বন্ধ নহয় ৩০তকৈ কম ছাত্ৰ-ছাত্ৰী থকা সকলো প্রাথমিক বিদ্যালয়ঃশিক্ষামন্ত্ৰী ডাঃ পেগু

বন্ধ নহয় ৩০তকৈ কম ছাত্ৰ-ছাত্ৰী থকা সকলো প্রাথমিক বিদ্যালয়ঃশিক্ষামন্ত্ৰী ডাঃ পেগু

ৰঙিলী বাৰ্ত্তাসেৱা- বন্ধ নহয় ৩০জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা সকলো প্রাথমিক বিদ্যালয়। শেহতীয়াকৈ যিসমূহ প্রাথমিক বিদ্যালয়ত ৩০জনতকৈ কম শিক্ষার্থী আছে তেনে বিদ্যালয় বন্ধ কৰি দিয়া হ’ব বুলি ব্যাপক চর্চা চলিছিল যদিও এই চর্চাক নস্যাৎ কৰি সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিষয়টো সন্দর্ভত কয়- ১ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত ৩০ জনতকৈ কম ছাত্র-ছাত্রী থকা যদি তিনিখন প্রাথমিক বিদ্যালয় আছে, তেতিয়া তিনিওখন একত্ৰীকৰণ কৰি এখন কৰা হ’ব। কলাক্ষেত্রত কার্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰীগৰাকীয়ে এই প্রসংগত কয়- ৩০জনতকৈ কম ছাত্র-ছাত্রী থকা বিদ্যালয় বন্ধ হ’ব বুলি যি প্ৰচাৰ চলিছে, এয়া সম্পূর্ণৰূপে ভিত্তিহীন তথ্য। দৰাচলতে এনে বিদ্যালয়সমূহ জৰীপ কৰিবলৈহে দিয়া হৈছে। ৩০জনতকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহত জৰীপ চলাই কোনসমূহ বিদ্যালয় বহনক্ষম আৰু বহনক্ষম নহয় তাক জৰীপৰ জৰিয়তে বাছি উলিওৱা হ’ব। আনহাতে ১ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত যদি ৩০ জনতকৈ কম শিক্ষার্থী থকা তিনিখন প্রাথমিক বিদ্যালয় আছে, তেন্তে ইয়াক একত্রীকৰণ কৰিব লাগিব। গতিকে ৩০জনতকৈ কম শিক্ষার্থী থকা প্রতিখন প্রাথমিক বিদ্যালয় বন্ধ নহয়। ইয়াৰে ভিতৰত যিসমূহ বিদ্যালয় একত্রীকৰণৰ প্ৰয়োজন, তেনে বিদ্যালয়হে আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰা হ’ব। এটা কেম্পাছৰ ভিতৰতে দুখনকৈ চলি থকা বিদ্যালয়, ২০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত থকা দুখনকৈ প্রাথমিক বিদ্যালয় একত্ৰীকৰণ কৰা হ’ব। কিন্তু এই পৰিসীমাৰ ভিতৰত যদি এখনেই বিদ্যালয় থাকে তাক তুলি নি আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰা নহয়। ইয়াৰ পৰিৱৰ্তে বিদ্যালয়খনৰ বহনক্ষম ক্ষমতা বৃদ্ধি কৰা হ’ব। ইফালে পাহাৰত থকা শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে সুখবৰ প্ৰকাশ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে পাহাৰত শিক্ষকতা কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে নিৰ্মাণ কৰা হ’ব কোৱাৰ্টাৰ বা হোষ্টেল। শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত বহু অঞ্চল পাহাৰীয়া আৰু দুর্গম। এই অঞ্চলত মূলতঃ কার্বি লোকসকলে বসবাস কৰে। ইয়াত থকা বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকৰো বহু সমস্যা আছে। বিশেষকৈ বহু শিক্ষকে দুর্গম অঞ্চললৈ আহিবলগা হোৱা হেতুকে বিদ্যালয়লৈ নাহে। এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষক-শিক্ষয়িত্ৰী গাঁওসমূহত থাকি বিদ্যালয়ত শিক্ষকতা কৰাৰ সুবিধা গঢ়ি তুলিবলৈ হোষ্টেল অথবা কোৱাৰ্টাৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰ ফলত শিক্ষাৰ্থীসকল শিক্ষকৰ পৰা বঞ্চিত হ’বলগা নহয়। ইয়াৰ বাবে নৱগঠিত উন্নয়ন পৰিষদসমূহে বিশেষ ব্যৱস্থা ল’ব লাগে বুলিও আজি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।