গণেশগুৰিৰ উৰণ সেতুৰ তলত নতুন ৰূপত জিলিকিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
ৰঙিলী বাৰ্ত্তাসেৱা- কেৱল অসম আৰু অসমীয়াৰ বাবেই ওৰেটো জীৱন উৎসৰ্গা কৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি কায়িকভাৱে নাই যদিও প্রতিজন অসমীয়াৰ হৃদয়ৰ মাজত আছে। জীবিত জুবিনতকৈ মৃত জুবিন অধিক প্রাসংগিক হৈ পৰিছে অসম আৰু অসমীয়াৰ বাবে। গণেশগুৰি উৰণ সেতুত অংকিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি দিয়াক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হয়। উল্লেখ্য যে একাংশ কাণ্ডজ্ঞানহীন কৰ্মীয়ে মহানগৰীৰ বিভিন্ন প্রান্তক চিকুণাই তোলাৰ নামত গণেশগুৰিৰ উৰণ সেতুৰ খুঁটাত অংকিত প্ৰাণৰ শিল্পীৰ প্ৰতিচ্ছবিখন মচি পেলাইছিল। নিমিষতে এই ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগতে ছবিখন অংকন কৰা শিল্পী মার্শ্বেল বৰুৱাই আৱেগিকভাৱে ফেচবুকত পোষ্ট কৰি ছবিখন বৃহস্পতিবাৰে পুনৰ অংকন কৰাৰ ঘোষণা কৰিছিল। বৃহস্পতিবাৰে বিয়লি ৪ বজাত গণেশগুৰিৰ উৰণ সেতুৰ তলত ৰাইজক সমৱেত হোৱাৰ আহ্বান জনাই শিল্পী বৰুৱাই ছবিখন ৰাইজৰ উপস্থিতিত অংকন কৰাৰ ঘোষণা কৰিছিল। সেইমর্মে বিয়লি প্রায় ৪.২০ বজাত শিল্পীগৰাকীয়ে গণেশগুৰিত উপস্থিত হৈ কাণ্ডজ্ঞানহীন কর্মীসকলে মচি পেলোৱা ছবিখন আন কেইবাগৰাকীও সহযোগী শিল্পীৰ সহযোগত পুনৰ অংকন কৰে। মন কৰিবলগীয়া যে ছবিখন মচি পেলোৱাক লৈ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী ড° পামী বৰঠাকুৰে সামাজিক মাধ্যমযোগে এই কর্মকাণ্ডৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিছিল। ইয়াৰ পাছতে বহুসংখ্যক জুবিন অনুৰাগীয়েও এই কাণ্ডত ক্ষোভ প্রকাশ কৰি চৰকাৰক ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছিল। শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে এই ছবি অংকন কৰিছিল শিল্পী মার্শ্বেল বৰুৱাই। কাণ্ডজ্ঞানহীন একাংশ লোকে ছবিখনৰ গুৰুত্ব উপলব্ধি নকৰাকৈয়ে মচি পেলোৱাক লৈ আৱেগিক হৈ পৰা শিল্পী বৰুৱাই জনসমাগমক লৈ কয় যে ইমান মানুহ ওলাই আহিব বুলি ভবা নাছিলোঁ। আজি ভিৰ বহুত বেছি হোৱা বাবে ছবিখন আঁকিবলৈ কিছু অসুবিধা হৈছে। আজি থূলমূলকৈ ছবিখন আঁকিলোঁ যদিও পৰৱৰ্তী সময়ত ভালদৰে ছবিখন আঁকিম। লক্ষণীয় যে প্রিয় শিল্পীগৰাকীৰ ছবিখন মচি পেলোৱাক লৈ আজি একপ্ৰকাৰ উত্তাল হৈ পৰে গণেশগুৰি। বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন অনুৰাগীয়ে জয় জুবিনদা ধ্বনিৰে গণেশগুৰি কঁপাই তোলাৰ পাছত জি এছ ৰোড, ৰাধাগোবিন্দ বৰুৱা পথ, দিছপুৰ-কছাৰীবস্তি সংযোগী পথ আৰু গণেশগুৰি-ছুপাৰ মার্কেট সংযোগী পথত বহু সময়লৈকে তীব্র যান-জঁটৰ সৃষ্টি হয়। কেইবাঘণ্টাৰ মূৰকতহে যান-বাহন আৰক্ষীয়ে এই যান-জট মুকলি কৰিবলৈ সক্ষম হয়।
