাইটৰ জৰিয়তে সমগ্র ৰাজ্যৰ হোমষ্টেসমূহ যাতে বুকিং কৰিব পৰা যায়। বিদেশী পর্যটকে যাতে ছিংগল উইণ্ডৰ জৰিয়তে অসমৰ যিকোনো পৰ্যটনস্থলীৰ বিষয়ে তথ্য লাভকৰিব পাৰে। মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে ইউৰোপিয়ান – ইউনিয়নৰ দৃষ্টিত অসম শান্ত ৰাজ্য হোৱাৰ পিছত এইবাৰ আমেৰিকা-কানাডাৰ সৈতে কথা পাতিব অসম চৰকাৰে। আমেৰিকা-কানাডাই জাৰি কৰা প্রতিবন্ধকতা প্ৰত্যাহাৰৰ বাবে আলোচনা চলি আছে। তদুপৰি গ্রেট ব্রিটেইনৰ সৈতেও প্রতিবন্ধকতা আঁতৰোৱাৰ বাবে আলোচনা চলি থাকিব।