অম্বুবাচী মহাযোগক লৈ নীলাচলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশেষ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- শনিবাৰে শক্তিপীঠ কামাখ্যাধামত উপস্থিত হৈ মন্ত্রী জয়ন্তমল্ল বৰুৱাই পূজা-সেৱা আগবঢ়োৱাৰ লগতে বহুপ্রতীক্ষিত কামাখ্যা কৰিড’ৰ নিৰ্মাণ আৰু আগন্তুক অম্বুবাচী মহাযোগক লৈ নীলাচলৰ কামাখ্যা দেৱালয়ত কর্তৃপক্ষৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকখনত বহুচর্চিত কামাখ্যা কৰিড’ৰৰ পৰিকল্পনাৰ অগ্রগতি তথা কৰিড’ৰটো নিৰ্মাণৰ সময়ত প্রয়োজনীয় আন্তঃগাঁথনিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰা হয়। বৈঠকৰ অন্তত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে মূলতঃ কামাখ্যা কৰিড’ৰ নিৰ্মাণক লৈয়েই এই বৈঠক অনুষ্ঠিত হৈছে। এই পৰিকল্পনা আজিৰ নহয়, বহুদিন আগৰে পৰা আমি এই প্রকল্পক আগুৱাই নিছিলোঁ। কৰিড’ৰটো নিৰ্মাণৰ আৰম্ভণিতে অঞ্চলটোৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান তথা বাসভৱনক লৈ স্থানীয় লোকৰ বহু সমস্যা চলি আছিল। এই সমস্যাসমূহ সমাধানৰ বাবে আজি ৰাইজৰ সৈতে আলাপ-আলোচনা কৰিছোঁ। অহা ৮ জুনৰ পৰা ৰাইজৰ ওজৰ-আপত্তি সন্দৰ্ভত এক আলোচনা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰি মন্ত্ৰী বৰুৱাই কয় যে এসপ্তাহৰ ভিতৰত সকলো সমস্যাৰ সম্পূৰ্ণ সমাধান হ’ব বুলি আমি আশা প্রকাশ কৰিছোঁ। বিভিন্ন সময়ত সৃষ্টি হোৱা কেতবোৰ সমস্যাৰ বাবে নিৰ্মাণত বাধাৰ সন্মুখীন হোৱা কামাখ্যা কৰিড’ৰ আগন্তুক দুবছৰৰ ভিতৰত সম্পূর্ণ হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে মন্ত্ৰী বৰুৱাই। তেওঁ কয় যে কৰিড’ৰটো নিৰ্মাণৰ বাবে সৃষ্টি হোৱা সমস্যাসমূহ আমি প্রায় সমাধানৰ দিশে লৈ আনিছোঁ। সকলো দিশ সূক্ষ্মভাৱে পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছতে এই বৃহৎ প্রকল্পক চৰকাৰে আগুৱাই নিব। ইয়াৰ বাবেও সকলো প্রস্তুতি একপ্ৰকাৰ সম্পূৰ্ণ হোৱাৰ পথত বুলি উল্লেখ কৰি তেওঁ কয় যে কামাখ্যাধামলৈ অহা দর্শনার্থীয়ে যাতে কোনোধৰণৰ অসুবিধাত পৰিবলগীয়া নহয়, তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বিচৰা বিষয়বোৰত ৰাইজে সন্মতি দিছে। ৰাইজৰ মতেই সকলোবোৰ কাম আমি আগুৱাই নিম। মন্ত্ৰী বৰুৱাই আগন্তুক ২২ জুনৰ পৰা কামাখ্যা দেৱালয়ত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মহাযোগৰ প্ৰস্তুতি সন্দর্ভতো সংবাদ মাধ্যমক অৱগত কৰে। তেওঁ কয় যে আগন্তুক অম্বুবাচী মহাযোগ সুকলমে পৰিচালনা কৰিবলৈ সকলো ধৰণৰ প্ৰস্তুতি চৰকাৰে লৈছে। বিগত বর্ষসমূহত অম্বুবাচী মহাযোগৰ সময়ত ৰাজ্যত ভক্ত-দর্শনার্থীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে যদিও সাম্প্রতিক সময়ত ভক্ত-দর্শনার্থীৰ সংখ্যা বৃদ্ধিয়ে কিছু সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে মন্ত্ৰী বৰুৱাই। তেওঁ কয় যে কামাখ্যা কৰিড’ৰ সম্পূৰ্ণ হৈ উঠাৰ পাছত ভক্তৰ সংখ্যা বৃদ্ধি পালেও কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয়। কিন্তু কৰিড’ৰটো সম্পূৰ্ণ হৈ নুঠালৈকে অসুবিধা কিছু হ’ব পাৰে। গতিকে এইবাৰ বাৰ্ষিক পাৰস্পৰিক নিয়ম মতেহে অম্বুবাচী মহাযোগ পালন কৰা হ’ব বুলিও তেওঁ লগতে কয়। অৱশ্যে ভক্ত-দর্শনার্থী অম্বুবাচী মহাযোগৰ সময়ত দেৱী কামাখ্যাৰ আশিস ল’বলৈ আনবাৰৰ দৰে এইবাৰো আহিব। তথাপি প্রয়োজন সাপেক্ষেহে চৰকাৰে ব্যৱস্থাসমূহ গ্ৰহণ কৰিব। কিন্তু বিগত বছৰবোৰৰ দৰে অম্বুবাচী মহাযোগৰ অন্তৰ সময়ত ভিভিআইপি পৰম্পৰা বৰ্জন কৰা নিয়ম এইবাৰো বাহাল থাকিব বুলি তেওঁ সদৰী কৰে। উল্লেখ্য যে এই বৈঠকখনত কামাখ্যাধামৰ বৰদলৈ কবীন্দ্ৰ প্রসাদ শৰ্মা, কামৰূপ (মহানগৰ) জিলাৰ জিলা আয়ুক্ত স্বপ্নীল পালকে ধৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও শীর্ষ বিষয়াই অংশগ্ৰহণ কৰে।
