৯টাৰ পৰা ৪টালৈ হ্রাস ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় চৰকাৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ অধীনত পূর্বে গ্রাহকে বছৰি লাভ কৰা ৯টাকৈ ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংখ্যা ৪টালৈ হ্রাস কৰিছে। চৰকাৰৰ এই নতুন নিয়মে ইতিমধ্যে সমগ্র দেশতে কাৰ্যকৰী হোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ ১০ কোটি পৰিয়ালত প্ৰভাৱ পৰাটো নিশ্চিত হৈছে। দেশৰ দাৰিদ্র্য সীমাৰেখাৰ তলৰ মহিলাসকলক বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্রদান কৰাৰ উদ্দেশ্যে ২০১৬ চনৰ ১ মে’ত উত্তৰ প্ৰদেশৰ বালিয়াৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী উজ্জ্বলা যোজনাৰ শুভাৰম্ভ কৰিছিল। ২০২১ চনৰ আগষ্টত ম্যাদ বৃদ্ধি কৰা আঁচনিখনৰ অধীনত সমগ্ৰ দেশৰ ১০ কোটিৰো অধিক পৰিয়ালে ৰাজসাহায্যযুক্ত ৯টা চিলিণ্ডাৰ লাভ কৰিছিল। ইফালে, কেৱল অসমতে ৫০ লক্ষাধিক গ্রাহকে এই আঁচনিৰ সুফল লাভকৰিছে। যাৰ বৃহৎসংখ্যকে গ্রামাঞ্চলৰ দৰিদ্ৰ পৰিয়াল। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই সিদ্ধান্তৰ অন্তৰালত আচৰিত যুক্তি দাঙি ধৰা হৈছে। চৰকাৰী পৰিসংখ্যা আৰু গ্ৰাহকৰ চিলিণ্ডাৰ ক্ৰয়ৰ খতিয়ান পৰীক্ষা কৰি জনোৱা হৈছে যে এই আঁচনিৰ অধীনত থকা এগৰাকী সাধাৰণ উপভোক্তাই গড়ে চাৰিটাকৈহে চিলিণ্ডাৰ ব্যৱহাৰ কৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা হ্রাস কৰিছে। কেৱল ব্যৱহাৰকাৰীৰ সংখ্যাই ইয়াৰ একমাত্ৰ কাৰণ নহয়। ইয়াৰ সমান্তৰালভাৱে চৰকাৰে জনায় যে ৰাজসাহায্যযুক্ত চাৰিটা চিলিণ্ডাৰ ক্ৰয়ৰ পাছতো এগৰাকী উজ্জ্বলাৰ গ্ৰাহকে অতিৰিক্ত চিলিণ্ডাৰ ক্ৰয় কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে তেওঁলোকে বজাৰ মূল্য ভৰিব লাগিব। এই অতিৰিক্ত চিলিণ্ডাৰত কোনো ৰাজসাহায্য লাভ নকৰিব।
