জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগৰ দিশে প্রধানমন্ত্রী মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰীৰূপে অনন্য কৃতিত্বৰ অধিকাৰী হ’ব নৰেন্দ্ৰ মোদী। দেশৰ ইতিহাসত সর্বাধিক সময় একেৰাহে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত থকাৰ এক বিৰল অভিলেখ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ১০ জুন তাৰিখে এই ঐতিহাসিক নজিৰ স্থাপন কৰিব প্রধানমন্ত্রী মোদীয়ে। সেইদিনাই ভংগ হ’ব ভাৰতৰ প্ৰথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ একেৰাহে সর্বাধিক সময় প্রধানমন্ত্রী হৈ থকাৰ অভিলেখপূর্ণ কার্যকাল। ইয়াৰ লগে লগে নৰেন্দ্ৰ মোদী দেশৰ ইতিহাসত দীর্ঘকাল দায়িত্ব পালন কৰা নির্বাচিত প্রধানমন্ত্রী হিচাপে পৰিগণিত হ’ব। দেশত প্ৰথমবাৰলৈ লোকসভা নিৰ্বাচন হৈছিল ১৯৫২ চনত। ১৩ মে’ ১৯৫২ চনত প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল জৱাহৰলাল নেহৰুৱে। ১৯৫২ৰ পৰা ১৯৬৪চনৰ ২৭ মে’লৈ ধাৰাবাহিকভাৱে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে। ১৯৫২ চনৰ ১৩ মে’ৰ পৰা ১৯৬৪ চনৰ ২৭ মে’লৈ সৰ্বমুঠ ৪ হাজাৰ ৩৯৮ দিন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বত আছিল জৱাহৰলাল নেহৰু। কিন্তু জৱাহৰলাল নেহৰুৰ এই অভিলেখ অহা ১০ জুনত ভংগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য যে যোৱা বছৰ জুলাই মাহত মোদীয়ে ইন্দিৰা গান্ধীৰ একেৰাহে ৪,০৭৭ দিন প্রধানমন্ত্রী হৈ থকাৰ অভিলেখ ইতিমধ্যে ভংগ কৰিছে। ২০১৪ চনৰ ২৬ মে’ত প্ৰথমবাৰৰ বাবে দেশৰ প্রধানমন্ত্রী হিচাপে শপতগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পিছত ধাৰাবাহিকভাৱে তিনিখনকৈ লোকসভা নিৰ্বাচনত জয়লাভ কৰি দেশৰ নেতৃত্ব বহন কৰি আহিছে। অহা ১০ জুন হ’ব মোদীৰ কাৰ্যকালৰ ৪,৩৯৯ সংখ্যক দিন। যিটো হ’ব ভাৰতীয় ৰাজনীতিৰ বাবে এক ঐতিহাসিক ক্ষণ।ৰাজনৈতিক কেৰিয়াৰত অনন্য কৃতিত্ব তথা মাইলৰ খুটি স্থাপন হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ সময় আৰু এতিয়া নৰন্দ্ৰ মোদীয়ে দায়িত্ব চম্ভালি থকাৰ সময়ৰ ভাৰতৰ মাজত আছে বহু পাৰ্থক্য। স্ৱাধীনতা প্ৰাপ্তিৰ পাছত প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে দেশক সেৱা আগবঢ়াইছিল জৱাহৰলাল নেহৰুৱে। নেহৰুৰ সময়ত সদ্যস্বাধীন হোৱা দেশখনৰ উন্নয়নৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰৰ বুলি গণ্য কৰা হৈছিল। কিন্তু মোদী চৰকাৰৰ কৰ্মশৈলী আৰু দৃষ্টিভংগী ইয়াৰ পৰা সম্পূর্ণ পৃথক। বিজেপি চৰকাৰৰ মতে, ১৪০ কোটিতকৈ অধিক জনসংখ্যাৰ এই দেশখনত কেৱল চৰকাৰীতন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি অনাময়, জল সংৰক্ষণ, ডিজিটেলাইজেচন বা বিত্তীয় অন্তর্ভুক্তিৰ দৰে বৃহৎ লক্ষ্যসমূহ পূৰণ কৰা সম্ভৱ নহয়। সেইবাবে মোদী চৰকাৰে নাগৰিকসকলক কেৱল চৰকাৰী আঁচনিৰ হিতাধিকাৰী হিচাপে নাৰাখি দেশৰ উন্নয়নৰ সক্রিয় অংশীদাৰ হিচাপে গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত স্বচ্ছ ভাৰত অভিযান, ডিজিটেল পেমেন্ট, জল সংৰক্ষণ আৰু ক’ভিড টিকাকৰণৰ দৰে কেইবাটাও বৃহৎ কার্যসূচীক একো একোটা জন আন্দোলনৰ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে। চৰকাৰ আৰু জনসাধাৰণৰ এই যৌথ অংশীদাৰিত্বই মোদীক জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ গৈছে। বিৰোধীৰ প্ৰত্যাহ্ৱানক ওফৰাই দেশৰ জনতাৰ আশিস লৈ তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সৌভাগ্য হৈছে নৰেন্দ্ৰ মোদীৰ। সৰ্বাধিক সময় প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব থকা নেতা হোৱাৰ দিশে অগ্ৰসৰ হৈছে নৰেন্দ্ৰ মোদী।
