শ্ল’ভাকিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান প্ৰদান প্ৰধানমন্ত্ৰী মোদীক

শ্ল’ভাকিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান প্ৰদান প্ৰধানমন্ত্ৰী মোদীক

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্ল’ভাকিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান প্ৰদান ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক শ্লোভাকিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য অৰ্ডাৰ অৱ দ্য হোৱাইট ডাবল ক্ৰছ (ফাৰ্ষ্ট ক্লাছ) প্ৰদান কৰা হয় ।এই সন্মান লাভকৰা প্ৰধানমন্ত্ৰী মোদী প্রথমজন ভাৰতীয়। এয়া প্ৰধানমন্ত্ৰী মোদীৰ ৩৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান । ব্ৰাটিছলাভাত অনুষ্ঠিত এক অনুষ্ঠানত শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিয়ে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে । এই সর্বোচ্চ সন্মান গ্রহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ল’ভাকিয়াৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে এই সন্মান কেৱল নিজৰ নহয়, বৰঞ্চ ই ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ প্ৰতি জনোৱা এক সন্মান। এই সন্মান দুয়োখন দেশৰ মাজত থকা গভীৰ বিশ্বাস আৰু সুদৃঢ় বন্ধুত্বৰ প্ৰতীক। প্ৰধানমন্ত্ৰীৰ ভ্রমণকালত দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্কক এক নতুন মাত্রা প্রদান কৰি ব্যাপক অংশীদাৰিত্বৰ পৰ্যায়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে। ভ্ৰমণৰ সময়ত প্রধানমন্ত্রী মোদী আৰু শ্ল’ভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ মাজত এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। বৈঠকত দুয়োখন দেশে প্রতিক্ষা, চাইবাৰ সুৰক্ষা, গুৰুত্বপূর্ণ আন্তঃগাঁথনি সুৰক্ষা আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে সহমত পোষণ কৰে। দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে সন্মতি-পত্ৰও স্বাক্ষৰিত হয়। বৈঠকত শ্ল’ভাকিয়াৰ প্ৰধানমন্ত্ৰী ফিকোই ভাৰতৰ সৈতে প্ৰতিৰক্ষা উদ্যোগৰ ক্ষেত্ৰত যুটীয়াভাৱে কাম কৰাৰ তীব্র ইচ্ছা প্রকাশ কৰে। তদুপৰি চাইবাৰ অপৰাধ প্রতিহত কৰিবলৈ আৰু সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ এক যুটীয়া কার্যবাহী গোট গঠন কৰাৰো সিদ্ধান্ত লোৱা হয়। প্রধানমন্ত্রী মোদীৰ এই ঐতিহাসিক শ্ল’ভাকিয়া ভ্রমণে বিশ্বৰ ৰাজনীতিত এক তাৎপর্য বহন কৰিছে। স্বাভাৱিকতে ভাৰতে ফ্রান্স বা জাৰ্মানীৰ দৰে পশ্চিম ইউৰোপৰ দেশসমূহৰ সৈতেহে সম্পৰ্ক ৰক্ষাত গুৰুত্ব দি আহিছিল। কিন্তু শ্ল’ভাকিয়াৰ দৰে মধ্য ইউৰোপীয় দেশৰ সৈতে ব্যাপক অংশীদাৰিত্ব স্থাপন কৰাটোৱে ভাৰতে ইউৰোপৰ প্ৰতিটো প্রান্ততে দেশৰ কূটনৈতিক আৰু বাণিজ্যিক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱাটোকে প্রমাণ কৰিছে।