দিল্লীৰ মালব্য নগৰত ভয়ংকৰ অগ্নিকাণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজধানী দিল্লীৰ মালব্য় নগৰ অঞ্চলৰ এখন হোটেলত বুধবাৰে ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। ৫ মহলীয়া এই হোটেলখনৰ বেছমেণ্টত জুই লগাৰ ফলত এই অগ্নিকাণ্ডটো সংঘটিত হয়। এই ঘটনাত ২১জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। প্রত্যক্ষদর্শীয়ে জনোৱা মতে, পুৱা ৮.৫০ বজাত ফ্ল’ৰিছ ষ্টে’ বি এণ্ড বি নামৰ হোটেলখনৰ বেছমেন্টত জুই লাগে। এই জুয়ে হোটেলখনৰ কোঠাসমূহলৈ বিয়পি পৰে। প্ৰত্যক্ষদর্শীয়ে জনোৱা মতে, জুয়ে চৌপাশে বেৰি ধৰাত বেছিভাগ লোকেই হোটেলৰ ভিতৰত আবদ্ধ হৈ পৰে। তাৰ মাজৰে কেইবাজনো লোকে প্রাণ বচাবলৈ হোটেলখনৰ বিভিন্ন মহলাৰ পৰা তললৈ জাঁপ মাৰে। কিন্তু কোঠাৰ ভিতৰত আবদ্ধ হৈ থকা ২১জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। মৃত্যুমুখত পৰা লোকসকলৰ ভিতৰত ১৭জনেই বিদেশী পর্যটক বুলি কোৱা হৈছে। মালব্য নগৰৰ এই বেড এণ্ড ব্রেকফাষ্ট হোটেলখনত থকা দুর্ভগীয়া বিদেশী পর্যটকসকল লিবেৰীয়া, নাইজেৰিয়া, মোজাম্বিক আৰু বাংলাদেশৰ আছিল বুলি কোৱা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, হোটেলখনৰ পৰা মুঠ ৪৭জন লোকক উদ্ধাৰ কৰা হয় আৰু তেওঁলোকৰ মাজৰো ২৬জনক আহত অৱস্থাত চিকিৎসালয়ত ভর্তি কৰোৱা হয়। ঘটনাৰ খবৰ পায়েই অগ্নিনির্বাপণ বাহিনীৰ দুখন গাড়ী ঘটনাস্থলীত উপস্থিত হয়। পিছত আৰু কেইবাখনো গাড়ী তালৈ গৈ জুই নুমোৱাৰ লগতে উদ্ধাৰকাৰ্য আৰম্ভ কৰে। দিল্লী আৰক্ষীৰ ১০গৰাকী লোকো উদ্ধাৰকাৰ্য চলোৱাৰ সময়ত আহত হয়। আৰক্ষী সূত্ৰৰ খবৰ মতে, কেইবাজনো লোকক উদ্ধাৰ কৰিব পৰা গৈছে। বহুতেই আতংকিত হৈ হোটেলৰ বেলকনিৰ পৰা তললৈ জঁপিয়ায়। আহত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। অগ্নিনির্বাপণ বাহিনীৰ বিষয়াসকলে প্রকাশ কৰা মতে, হোটেলখনত কেৱল এটাই ছিৰি আৰু লিফ্ট থকা বাবে উদ্ধাৰকাৰ্য চলোৱাত যথেষ্ট অসুবিধা হয়। হোটেলখনলৈ প্রৱেশ পথো অত্যন্ত ঠেক। দিল্লী অগ্নিনির্বাপণ সেৱা বিষয়া এ কে মালিকে কয় যে অট্টালিকাটোৰ ডিজাইন ত্রুটিপূর্ণ হোৱা বাবে সমগ্র অট্টালিকাটোকে কম সময়ৰ ভিতৰতে জুই আৰু ধোঁৱাই আগুৰি ধৰে। এই অগ্নিকাণ্ডৰ কাৰণ সম্পর্কে এটা বিশদ তদন্ত দিল্লী আৰক্ষীয়ে চলাব বুলি তেওঁ প্রকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্রকাশ কৰে আৰু নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে তেওঁ ঘোষণা কৰে যে মৃত লোকসকলৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ আৰু আহত লোকসকলৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকাকৈ দিয়া হ’ব। এই ঘটনাত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তায়ো শোক প্রকাশ কৰে।
