ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্ক আৰোপৰ প্ৰস্তাৱ আমেৰিকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ ভাৰতসহ বিশ্বৰ বিভিন্ন দেশৰ সৈতে শুল্ক যুদ্ধ আৰম্ভ কৰিবলৈ ওলাইছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে।আমেৰিকাই ভাৰতকে ধৰি বিশ্বৰ ৫৪ খন দেশৰ ওপৰত ১০ শতাংশৰ পৰা ১২.৫ শতাংশ অতিৰিক্ত আমদানি শুল্কৰ আৰোপ কৰাৰ এক বৃহৎ আৰু কঠোৰ প্ৰস্তাৱ আগবঢ়াইছে । বুধবাৰে মার্কিন বাণিজ্য প্ৰতিনিধিৰ (ইউএছটিআৰ) দ্বাৰা প্ৰকাশিত নথি অনুসৰি কানাডা, মেক্সিকো, টাইৱান আৰু ব্রিটেইনৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰা হ’ব পাৰে। তদুপৰি ভাৰত, চীন, জাপান, দক্ষিণ কোৰিয়া, ব্রাজিল, ছুইজাৰলেণ্ডৰ দৰে দেশসমূহৰ ওপৰত ১২.৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পৰিকল্পনা কৰা হৈছে। অৱশ্যে এই কথাও জনোৱা হৈছে যে এতিয়াই এই অতিৰিক্ত শুল্ক কাৰ্যকৰী হোৱা নাই। জনমত আৰু পর্যালোচনা কৰাৰ পিছত সিদ্ধান্ত লোৱা হ’ব। অর্থাৎ মার্কিন কংগ্রেছত আলোচনাসাপেক্ষে পদক্ষেপ গ্রহণ কৰিব ট্রাম্প প্রশাসনে। ১৯৭৪ চনৰ মার্কিন বাণিজ্য আইনৰ ৩০১ (খ) (১) ধাৰাৰ অধীনত আমেৰিকাই তেওঁলোকৰ বাণিজ্যিক অংশীদাৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে। তাৰ কেইমাহমান পিছতে এই পৰিকল্পনাৰ কথা পোহৰলৈ আহে। কিয় এই পদক্ষেপ লোৱা হৈছে তাকো ব্যাখ্যা কৰা হৈছে চৰকাৰী নথিত। উদ্দেশ্য হ’ল বলপূর্বক শ্ৰমিকসকলৰ দ্বাৰা প্ৰস্তুত কৰা পণ্যৰ আমদানি ৰোধ কৰা। এই পদক্ষেপৰ বিৰুদ্ধে সংশ্লিষ্ট দেশসমূহে কোনে কি পদক্ষেপ গ্রহণ কৰে তাক চালিজাৰি চাব মার্কিন কর্তৃপক্ষই। দ্বিতীয়বাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰাই নতুন শুল্কনীতিৰ কথা ঘোষণা কৰিছিল ট্রাম্পে। তেওঁ দাবী কৰে যে যিখন দেশে মার্কিন পণ্যৰ ওপৰত যিমান পৰিমাণৰ শুল্ক আৰোপ কৰিছে আমেৰিকায়ো সেই পৰিমাণৰ শুল্ক আদায় কৰিব সংশ্লিষ্ট দেশসমূহৰ পৰা। ইয়াকে লৈ তুমুল বিতর্ক চলে। বিষয়টোৱে আদালতৰ মজিয়া পর্যন্ত পায়গৈ। যোৱা ২৮ ফেব্ৰুৱাৰীত দেশখনৰ উচ্চতম ন্যায়ালয়ে জনায় যে আইইইপিএ আইনৰ আওতাত এই শুল্ক আৰোপৰ অনুমোদন নাই। মার্কিন সংবিধান অনুসৰি কৰ আৰু আমদানি শুল্ক নির্ধাৰণৰ ক্ষমতা কংগ্ৰেছৰ হাতত যদিও কংগ্ৰেছে বিচাৰিলে সেই ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অর্পণ কৰিব পাৰে। ইয়াৰ ফলত ট্রাম্পে ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বুলি জনায় উচ্চতম ন্যায়ালয়ে। নতুন শুল্ক নীতিয়েও আদালতত মুখথেকেচা খোৱাৰ পিছত বিকল্প পৰিকল্পনা আৰম্ভ কৰিছিল ট্রাম্প প্রশাসনে।
