‘অৰুণোদয়’ৰ বাবে ৰাজ্যত ১৬% ঘৰুৱা হিংসা হ্রাসঃমুখ্যমন্ত্ৰী

‘অৰুণোদয়’ৰ বাবে ৰাজ্যত ১৬% ঘৰুৱা হিংসা হ্রাসঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণোদয় আঁচনিয়ে হ্রাস কৰিছে ঘৰুৱা হিংসা। শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাই আগবঢ়োৱা তথ্য অনুসৰি দৰিদ্ৰতা নিৰাময় আৰু মহিলা সবলীকৰণৰ এক বৃহৎ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ বাবে অসমত ঘৰুৱা হিংসা ১৬ শতাংশ হ্রাস পাইছে। সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।  কম আয়ৰ পৰিয়ালসমূহক প্রত্যক্ষভাৱে মাহিলি আর্থিক সাহায্য প্রদান কৰাৰ লক্ষ্যৰে ২০১৯ চনতে আৰম্ভ কৰা এই বৃহৎ আঁচনিখনে গ্রাম্য এলেকাৰ দৰিদ্ৰ পৰিয়ালক আর্থিকভাৱে সকাহ দিয়াই নহয়, ৰাজ্যৰ অৰ্থনীতিতো বৃহৎ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাই প্রকাশ কৰা তথ্যৰ আধাৰত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰিছে যে অৰুণোদয় এখন ধ্বজাবাহী আঁচনি বুলি এই কাৰণে কোৱা হয়, কাৰণ অৰুণোদয়ে এগৰাকী মহিলাক কেৱল আর্থিক স্বাৱলম্বী কৰি তোলাই নহয়, ইয়ে নিজৰ ঘৰখনত নাৰীসকলৰ সন্মান, মর্যাদা আৰু আত্মবিশ্বাস ওভতাই আনিছে। ইয়াৰ প্ৰমাণ শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৬ৰ তথ্য। স্বামী গৃহত ঘৰুৱা হিংসাৰ হাৰ ১৬ শতাংশ হ্রাস পোৱাৰ কাৰণ যে পৰোক্ষভাৱে অৰুণোদয়, এয়া আজি নতুনকৈ কোৱাৰ প্রয়োজন নাই। এগৰাকী সবল মহিলাই এটা পৰিয়াল শক্তিশালী কৰে আৰু আমি এনে লক্ষ লক্ষ মহিলাক সবল কৰি অসমক আৰু অসমৰ আর্থ-সামাজিক ক্ষেত্ৰখনক শক্তিশালী কৰাৰ সংকল্প লৈ আগুৱাই গৈছোঁ। মন কৰিবলগীয়া যে ২০২৫ চনৰ অক্টোবৰ মাহত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে মুকলি কৰা অৰুণোদয়-৩.০ৰ জৰিয়তে ৪০ লাখ মহিলাক সামৰি লোৱা হৈছে। এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে অৰুণোদয় আঁচনিৰ ৪০ লাখ হিতাধিকাৰীক প্রতিমাহে ১,২৫০ টকাকৈ প্রত্যক্ষভাৱে বেংক একাউণ্টত জমা দিয়া হয়। ৰাজ্য চৰকাৰে ইয়াৰ বাবদ বছৰি প্ৰায় ৫,৬০৪ কোটি টকা ব্যয় কৰে।  ২০১৯ চনত বিত্তমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰি থকাৰ সময়তে ড° হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছিল এই অৰুণোদয় আঁচনি। সেই সময়ত ক’ভিড পৰিৱেশে সৃষ্টি কৰা আর্থিক সংকটৰ পৰা দুখীয়া পৰিয়ালসকলক উদ্ধাৰ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰে প্রথম পৰ্যায়ত সামৰি লৈছিল ১৮ লাখ হিতাধিকাৰীক। অৰুণোদয়-১.০ আঁচনিত প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হৈছিল ৮৩০ টকাকৈ। ড° হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত ২০২১ চনৰ অক্টোবৰ মাহত অৰুণোদয়-২.০ৰ জৰিয়তে সামৰি লোৱা হৈছিল ২৮ লাখ হিতাধিকাৰীক আৰু আঁচনিখনৰ জৰিয়তে প্রতিমাহে প্রদান কৰা ধনৰ পৰিমাণ প্রথম পর্যায়ত ১,০০০ টকা আৰু পৰৱৰ্তী সময়ত এই পৰিমাণ ১,২৫০লৈ বৃদ্ধি কৰা হয়। আনহাতে ২০২৫ চনৰ অক্টোবৰ মাহত আৰম্ভ কৰা অৰুণোদয়-৩.০ৰ জৰিয়তে হিতাধিকাৰীৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰা হয়।