নাট্য আলো: নৱপ্ৰজন্মক আগুৱাই নিয়াৰ এক প্ৰয়াস
প্ৰাণজিৎ মজুমদাৰ
নাট্য আলো হৈছে নৱপ্ৰজন্মক সঠিক পথ দেখুওৱাৰ উদ্দেশ্যে গঢ় লৈ উঠা এক সাংস্কৃতিক আৰু সৃষ্টিশীল প্রতিষ্ঠান। ছয়গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গুমি ৰাস্তাত অৱস্থিত এই অনুষ্ঠানটোৱে বৰ্তমান সময়ত সমাজত ইতিবাচক পৰিৱর্তন আনিবলৈ এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।
আজিৰ যুগত বহু যুৱক-যুৱতী মোবাইল ফোনৰ প্ৰতি অধিক আসক্ত হৈ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। বহুতে সময় অপচয় কৰি অনলাইন গেম বা অন্য অপৰাধমূলক কার্যকলাপৰ লগত জড়িত হোৱাৰ ঘটনাও সমাজত পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত নাট্য আলোই গ্ৰহণ কৰা পদক্ষেপ প্ৰশংসনীয়। এই প্রতিষ্ঠানটোৱে নৱপ্ৰজন্মক সংস্কৃতি আৰু সৃষ্টিশীলতাৰ মাজেৰে এখন সুন্দৰ সমাজৰ সৈতে চিনাকি কৰাই দিয়াৰ চেষ্টা চলাইছে।
নাট্য আলোত নৃত্য আৰু অভিনয় প্ৰশিক্ষণৰ ব্যৱস্থা থকাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়। ইয়াৰ জৰিয়তে নতুন প্ৰতিভাসমূহে নিজৰ দক্ষতা বিকশিত কৰাৰ সুযোগ লাভ কৰিছে। বিশেষকৈ গুৱাহাটীত অনুষ্ঠিত ডান্স, মডেলিং আদি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰি নাট্য আলোই বহু উদীয়মান শিল্পীক উৎসাহিত কৰি আহিছে।
উল্লেখযোগ্য যে, অলপতে গুৱাহাটীত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত নাট্য আলোৰ “মায়াবিনি” নাটকে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। এই সাফল্যই প্রতিষ্ঠানটোৰ নিষ্ঠা, পৰিশ্ৰম আৰু সৃষ্টিশীলতাক স্পষ্টভাৱে প্ৰতিফলিত কৰে।
সমাজত সুস্থ সাংস্কৃতিক পৰিৱেশ গঢ়ি তুলি নৱপ্ৰজন্মক সঠিক দিশে আগুৱাই নিয়াৰ ক্ষেত্ৰত নাট্য আলোৰ এই প্ৰয়াস এক ইতিবাচক আৰু অনুপ্ৰেৰণাদায়ক পদক্ষেপ।
