লিমাৰিক
ৰশ্মি গগৈ,টেঙাখাত,ডিব্ৰুগড়
(১)
লিখিছিলো কবিতা বুলি হ’ল স্তৱক,
সকলোৱে হাঁহে মোক কয় যে বুৰ্বক,
বুৰ্বক হ’লেও হলো,
কিবাটো এটা লিখিলো,
কোনেও নেলাগে কান্দিব সেই হাঁহক।
(২)
সময়বোৰ যেন নাযায় নুপুৱায়,
আঁক বাঁক কৰোঁতে সময়বোৰ যায়,
পেঞ্চনাৰৰ জীৱন,
ৰস নাই আস্বাদন,
মোবাইলটো নহ’লে সময় নাযায়।
