ছাত্রীক যৌন নির্যাতনৰ অভিযোগত ডনবস্ক’ বিশ্ববিদ্যালয়ৰ অধ্যাপকক বৰ্খাস্ত

ছাত্রীক যৌন নির্যাতনৰ অভিযোগত ডনবস্ক’ বিশ্ববিদ্যালয়ৰ অধ্যাপকক বৰ্খাস্ত

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা প্রতিষ্ঠান সোণাপুৰস্থিত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে একেখন বিশ্ববিদ্যালয়ৰে এগৰাকী ছাত্ৰীক যৌন নির্যাতন চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্ববিদ্যালয়খনৰ চৌহদত তীব্র উত্তেজনাৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি বিশ্ববিদ্যালয়খনৰ ড° সৌৰভ চন্দ্ৰ নামৰ অধ্যাপকজনে একেখন বিশ্ববিদ্যালয়ৰে স্নাতক দ্বিতীয় বৰ্ষৰ অৰুণাচল প্ৰদেশৰ এগৰাকী ছাত্ৰীক দীর্ঘদিন ধৰি যৌন নির্যাতন চলোৱাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, ছাত্ৰীগৰাকীৰ কিছুদিন ধৰি শ্ৰেণীত নিয়মীয়া উপস্থিতি নাছিল। যাৰ বাবে যোৱা শুকুৰবাৰে ছাত্ৰীগৰাকীক কার্যালয়লৈ অধ্যাপকজনে মাতি নি নাচিবলৈ কয়। কিন্তু ছাত্ৰীগৰাকী নাচিবলৈ অমাতি হোৱাত অধ্যাপক জনে ছাত্ৰীগৰাকীৰ শৰীৰত হাত দিবলৈ চেষ্টা কৰে। ছাত্ৰীগৰাকীয়ে এনে ঘটনাৰ বিষয়ে বিশ্ববিদ্যালয় কর্তৃপক্ষক অৱগত কৰে যদিও এইক্ষেত্রত বিশ্ববিদ্যালয় কর্তৃপক্ষই ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰে। যাৰ বাবে কালি সন্ধিয়া শিক্ষার্থীসকলে বিশ্ববিদ্যালয় চৌহদত তীব্র প্রতিবাদ সাব্যস্ত কৰে। পিছত ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইপিনে নিশাই অধ্যাপকজনক সোধা-পোছাৰ বাবে থানালৈ আনে যদিও পিছত যাবলৈ দিয়ে। এইক্ষেত্রত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে সোণাপুৰ থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰ দাখিলৰ পাছতে ডনবস্ক’ বিশ্ববিদ্যালয় কর্তৃপক্ষই ড° সৌৰভ চন্দ্ৰক তৎকালে নিলম্বন কৰাৰ পাছতহে প্ৰতিবাদ শান্ত হয়। উল্লেখ্য যে প্রতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰিছে যে পূর্বেও এইগৰাকী অধ্যাপকৰ বিৰুদ্ধে আন ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইতিমধ্যে বিশ্ববিদ্যালয় কর্তৃপক্ষই ছাত্র সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হৈ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ প্রতিশ্রুতি প্ৰদান কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ সকলো ঠাইতে চি চি টিভি স্থাপন কৰিৱলৈ দাবী জনায়। ইপিনে সোণাপুৰ আৰক্ষীয়ে সমগ্র ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে। আৰক্ষীয়ে অভিযোগৰ সকলো দিশ পৰীক্ষা কৰি আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰিব বুলি সদৰী কৰে।