বিধায়ক অখিল গগৈৰ মাতৃ প্রিয়দা গগৈ আৰু নাই

বিধায়ক অখিল গগৈৰ মাতৃ প্রিয়দা গগৈ আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা- জাতীয়তাবাদী সত্তা, অসমৰ এটা চিনাকি সংগ্রামী সত্তা, সাহসী নাৰীৰূপে পৰিচিত, শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃ প্রিয়দা গগৈ আৰু নাই।  দীর্ঘদিন বার্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ বুধবাৰে পুৱা ৬.২০ বজাত প্রিয়দা গগৈৰ গুৱাহাটীত পৰলোক ঘটে। গুৱাহাটীৰ পৰা অখিল গগৈৰ মাতৃৰ নশ্বৰদেহ যোৰহাটৰ মৰিয়নি লুখুৰাসন গাঁৱৰ নিজ বাসগৃহলৈ নিয়া হয় আৰু অজস্র গুণমুগ্ধৰ শেষ শ্রদ্ধাঞ্জলিৰ পিছত শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত প্ৰিয়দা গগৈৰ বয়স আছিল ৯৪ বছৰ। উল্লেখ্য যে ১৯৩২ চনত টীয়কৰ বামুণপুখুৰীত জন্মগ্রহণ কৰা প্রিয়দা গগৈয়ে লুখুৰাখন গাঁৱৰ প্রয়াত বলোৰাম গগৈৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। প্রিয়দা গগৈয়ে স্কুলীয়া অৱস্থাতে দেশৰ স্বাধীনতা আন্দোলনৰ সংস্পৰ্শ লাভ কৰিছিল আৰু গাভৰু কালতে অসমৰ কৃষক আন্দোলনত নামি পৰি কৃষকৰ অধিকাৰৰ বাবে মাত মাতিছিল। পৰৱৰ্তী সময়ত তেওঁৰ পুত্ৰ অখিল গগৈয়ে কৃষক মুক্তি সংগ্রাম সমিতিৰ হৈ মাতৃয়ে চলাই যোৱা সংগ্ৰামৰ গুৰি ধৰিছিল। লুখুৰাসনস্থিত ঘৰখন আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আলোচনাৰ স্থলী। দেশ, জাতিক ভালপোৱা নাৰী হিচাপে পৰিচিত প্রিয়দা গগৈয়ে বহু সময়ত অসমীয়া জাতিৰ সন্মুখত সাহসী সংগ্রামী নাৰী হিচাপে পৰিচয় দাঙি ধৰিছিল। আনকি সংগ্রাম চলাই যোৱা পুত্র অখিল গগৈয়ে কাৰাবাসত থকাৰ সময়ত তেওঁৰ মুক্তিৰ দাবীত ৰে’ল আলিত বুকু পাতি প্রতিবাদ সাব্যস্ত কৰিছিল প্রিয়দা গগৈয়ে। ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ সময়ত অখিল গগৈ কাৰাবন্দী হৈ থকা অৱস্থাত পুত্ৰৰ মুক্তিৰ দাবীত অনশন-ধৰ্মঘট কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল। মাতৃৰ বিয়োগত শোকবিহ্বল হৈ পৰা অখিল গগৈৰ আৱেগভৰা মন্তব্য আছিল- মোৰ জীৱনটো যদি কোনোবাই গঢ়িছিল, সেয়া আছিল মোৰ মা। আজি প্রিয়দা গগৈৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে গুৱাহাটীৰ গান্ধীবস্তিৰ ঘৰখনৰ লগতে লুখুৰাসনস্থিত বাসগৃহতো অনেক গুণমুগ্ধই ভিৰ কৰে। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি কয়- প্রিয়দা গগৈ মোৰ মাতৃৰ দৰে। তেওঁৰ আশীৰ্বাদ লৈ মই আগবাঢ়ি গৈছিলোঁ। অখিল গগৈ কটনত পঢ়ি থাকোঁতে মোৰ মাতৃ আছিল স্থানীয় অভিভাৱক। আজি অখিল গগৈৰ মাতৃক হেৰুৱাই মই মর্মাহত। প্রিয়দা গগৈৰ মৃত্যুত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে শোক প্রকাশ কৰি লিখিছে-বিধায়ক অখিল গগৈৰ মাতৃ প্রিয়দা গগৈৰ প্ৰয়াণৰ খবৰ শুনি মর্মাহত হ’লোঁ, এগৰাকী সমাজহিতৈষী, ধর্মপ্রাণ আৰু দয়ালু নাৰী হিচাপে প্রিয়দা গগৈয়ে সমাজত এক অনন্য স্থান অধিকাৰ কৰি আছিল। মাতৃৰ বিয়োগৰ এই অসহনীয় বেদনা কোনো শব্দৰেই পূৰণ কৰিব নোৱাৰি। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। শোকসন্তপ্ত অখিল গগৈকে ধৰি সমগ্ৰ পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু গুণমুগ্ধৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্রিয়দা গগৈৰ মৃত্যুত শোক প্রকাশ কৰি লিখিছে- ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ পূজনীয় মাতৃ প্রিয়দা গগৈৰ দেহাৱসানৰ সংবাদে আমাক শোকাহত কৰিছে। আইগৰাকীৰ আত্মাৰ সদ্‌গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। মন্ত্ৰী অতুল বৰায়ো প্রিয়দা গগৈৰ মৃত্যুত শোক প্রকাশ কৰি লিখিছে- অখিল গগৈৰ পৰম আৰাধ্য মাতৃ প্রিয়দা গগৈৰ মৃত্যুৰ সংবাদে শোকাহত কৰিছে। এই দুখৰ ক্ষণত অখিল সমন্বিতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিলোঁ। লগতে প্রিয়দা গগৈৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও শোক প্রকাশ কৰি সামাজিক মাধ্যমত লিখিছে-  ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ মৃত্যুৰ খবৰ পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ । ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত, যি বয়সত বেছিভাগ মানুহে বিশ্ৰাম ল’ব বিচাৰে, সেই বয়সতো তেওঁ পুত্ৰ অখিল গগৈৰ মুক্তিৰ বাবে জনতাৰ মাজলৈ ওলাই আহিছিল । কাৰাগাৰত থকা পুত্ৰৰ মুক্তি আৰু ন্যায়ৰ আশাত তেওঁ গাঁও-চহৰ ঘূৰি প্ৰচাৰ চলাইছিল । এগৰাকী মাতৃৰ সাহস, দৃঢ়তা আৰু আত্মবিশ্বাসে হাজাৰ হাজাৰ মানুহক অনুপ্ৰাণিত কৰিছিল । তেখেতৰ সংগ্ৰামী মনোভাবৰ বাবে তেওঁ বহু লোকৰ বাবে ত্যাগ, সাহস আৰু মাতৃস্নেহৰ এক প্ৰতীক হৈ পৰিছিল ।