ডিব্ৰুগড়ৰ আধ্যাত্মিকতাৰ প্ৰাণকেন্দ্ৰ শ্ৰীশ্ৰী কলী আইথান পৰিচালনা সমিতিৰ প্ৰশংসনীয় পদক্ষেপ :: বিশিষ্ট ব্যক্তি আৰু ৬৫ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ধৰ্মীয় আৰু আধ্যাত্মিক চিন্তা-চৰ্চাৰ সমান্তৰালকৈ নৱ-প্ৰজন্মৰ শৈক্ষিক তথা সামাজিক উত্তৰণৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত আইথান প্ৰেক্ষাগৃহত শ্ৰীশ্ৰী কলীয়া থান পৰিচালনা সমিতিৰ সৌজন্যত অনুষ্ঠিত হোৱা বিশেষ কাৰ্যসূচীত অঞ্চলটোৰ সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। ইয়াৰ উপৰি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।কেৱল আধ্যাত্মিক দিশতে আৱদ্ধ নাথাকি উঠি অহা নৱ-প্ৰজন্মক ভৱিষ্যতে সুনাগৰিক ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ আৰু সমাজৰ প্ৰতিটো দিশতে চিন্তা-চৰ্চা কৰিব পৰাকৈ উৎসাহিত কৰাৰ উদ্দেশ্যে অঞ্চলটোৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ মুঠ ৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।পৰিচালনা সমিতিৰ সভাপতি ভীমকান্ত সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অঞ্চলটোৰ উন্নয়ন তথা ডিব্ৰুগড় জিলাখনক আগুৱাই নিয়াত বিশেষ অৰিহণা যোগোৱা তথা কলীআই থান পৰিচালনা সমিতিৰ সৈতে ওত:প্ৰোতভাৱে জড়িত হৈ থকা ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক শ্ৰী শ্ৰী কলী আই থান পৰিচালনা সমিতিৰ হৈ বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ উপৰি কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া, বিশিষ্ট ব্যক্তি গুণীন দিহিঙ্গীয়া, জ্যেষ্ঠ সমাজকৰ্মী অঞ্জন গগৈ আৰু থান পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি উপেন বৰুৱাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিক সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিং ছায়েন্স এণ্ড টেকন’লজীৰ কম্পিউটাৰ ছায়েন্স বিভাগৰ মূৰব্বী ড° নমী বৰুৱা। বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে মনোহৰী দেৱী কানৈ মহাবিদ্যালয়ৰ অধ্যাপক অনিৰুদ্ধ দত্ত, ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰাতুল বুঢ়াগোহাঁই, শিক্ষয়িত্ৰী মমী মহন্ত, পঞ্চায়তৰ সভানেত্ৰী দেৱজানী চুতীয়া, কাউন্সিলাৰ ঊষা গগৈ, সাংস্কৃতিক কৰ্মী ৰুবী গগৈ সন্দিকৈ, ভাৰতী দুৱৰা বৰুৱা, মিনাক্ষী দাস বৰুৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পৰিচালনা সমিতিৰ যুটীয়া সম্পাদক অঞ্জন চেতিয়াই আঁত ধৰা অনুষ্ঠানত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই থান পৰিচালনা সমিতিৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অধ্যক্ষগৰাকীয়ে কয়, নিজক জনাটোৱেই হ’ল জ্ঞানৰ এটা আৰম্ভণি।আইথান পৰিচালনা সমিতিৰ এই ব্যতিক্ৰমী পদক্ষেপক প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক প্ৰশান্ত ফুকনে শলাগ লয়।আইথানৰ উন্নয়নৰ বাবে সকলোৱে প্ৰচেষ্টা কৰাৰ লগতে উঠি অহা প্ৰজন্মক লৈ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰা এই পদক্ষেপ অতি যোগাত্মক লগতে ডিব্ৰুগড় ভিতৰত এখন শ্ৰেষ্ঠ পৰিচালনা সমিতি বুলি তেওঁ কয়। অনুষ্ঠানত পৰিচালনা সমিতিৰ উপসভাপতি ভুৱন দত্ত, অঞ্জন গগৈ, সদানন্দ গগৈ, সুনীল ৰায়, বিপ্লৱ গগৈ, কুশল শইকীয়াকে প্ৰমুখ্য কৰি পৰিচালনা সমিতিৰ সদস্য আৰু স্থানীয় ৰাইজ আদিউপস্থিত থাকে।
