পানী আৰু পোহৰ – সত্যজিৎ গগৈ

Pc Vecteezy

পানী আৰু পোহৰ

সত্যজিৎ গগৈ
প্ৰযত্নে-ডাক্তৰ দয়ানন্দ মাহাত্ব
বামুণী গাঁও,কলিয়াবৰ,নগাঁও

চহৰ খনৰ শেষত এখন শুকান নদী ওলমি আছে
পানীবোৰে ৰাতি গোপনে সভা পাতে
কাৰ ঘৰত নামিব বৃষ্টি
আৰু কাৰ ঘৰত পোহৰ
পোহৰ আজিকালি জোতা খুলি নাহে
সি প্ৰৱেশ কৰে গহীন খোজেৰে
দীঘল ক’ৰিডৰ এটাত গাঁওখনৰ কলবোৰে ভাষণ দিছে
শিশুবোৰে তৃষ্ণাক
ৰাষ্ট্ৰীয় সংগীত বুলি গাবলৈ শিকিছে
পোহৰৰ ফাইলত এজন বৃদ্ধৰ ছাঁ
সেই ঘৰত এতিয়াও আন্ধাৰেই ৰজা
যোৱা নিশা চন্দ্ৰই গোপনে স্বাক্ষৰ কৰে
এটা ওখ লেম্প প’ষ্টৰ স’তে
পানী আৰু পোহৰৰ মাজত
এতিয়া যুদ্ধংদেহী প্ৰস্তুতি
মাটিবোৰে নীৰৱে ফাট মেলি কয়
মই জীৱন আৰু মই উন্নয়ন।