গভীৰ অৰণ্যত যন্ত্ৰণাৰ বীজ
বনজিত দাস
ৰিহাবাৰী, বজালী
যন্ত্ৰণাবোৰ ৰুম
মৰুদ্যানৰ গভীৰ অৰণ্য ভেদি
য’ত গজে
মহাশূন্যতাৰ সুখৰ গজালি
গজিব তাত নৱ সপোনৰ অংকুৰ
সুখৰ বাঁহীৰ অনন্ত সুৰ ।
যন্ত্ৰণাবোৰ ৰুম
মৰুদ্যানৰ নিৰ্জনতাৰ বুকুত
নিশ্বাসে প্ৰাণ পায়
গভীৰ অৰণ্য ভেদি গৈ
য’ত বিষাদৰ ছাঁ হেৰাই
গজে আশাৰ সেউজীয়া বীজ
মহাশূন্যতাৰ নীৰৱতাত
বাজি উঠে সুখৰ বাঁহীৰ সুৰ
শুকান বালিতো সেউজীয়া সপোনৰ বীজ
যন্ত্ৰনাৰ গজালি
বকুৰ মৰুদ্যানৰ সুখৰ হাঁহি ।
