অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী ডাঃ হাব্বে টেৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ’ব। বাজেট অধিৱেশনৰ প্ৰাক্ক্ষণত মুখ্যমন্ত্রীয়ে ঘোষণা কৰিলে বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থীৰ নাম। ষষ্ঠদশ বিধানসভা অধিৱেশনৰ প্রাকৃমুহূৰ্তত ৰাজ্যৰ বিধানসভাৰ উপাধ্যক্ষ পদটোৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ আমৰি (অনুসূচিত জনজাতি) বিধানসভাৰ নৱনিৰ্বাচিত বিধায়ক ডাঃ হাব্বে টেৰণক নির্বাচিত কৰা হৈছে। উল্লেখ্য যে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই হাব্বে টেৰণৰ নাম উপাধ্যক্ষ পদৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰে। মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত এই সন্দৰ্ভত এইবুলি উল্লেখ কৰিছে- ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে আমাৰ প্রার্থী হ’ব আমৰি (অনুসূচিত জনজাতি) পার্বত্যৰ বিধায়ক ডাঃ হাব্বে টেৰণ। এজন চিকিৎসা পেছাদাৰী আৰু নৱগঠিত আমৰি সমষ্টিৰ প্ৰথম নির্বাচিত প্রতিনিধি ডাঃ টেৰণে আমাৰ জনজাতীয় সম্প্ৰদায়ৰ আকাংক্ষাক প্রতিনিধিত্ব কৰাৰ লগতে বিধানসভাত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কণ্ঠস্বৰক অধিক শক্তিশালী কৰিব।
