বৰ্ষামুখৰ গান
সত্যজিৎ গগৈ
প্ৰযত্নেঃ ডাক্তৰ দয়ানন্দ মাহাত্ব
বামুণী গাঁও,কলিয়াবৰ,নগাঁও
আকাশে নীলা চাদৰখন খুলি
মেঘৰ কলমে দুখৰ চিঠি লিখিছে
বতাহে ভিজা বাঁহীৰ সুৰত
পথাৰৰ জোনাকৰ দৰে কঁপিছে।
টুপটুপ বৰষুণৰ শব্দত গাঁওখন জাগি উঠে
শুকান মাটিৰ বুকুত নতুন সপোন গজে
নদীয়ে ঢৌৰ আঁচল উৰুৱাই হাঁহে
পক্ষীৰ ডেউকাত সেউজীয়া সপোন লুকাই থাকে।
পাতত ওলমি থাকে কাঁচৰ দৰে টোপাল
প্ৰতিটো টোপালত যেন আকাশৰ নীৰৱ কোৰ্হাল
মাটিৰ আলিত চপচপীয়া সুৰ এটা বাজে
গাঁওলীয়া সন্ধিয়াটোত অলপ মৰম বাঢ়ে।
শিশুৰ হাঁহিত জিলিকে পথাৰৰ সেউজীয়া ঢৌ
বৰষাই যেন মুকলি কৰে হৃদয়ৰ গোপন মৌ
দূৰণিৰ গাঁওখনত কুঁৱলীয়ে সপোন ৰচে
ভিজা আকাশৰ তলত সময় নীৰৱে সৰে।
