ডিমেন্চিয়া, সামাজিক সচেতনতা আৰু সমাজৰ সহায়ত ঘৰুৱা পৰিচালনা

বৃষ্টি বৰগোহাঁই
সহকাৰী অধ্যাপিকা
সমাজ কর্ম অধ্যয়ণ কেন্দ্র,ডিব্ৰুগড় বিশ্ববিদ্যালয়
গবেষণাভিত্তিক এটি আলোচনা- ডিমেন্চিয়া (Dementia) হৈছে এক প্রগতিশীল স্নায়ৱিক অৱস্থা, য’ত ব্যক্তিৰ স্মৃতি, চিন্তা কৰিব পৰা শক্তি, ভাষা, আচৰণ, ও সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষমতা আৰু দৈনন্দিন জীৱনৰ কাম – কাজ সম্পাদনাৰ ক্ষমতাত যথেষ্টভাৱে প্রভাৱিত হোৱা দেখা পোৱা যায়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বজুবি লক্ষ্য লক্ষ্য ব্যক্তি ডিমেন্চিয়াত আক্রান্ত হৈ ভূক্তভোগী হৈ আছে। এতিয়ালৈকে প্রায় ৫৫ মিলিয়ন লোক ডিমেন্চিয়া’ ত আক্রান্ত হৈ আছে আৰু ২০৫০ চনৰ ভিতৰত এই সংখ্যা ১৩৯ মিলিয়নব অধিক হব পাৰে বুলিও গুণাগাথাঁ চলি আছে। অসমৰ ডিব্ৰুগড় জিলাৰ স্থানীয় মহামাৰীৰ পৰিসংখ্যা বিভাগে বৃদ্ধাৱস্থাত বর্ধিত হাৰত হোৱা বিমর্ষ (Geriatric Depression) ৰ বিষয়ে উল্লেখ কৰিছে।বিশ্বজুৰি ৫৫ মিলিয়নৰ অধিক লোক ডিমেন্চিয়া ৰোগৰ সৈতে জীৱনযাপন কৰি আছে। প্রতি বছৰে প্রায় ১০ মিলিয়ন নতুন ৰোগী চিনাক্ত কৰা হয়।কিছুমান গৱেষণাই কৈছে যে ডিমেন্চিয়াত আক্রান্ত লোকসকলৰ ৬০% তকৈ অধিক নিম্ন আৰু মধ্যম আয়ব দেশসমূহত বসবাস কৰে। ২০৫০ চনৰ ভিতৰত এই অনুপাত ৭১% লৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। বিশ্বব্যাপি ১.৩ ত্রিলিয়নতকৈ অধিক ডিমেন্চিয়াৰ ফলত হোৱা আর্থিক প্রভাৱ দেখিবলৈ পোৱা যায়।
-ডিমেন্চিয়া-ৰ কাৰণসমূহ হ’ল : ইয়াৰ প্রধান কাৰণটোেৱই হ’ল মগজুৰ কোষবিলাকৰ ক্ষতিগ্রস্ত হোৱা বা ধ্বংস হোৱা যাৰ ফলত মগজুৰ আৰু বাহ্যিক পৰিৱেশৰ মাজব কথোপকথনত ব্যাঘাত জন্মে।
ক) এলজঝেইমাৰ অসুখ (Alzheimer’s Disease) প্রায় ৫০-৮০% ব্যক্তিৰে যদি এলজঝেইমাৰৰ ৰোগত আক্রান্ত হৈছে, তেন্তে পাছলৈ ডিমেন্চিয়া হোৱা দেখা পোৱা যায়। গৱেষণাৰ পৰা তথ্য পোৱা গৈছে যে মগজুত ‘এমাইলইড্ প্লেক্’ (Amyloid plaques) আৰু ‘টাউ টেঙ্গোলছ (Tau Tangles) য প্রচুৰ পৰিমাণে জমা হোৱাৰ ফলত কোষ আৰু স্নায়ুৰ ক্রমান্বয়ে ধ্বংস হৈ যায়। তেঁওঁলোকৰ ক্রমান্বয়ে মনত ৰখাৰ শক্তি, ভাষা প্রকাশ আৰু যুক্তিগত কথাবিলাকতো সমস্যা আহি পৰে।
খ) ভাচ্কোলাৰ ডিমেন্চিয়া (Vascular Dementia)মগজুৱে অক্সিজেনযুক্ত ৰক্ত পোৱাৰ বাবে ৰক্তনলীৰে নিৰ্মিত এক প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। যদি কেতিয়াবা স্ট্রোক, দুর্ঘটনা আদিৰ বাবে মগজুলৈ অক্সিজেনৰ সঠিকভাৱে যোগানত ব্যাঘাত হয়, ফলস্বৰূপে ‘ভাস্কুলাৰ ডিমেনচিয়া ‘ ৰ লক্ষণসমূহ দেখা দিব পাৰে। এই লক্ষণসমূহ স্ট্রোকৰ পাছতে অথবা সময়ৰ লগে লগে বহুতো সৰু সৰু স্ট্রোকব ফলত দেখা দিব পাৰে।
গ) লিউই বডি ডিমেন্চিয়া (Dementia with Lewy Bodies)মগজুৰ স্নায়ুৰ ভিতৰত সৃষ্টি হৈ জন্মা হোৱা ‘লিউই বডি’ৰ উপস্থিতিয়ে কোষবিলাকৰ অৱক্ষয় ঘটোৱাৰ লগতে স্মৃতি, মনোযোগ আৰু ভাষাগত দক্ষতাত প্রভাৱ পেলায়।
ঘ) ফ্রন্ট’ টেম্পেৰল ডিমেন্চিয়া (Frontotemporal Dementia încluding Pick’s Disease) ফ্রন্ট’ টেম্পৰেল ডিমেন্চিয়া ও সাধাৰণতে মগজুৰ আগফালৰ অংশ ক্ষতিগ্রস্ত হয়। সর্বপ্রথমে তেওঁলোকৰ মনত ৰখাৰ শক্তিতকৈ ব্যক্তিত্ব ও আচৰণত বেছিকৈ প্ৰভাৱিত কৰে।
(ঙ)পষ্টেৰিঅ’ৰ কর্টিকেল এট্রফি(Posterior Cortical Atrophy -PCA)মগজুৰ পাছফালৰ অংশ বা ভিজুবেল কর্টেক্সত ক্ষতি হয়। ফলস্বৰূপে ৰোগীয়ে চকুৰে দেখা পাই বুজিবলৈ অসুবিধা অনুভৱ কৰে, যি প্রথম পর্যায়ত স্মৃতিজনিত সমস্যাতকৈ বাহুল্য ৰূপত প্রতিফলিত হয়।
ডিমেন্চিয়াৰ দুর্লভ কাৰণসমূহ- ডিমেন্চিয়াৰ বহুতো দুর্লভ কাৰণ আছে, যেনে প্রগ্রেছিভ চূপ্রানিউক্লিয়াৰ পাল্চি, কর্ছাকফ্জ ছিড্রোম, বিন্সৱেংগাৰ’ছ ডিজিজ, এইচ, আই. ভি. (HIV), ক্রিয়োৎজফেন্ড-জেকব্ ডিজিজ (CID), মাল্টিপোল্ স্ক্লেৰ’ছিছ, মটৰ নিউবন ডিজিজ, পার্কিনচন্ছ ডিজিজ আৰু হান্টিং টন’ছ ডিজিজ আদিত ভোগা-ব্যক্তিসকলেবো ডিমেনদিয়া হোৱাৰ আশংকা অধিক থাকে।ডিমেন্চিয়াৰ কাৰণসমূহ ডিমেন্চিয়া হৈছে এক ক্রমাগতভাবে অগ্ৰসৰ হোৱা মানসিক অবস্থা।ইয়াৰ ফলত মানুহৰ স্মৰণশক্তি, বুজিব পৰা ক্ষমতা, যোগাযোগ দক্ষতা আক যুক্তিবোধ ক্রমানয়ে হ্রাস পাব ধৰে। ডিমেন্চিয়াৰ অগ্রগতি ব্যক্তি ভেদে বেলেগ হয় । কিছুমানৰ ক্ষেত্রত ই দ্রুতগতিত বৃদ্ধি পায়, আনহাতে কিছুমানৰ ক্ষেত্ৰত বহু বছৰৰ ভিতৰত ধীৰে ধীৰে বিস্তাৰ লাভ কৰে। প্রতিজন ব্যক্তি নিজৰ স্বকীয় উপায়েৰে এই অভিজ্ঞতাৰ সম্মুখীন হয়।
ব্যক্তি এজনে ডিমেন্চিয়াক কেনেদবে অনুভৱ কৰে, সেয়া বহু কাৰকৰ ওপৰত নির্ভৰ কৰে যেনে শাৰীৰিক গঠন, মানসিক দৃঢ়তা, তেওঁ লোকৰ বাসস্থানৰ পৰিবেশ আৰু উপলব্ধ সহায়-সমর্থন। ডিমেন্চিয়াক বিভিন্ন স্তৰত বিভক্ত কৰি বুজিবলৈ চেষ্টা কৰাটো এক প্রয়াস যদিও এই স্তৰসমূহ কেৱল এক সামগ্রিক দিশ – নির্দেশহে। সকলো ব্যক্তিব একেধৰণে ক্ষেত্রত সকলো লক্ষণ দেখা নাঘায়।এই লক্ষণসমূহ সিকোনো স্তৰত প্রকাশ পাব পাৰে উদাহৰণস্বৰূপে, অন্তিম স্তৰত দেখা দিয়া কোনো আচৰণ মধ্যম স্তৰতো দেখা দিব পাৰে। তদুপৰি, যত্ন লোৱা ব্যক্তি বা পৰিয়ালৰ সদস্যসকলে মনত ৰাখিব লাগিব যে সকলো স্তৰতে কেতিয়াবা সুস্থ চিন্তাৰে কোৱা কথা ও সাধাৰণতে কৰা স্বাভাবিত আচৰণ ও দেখা পোৱা যায়।আহক, প্রথমে আমি এলঝেইমাৰ ৰোগৰ প্রাৰম্ভিক, মধ্যম, অন্তিম আক পৰ্য্যায়ৰ বৈশিষ্ট্যসমূহ শেষ বর্ণনা কৰা হৈছে, লগতে অন্য ধৰণৰ ডিমেন্চিয়াৰ বিষয়ে ও আলোচনা কৰা হৈছে।
১/ (এলঝেইমাৰ ৰোগ) প্রাৰম্ভিক পর্যায়- এলঝেইমাৰ ৰোগৰ আৰম্ভণি পৰ্য্যায় সাধাৰণতে সহজে ধৰা নপৰে। বহু সময়ত চিকিৎসক, আত্মীয়-স্বজন বা বন্ধু-বান্ধৱে ইয়াক “বয়সৰ স্বাভাবিক প্রভাৱ” বুলি ভুল ধাৰণা কৰি লয়। যিহেতু ৰোগটোৰ আৰম্ভণি ধীৰগতি ও সূক্ষ্মভাবে হয়, সেয়েহে ইয়াৰ সঠিক আৰম্ভণিৰ সময় নির্ধাৰণ কৰাটো কঠিন হৈ পৰে।ব্যক্তিজনে তলত উল্লেখ কৰা সমস্যাসমূহব সম্মুখীন হ’ব পাৰে।একেলগে একাধিক ব্যক্তিৰ সৈতে কথোপকথন চলাই নিয়াত অসুবিধা অনুভব কৰিব পাৰে। বস্তু বা বিষয়বস্তুৰ নির্দ্দিষ্ট শব্দ মনত পেলাব নোৱাৰিব পাৰে।স্মৃতিশক্তি হ্রাস পাব পাবে; যেনে আগদিনা কোনো বন্ধুৰ সৈতে ভোজন কৰাৰ কথাও মনত নাথাকিব পাৰে।- সময়সূচী, সাক্ষাৎকাৰ বা নিয়মীয়া কার্যসূচী মনত ৰাখিবলৈ অসুবিধা হ’ব পাৰে।সংখ্যা আৰু ধনৰ ব্যৱহাৰত বিভ্রান্তি বা জটিলতা অনুভৱ কৰিব পাৰে।ৰাস্তাবিলাকৰ লগত সংযোগ বিছিন্ন হৈ যাব পাৰে।- সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত দুর্বলতা দেখা যাম।- উদ্যোগী মনোভার, উৎসাহ হ্রাস হোৱা ও হতাশা, খং বা মানসিক অস্থিৰতাৰ লক্ষণ প্রকাশ পাব পাৰে।পূর্বতে আগ্রহ থকা কার্য্য, বিনোদন বা দৈনন্দিন কার্যকলাপৰ প্রতি আগ্রহ কমি যাব পাৰে ।
খ) মধ্যম পর্য্যায় (Middle Stage)ৰোগ ক্রমে অগ্ৰসৰ হোৱাৰ লেগে লগে সমস্যাসমূহ অধিক স্পষ্ট আৰু সীমাবদ্ধতা পূর্ণ হৈ উঠে। এই পর্য্যায়ত ডিমেনচিয়াত আক্রান্ত ব্যক্তিজনৰ দৈনন্দিন জীৱনযাত্রা অধিক কঠিন ছৈ পৰে। এই পর্য্যায়ত ব্যক্তিজনৰ মাজত তলত দিয়া লক্ষণসমূহ দেখা দিব পাৰে।- বিশেষকৈ সাম্প্রতিক ঘটনা আৰু মানুহৰ নাম সহজে পাহৰি যাব পাৰে।অকলে বাস কৰাটো কঠিন হৈ পৰে কাৰণে নির্ভৰশীল হৈ পৰে।- সহায় অবিহনে ৰন্ধন, পৰিচ্ছন্নতা বা নিজৰ কাম সম্পাদন কৰিব নোৱাৰিব পাৰে।- কেতিয়া আক কেনেদৰে আহাৰ গ্রহণ কৰিব লাগে তাৰ বাবে আনৰ ইঙ্গিত বা সহায় লাগিব পাৰে।ভাষা বুজি পোৱাত অধিক অসুবিধা অনুভৱ কৰিব পাৰে।- উদ্দেশ্যহীন ভাবে ঘূৰি ফুৰা বা অন্য জটিল আচৰণ দেখা দিব পাৰে। ঘৰ বা সমাজব পৰিচিত পৰিবেশতো পথ ভুল কৰিব পাৰে। কেতিয়াবা ভ্রমাত্মক দৃশ্য বা শব্দ অনুভৱ (Hallucination) হ’ব পাৰে।
গ) অন্তিম পর্যায় (Late Stage) এই পর্য্যায়ত ব্যক্তিজনৰ বাবে নিৰন্তৰ যত্ন, সহায় আক তত্বাৱধান অত্যাৱশ্যকীয় হৈ পৰে। স্মৃতিভ্রংশ অত্যন্ত গম্ভীৰ ৰূপ ধাৰণ কৰে আৰু ৰোগৰ শাৰীৰিক প্রভাৱসমূহো স্পষ্টভাবে প্রকাশ পাবলৈ ধৰে । এই পর্য্যায়ত ব্যক্তিজনে আহাৰ গ্ৰহণৰ ক্ষেত্রত আনৰ সহায়ৰ প্রয়োজন অনুভৱ কৰিব পাৰে ।- আত্মীয় স্বজন, বন্ধু-বান্ধৱ অথবা পৰিচিত বস্তুসমূহ চিনাক্ত কৰিব নোৱাৰিব পাৰে।- ঘটনা বা পৰিস্থিতি বুজি পোৱা আৰু তাৰ অর্থ অনুধাৱন কৰাত অসুবিধা অনুভৱ কৰিব পাৰে।- নিজৰ ঘৰৰ ভিতৰতে ৰাস্তা বিচাৰি চলাথ কৰিব পাৰে।- মূত্ৰাশয় আৰু অন্ত্ৰ নিয়ন্ত্রণৰ ক্ষমতা হ্রাস পাব পাৰে।চিঞৰা, গালি পৰা, খং কৰা আদি অনুপযুক্ত আচৰণৰ বহিঃ প্রকাশ হ’ব পাৰে।
ঘ) অন্তিম অৱস্থা (End Stage)- ডিমেনচিয়াৰ অন্তিম অৱস্থাত ব্যক্তিজন জীৱনৰ শেষ পর্য্যায়ত উপনীত হয়। বহু ক্ষেত্রত ডিমেনচিয়া প্রত্যক্ষ কাৰণ মৃত্যুৰ বাবে নহবও পাৰে বৰং অন্য শাৰীৰিক অসুখ বা জটিলতাৰ বাবেও মৃত্যু হব পাৰে।এই পর্য্যায়ৰ লক্ষণসমূহ হ’ল-
১) বাকশক্তি অত্যন্ত সীমিত হৈ পৰে অথবা সম্পূর্ণ নোহোৱা হ’ব পাৰে। চলাফুৰা প্রায় নাথাকে আৰু অধিকাংশ সময় শয্যাশায়ী হৈ থাকিব পাৰে। অধিকাংশ সময় নিদ্রামগ্ন অৱস্থাত কটাৱ পাৰে। ব্যক্তিগত যত্নৰ ক্ষেত্ৰত সম্পূর্ণ সহায়ক প্রয়োজন হয়। খাদ্য গিলিবলৈ অসুবিধা অনুভৱ কৰিব পাৰে ।
২) ভাস্কুলাৰ ডিমেন্চিয়া (Vascular Dementia) ভাস্কুলাৰ ডিমেন্চিয়াত আক্রান্ত কিছুমান ব্যক্তিৰ ক্ষেত্রত লক্ষণসমূহ কিছু সময়লৈ একে অৱস্থাত থাকিব পাষে, কিন্তু পৰৱর্তী কোনো স্ট্রোকৰ ফলত হঠাতে অৱনতি ঘটিব পাৰে। এই ধৰণৰ হঠাৎ অৱনতিয়ে এলঝেইমাৰ ৰোগত দেখা দিয়া ধীৰগতিসম্পন্ন অৱক্ষয়ৰ সৈতে বৈপৰীত্য সৃষ্টি কৰে। বহু সময়ত কোনো ব্যক্তি এলঝেইমাৰ নে ভাস্কুলাৰ ডিমেন্চিয়াত আক্রান্ত সেয়া নিৰ্ধাৰণ কৰাটো কঠিন হয়। কেতিয়াবা উভয় ধৰণৰ ডিমেন্চিয়াব প্রভাব একেলগে ও দেখা দিব পাৰে।
৩। লিউই বডিৰ সৈতে ডিমেন্চিয়া -এই ধৰণৰ, ডিমেন্চিয়াত আক্রান্ত বহু ব্যক্তিৰ ক্ষেত্রত পাৰ্কিনচন ৰোগৰ দৰে লক্ষণো দেখা যায় যেনে ফুৰাচকাত মন্থৰতা, শৰীৰৰ জড়তা আৰু কঁপনি। এই ৰোগত দৃষ্টিভ্রম এক সাধাৰণ লক্ষণ। এওঁলোকক যত্ন লৈ থকা ব্যক্তিসকলৰ বাবে এক সমস্যাৰ কাৰণ হ’ল আক্রান্ত ব্যক্তিৰ সামর্থ্য আৰু আচৰণ কেতিয়াবা স্বাভাৱিক আক কেতিয়াবা আকস্মিকভাবে বেছি দুর্বল বা বিভ্রান্ত হৈ পৰে।
৪/ ফ্রন্ট’ টেম্প’বেল ডিমেন্চিয়া(Frontotemporal Dementia with Pick’s Disease)- এই ৰোগৰ আৰম্ভণি পর্য্যায়ত স্মৃতিশক্তি সাধাৰণতে বেছি ক্ষতিগ্রস্ত নহব ও পাৰে, কিন্তু ব্যক্তিত্ব আৰু আচৰণত উল্লেখযোগ্য পৰিৱর্তন দেখা যায়। আক্রান্ত ব্যক্তিজন অধিক আত্মকেন্দ্রিক বা অনুভূতিহীন যেন লোগিব পাৰে। কেতিয়াবা তেওঁ অশালীন আচৰণ কৰিব পাৰে অথবা অতি সহজে মনোযোগ হেৰুৱাব পাৰে।
৫/ পোষ্টেৰিঅ’ৰ কর্টিকেল এট্রফি(Posterior Cortical Atrophy) এই ধৰণৰ ডিমেন্চিয়াৰ আৰম্ভণি পর্য্যায়ত স্মৃতিশক্তি তুলনামূলকভাবে কম প্রভাৱিত হ’ব পাবে। কিন্তু দৃষ্টিশক্তিজনিত অসুবিধাই এই ৰোগৰ আটাইতকৈ সাধাৰণ বৈশিষ্ট্য। পৰিবেশ সঠিকভাবে অনুধাবন কৰাত অসুবিধা পোৱা, পঢ়িবলৈ কষ্ট পোৱা আৰু পথত দ্রুতগতিত গতি কৰা বস্তু ঘেনে গাড়ী -দেখি বিভ্রান্ত বা আতংকিত হৈ পৰা ইত্যাদি সাধাৰণ লক্ষণ। ফলস্বৰূপে, ব্যক্তিজনৰ পৰি যোৱাৰ সম্ভাবনা ও বৃদ্ধি পায়।
ডিমেন্চিয়াৰ নির্ণয় কিয় গুৰুত্বপূর্ণ- ডিমেন্চিয়াৰ লগত মিল থকা কিন্তু চিকিৎসাযোগ্য আন ৰোগসমূহ চিনাক্ত বা বাতিল কৰা। ইয়াৰ ভিতৰত হতাশাDepression), বক্ষ বা মূত্রনালীর সংক্রমণ, তীব্র কৌষ্ঠকাঠিন্য, ভিটামিন বা থাইৰয়ড আক টিউমাৰ (মগজুৰ) আদি ও অন্তর্ভুক্ত। ডিমেন্চিয়াৰ প্রতিটো স্তৰ সঠিকভাবে যত্ন লবলৈ উপদেশ, তথ্য আৰু সহায় লাভকৰাৰ সুযোগ সৃষ্টি কৰা। আক্রান্ত ব্যক্তি আৰু যত্নলোৱা সদস্যসকলক ভবিষ্যতব বাবে মানসিক, সামাজিক আৰু ব্যৱহাৰিকভাবে প্রস্তুতি লবলৈ সহায় কৰা।
ডিমেন্চিয়াৰ চিকিৎসা আছে নে- বর্তমান সময়ত ডিমেন্চিয়াক সম্পূর্ণভাবে নিৰাময় কৰিব পৰা কোনো নিশ্চিত চিকিৎসা উপলব্ধ নাই। তথাপিও মৃদু আৰু মধ্যম পর্য্যায়ৰ এলঝেইমাৰ ৰোগৰ বাবে কিছুমান ঔষধ ব্যৱহাৰ কৰা হয়। এই ঔষধসমূহে ৰোগ সম্পূর্ণভাবে ভাল নকৰে যদি ও কিছুমান ব্যক্তিৰ ক্ষেত্ৰত ৰোগৰ অগ্রগতি সাময়িকভাবে মন্থৰ কৰিব পাৰে ।এই সন্দর্ভত অধিক তথ্যৰ বাবে স্থানীয় এলঝেইমাৰ সংস্থা অথবা বিশেষজ্ঞ চিকি ৎসকৰ পৰামর্শ লোৱাটো উপযোগী। ঔষধৰ লগতে জ্ঞানীয় উদ্দীপনা চিকিৎসা (Cognitive Stimulation Therapy), যোগ, ব্যায়াম, মানসিক আক সামাজিক সম্পৃক্ততামূলক কার্য্যসূচী আদিয়ে ডিমেনচিয়াত আক্রান্ত ব্যক্তিব জীৱনৰ মান উন্নত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
ডিমেন্চিয়াত আক্রান্ত ব্যক্তিৰ সৈতে জীবনযাপন আৰু যত্ন- ডিমেন্চিয়াত আক্রান্ত ব্যক্তিৰ যত্ন লোৱাটো বহু সমমত অত্যন্ত কঠিন আৰু মানসিকভাবে ক্লান্তিকৰ হব পাৰে। তথাপিও, সঠিক বুজাবুজি, সহানুভূতি আক উপযুক্ত পদ্ধতি অৱলম্বণ কৰিলে এই পৰিস্থিতিক অধিক সুসংগঠিত ভাবে পৰিচালনা কৰিব পৰা যায়
নিয়মীয়া দৈনন্দিন অভ্যাস- এক নিয়মীয়া দৈনন্দিন অভ্যাসে প্রতিদিন লবলগীয়া বহু সিদ্ধান্তৰ চাপ হ্রাস কবে আক বিভ্রান্তিকৰ দৈনন্দিন জীবনত স্থিৰতা আনে।
ব্যক্তিৰ আত্মনির্ভৰশীলতা- ডিমেন্চিয়াত আক্রান্ত ব্যক্তিজনে যিমান দিন সম্ভৱ নিজে কাম কাজ সম্পাদন কৰিব পাৰে, ইয়াৰ ওপৰত গুৰুত্ব দিলে ব্যক্তিজনৰ আত্মসম্মান অক্ষুণ্ণ থাকে আৰু যত্নলোৱা ব্যক্তিৰো কিছু পৰিমাণে চাপ হ্রাস হয়।
ব্যক্তিজনব মর্য্যাদা অক্ষুণ্ণ ৰাখিবলৈ সহায় কৰা- ডিমেন্চিয়াত আক্রান্ত ব্যক্তিৰো আবেগ, অনুভূতিবিলাকৰ সম্মান কৰি তেঁওক যত্ন লওঁতে আঘাত প্রাপ্ত কথাৰে মানসিক কষ্ট দিব নালাগে।
সংঘাত বর্জন কৰিব লাগে- যিকোনো ধৰণৰ তর্কই ডিমেন্চিয়াত আক্রান্ত ব্যক্তি আৰু যত্নলোৱা উভয়ৰে মাজত অপ্রয়োজনীয় মানসিক চাপ সৃষ্টি কবে। ব্যক্তিজনৰ ভূল বা ব্যর্থতাক বিশেষভাবে উত্থাপন নকৰি শান্ত আৰু সংযত বজাই ৰখাটো অতি প্রয়োজনীয়। খং বা উত্তেজনাই পৰিস্থিতিক অধিক জটিল কৰি তুলিব পাবে।সদায় মনত ৰাখিব লাগিব- ই বুক্তিজনৰ দোষ নহয়, ই ৰোগৰ ফল।
কামসমূহ সহজ কৰি ভগাই দিব লাগে- ডিমেন্চিয়াত আক্রান্ত ব্যক্তিৰ বাবে দৈনন্দিন কামসমূহ যিমান সম্ভব সহজ কৰি তোলাটো প্রয়োজনীয়। ৰোগৰ আৰম্ভণি পর্য্যায়ত ব্যক্তিজনে নিজেও কাপোৰ পিন্ধি লয়, ক্রমশ: সহায়ৰ প্রযোজন হয়।
ব্যক্তিজনক যিমান পাৰি হাঁহি ফুর্তিৰে ৰাখক- ডিমেন্চিয়াত আক্রান্ত ব্যক্তিজনব সৈতে হাহিঁ-ধেমালিৰ মূহূর্ত ভাগ-বতৰা কৰক। ব্যক্তিজনৰ লগত জড়িত যিকোনো হাহিঁব পৰা মুহুর্তবিলাকব কথা পাতি তেওঁক মানসিক চাপৰ পৰা বিবত ৰাখিব লাগে।
ব্যক্তিজনৰ সুৰক্ষা নিতান্তই প্রয়োজনীয় – শাৰীৰিক ভাৰসাম্যতা আৰু স্মৃতিশক্তি হ্ৰাস পোৱাৰ ফলত আঘাত পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে কটাৰী, চোকা বস্তু, টেবুলৰ জোঙা ঢুক বিলাকত আজিকালি বজাৰত পোৱা প্লাষ্টিকৰ ঢাকনি লগাব লাগে। উদাহৰণস্বৰূপে,চেণ্ডেল, স্নানাগাৰৰ পৰা ওলাওঁতে ব্যৱহাৰ কবা মেট, বৈদ্যুতিক তাঁৰ, গেছ, গৰম পানীব পৰা সাধানতা অবলম্বন কৰিব লাগে।
যোগ সাধনা ও ব্যায়াম- নিয়মীয়া ব্যায়াম আক স্বাস্থ্যসচেতন জীৱনধাৰাই ব্যক্তিজনৰ শাৰীৰিক ও মানসিক ভাৰসাম্যতা বজাই ৰখাত অভূতপূর্ব অৱদান আগবঢ়ায়।
সুষম আহাৰ আৰু দাঁতৰ যত্ন- ডিমেন্চিয়াত আক্রান্ত ব্যক্তিসকলৰ ক্ষেত্রত অপৰিপুষ্টি এক সাধাৰণ সমস্যা। কেতিয়াবা ব্যক্তিজনে আহাৰ গ্রহণ কৰিবলৈ পাহৰে বা আহাৰৰ প্রয়োজনীয়তাক অনুভৱ নকৰে। সুষম আহাব আৰু দাতঁ ও মুখৰ ঘত্নৰ বহুত প্রয়োজন হয়।
আমাৰ কৰণীয়
পৰিয়ালভিত্তিক কাউন্সেলিং (Family Counselling)- মনোৰোগ বিশেষজ্ঞৰ কাষ চাপি পৰিয়ালৰ মাজত ডিমেন চিয়াত আক্রান্ত ৰোগী থাকিলে দেখা পোর আবেগৰ চাপ (Emotional Stress), অন্তর্দ্বন্দ অনিশ্চয়তা আদিক সন্তোলন কৰাৰ প্ৰয়াস কৰিব লাগে। ছিউক-টাক্ চেং (২০১৯) ব এটি গবেষণাত কৈছে যে Psychoeducational Counselling য়ে যত্ন লোৱা ব্যক্তিৰ বিমর্ষতা, চাপ, উৎকণ্ঠা, আবেগৰ তীব্রতাক ৰোধ কৰে।
সচেতনতা অভিযান-মনোৰোগ সমাজ কর্মীসকলে ডিমেন্চিয়াক লৈ সমাজত ভূলকৈ প্রচলিত হৈ থকা বিশ্বাসবিলাকক বিজ্ঞানসম্মতভাবে বুজাই সমাজব নাগৰিকক দায়বদ্ধ কৰাব পাৰে।স্প্রিংগাব নেচাৰ (Springer Nature) ব ডিমেন্চিয়াৰ (Awareness Research সজাগতামূলক গৱেষণাই দেখুৱাইছে যে সমাজ সজাগতাই ডিমেন্চিয়াক সোনকালে চিনাক্তকৰণ ও পৰিচালনা কৰাত সহায় কৰে।
যত্নগ্রহণকাৰীৰ সহায়- ডিমেন্চিয়া ৰোগত আক্রান্ত ৰোগীসকলৰ যত্নগ্রহণকাৰীৰ শাৰীৰিক ,আৱেগিক অর্থনৈতিকভাবে সমস্যা অত্যন্ত বেছি হোৱা দেখা পোৱা যায়। সুবেইৰ আৰু অন্যান্যসকলে (shubair et.all.)২০২৫ বর্ষত কবা এক গৱেষণাই কৈছে যে, ডিমেন্চিয়াৰ সত্ন লোৱা সকলষ মাজত আবেগিক হেঁচা (Emotional Strain) ৭১% আৰু অর্থনৈতিক হেচা (Financial strain) ৯৮% পর্যন্ত হোৱা দেখা যায়। যিযুন, ৱিন ও/ zhijun Yin et al.) অন্যান্যসকলে “Online peer support among Informal Dementia Caregiver” শীর্ষক গৱেষণাই দেখুৱাইছে “Peer Support Group” আৰু online Caregiver Network এ আৱেগিক অকলশৰীয়াক কমায় আৰু আলোচনাৰ মাধ্যমে কাৰীকৰি যত্ন লোৱাব পদ্ধতি ইজনে আনজনক প শিকিব পাৰে ।
কল্যাণমূলক আঁচনিৰ সৈতে সংযোগ- বহু পৰিয়ালে ডিমেন্চিয়াত আক্রান্ত ব্যক্তিৰ লগত হোৱা খৰচ বহন কৰিবলৈ অপাৰগ হয়। সমাজকর্মীসকলে চৰকাৰী আঁচনি, সুবিধাবিলাক সঠিক মাধ্যমৰ লগত সংযুক্ত কৰি দিব পাৰে।
ৰিহেবিলিটেচনৰ (Rehabilitation) ৰ পৰিকল্পনা ইয়াৰ ভিতৰত আছে Cognitive stimulation,ব্যৱহাৰ পৰিচালনা (Behavior Management), Occupational Therapy, ব্যায়াম, সমাজত বা সমাজৰ বিভিন্ন কর্মত অংশগ্রহণ, মনত ৰখাৰ পদ্ধতি (Memory Support Strategy) ইত্যাদি। CREST,২০২৪ ৰ এটা গবেষণাই কৈছে যে Cognitive stimulation Therapy programme আৰু Structured group Programme য়ে আবেগ নিয়ন্ত্ৰণ আৰু সমাজৰ লগত হব লগা একাত্মতাক উন্নত কৰে।
সমাজ সক্রিয়কৰণ (Community Mobilisation)সমাজৰ প্রতিজন ব্যক্তিকে ডিমেন্চিয়াৰ যত্ন লোৱা প্রক্রিয়াটোত অংশীদাৰ হিচাপে গঢ়ি তোলা।
সামৰণি :
ডিমেন্চিয়া কেবল স্মৃতিশক্তিলুপ্ত জনিত এক স্নায়বিক সমস্যাই নহয়; ই ব্যক্তিৰ মানসিক, সামাজিক, পাৰিবাৰিক আৰু আধ্যাত্মিক জীৱনৰ ওপৰতো গভীৰ প্রভাৱ পেলায়। বিশ্বজুৰি হোৱা গৱেষণাসমূহে স্পষ্টভাবে প্রতিপন্ন কৰিছে যে সামাজিক সচেতনতা, পৰিয়ালব সহানুভূতিশীল ভূমিকা, যত্নগ্রহণকাৰীৰ মানসিক সমর্থন, সমাজভিত্তিক অংশগ্রহণ, পুনর্বাসনমূলক ব্যবস্থা আক আধুনিক প্রযুক্তিবিদ্যায়ে ডিমেন্চিয়াত আক্রান্ত ব্যক্তিৰ জীৱনৰ মান উন্নত কৰাত অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
বিশেষকৈ অসমৰ গ্রাম্য, নগৰ ও চাহ-বাগিচাৰ অঞ্চলসমূহত বৃদ্ধ ব্যক্তিসকলৰ মাজত ডিপ্ৰেচন (Depression), functional Disability আৰু স্বাস্থ্যজনিত অসুৰক্ষাৰ বেছিকৈ প্রাদুর্ভাব লক্ষ্য করা যায় যিয়ে ডিমেন্চিয়াৰ লক্ষণসমূহক গভীৰ কৰি তোলে।ডিমেন্চিয়াত আক্রান্ত ব্যক্তিক কেৱল ৰোগী’ হিচাপে নহয়, বৰঞ্চ মৰ্যাদাসম্পন্ন, অনুভূতিশীল আৰু যত্ন পোৱাৰ অধিকাৰী এজন মানৱ হিচাপে চোৱা উচিত। সহানুভূতি ধৈর্য্য, মৰম আৰু সামাজিক অন্তভূক্তিৰ মাধ্যমেহে তেওঁলোকৰ জীৱনত আশা, সুৰক্ষা আৰু মানসিক শান্তি পুৰ্নস্থাপন কৰিব পাৰি।এই প্রসংগত এক প্রাসংগিক সংস্কৃত শ্লোক স্মৰণীয় “সর্বে ভবন্তু সুখিন:।সর্বে সন্তু নিৰাময়া:।সর্বে ভদ্রাণি পশ্চয়ন্তু।মা কচ্ছিদ্দ দুঃখ ভাগৱতে”। (সকলো সুখী হওঁক, সকলো ৰোগমুক্ত হওঁক, সকলোয়ে মঙ্গল দেখক আৰু কোনো লোকেই দুখৰ অংশীদাৰ নহওক।)আহক, আমি সকলোরেই ডিমেন্চিয়াত আক্রান্ত ব্যক্তিসকলক মর্মাদা , যত্ন, সহমর্মিতা আক সামাজিক সমর্থন আগবঢ়াওঁ।
