নতুন দিল্লীত প্রধানমন্ত্রী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° শর্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ইতিহাস সৃষ্টি কৰি বিজেপি মিত্রজোটে তৃতীয়বাৰৰ ঐতিহাসিক বিজয় সাব্যস্ত কৰি চৰকাৰ গঠনৰ পিছত প্ৰথমবাৰ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শনিবাৰে নতুন দিল্লীৰ ৭ লোককল্যাণ মার্গস্থিত প্রধানমন্ত্রী মোদীৰ চৰকাৰী বাসভৱনত তেওঁক সৌজন্যমূলক সাক্ষাৎ কৰে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্রধানমন্ত্রীৰ সৈতে হোৱা এইটোৱেই আছিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম আনুষ্ঠানিক বৈঠক। নিজৰ দ্বিতীয়টো কার্যকাল কেনেদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা তেওঁ কৰিছে সেই কথা মুখ্যমন্ত্রী ড° শৰ্মাই প্রধানমন্ত্রী মোদীৰ ওচৰত দাঙি ধৰে। অসমৰ সামগ্রিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই প্রধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপনৰ উপৰি অনাগত দিনত তেওঁৰ মার্গদর্শন আৰু আশীর্বাদ কামনা কৰে।

সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়,”আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাতৰ সৌভাগ্য লাভ কৰিলোঁ । অসমত এনডিএ ৩.০ চৰকাৰৰ শুভাৰম্ভণিৰে উন্নয়নৰ নতুন গতিৰ বিষয়ে পোনপটীয়াকৈ তেখেতক অৱগত কৰিবলৈ পাই সুখী হৈছোঁ । লগতে ৰাজ্যবাসীৰ হৈ তেখেতৰ নিৰন্তৰ সমৰ্থন আৰু সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত বছৰসমূহতো তেখেতৰ আশীৰ্বাদ আৰু দিক-নিৰ্দেশনা কামনাৰ কথাও প্ৰকাশ কৰোঁ ।” অসম চৰকাৰে শাসন ব্যৱস্থা, আন্তঃগাঁথনি উন্নয়ন, কল্যাণমূলক কাৰ্যসূচী আৰু অৰ্থনৈতিক বিকাশৰ ওপৰত নৱীকৃত মনোযোগেৰে নতুন কাৰ্যকাল আৰম্ভ কৰাৰ সময়তে মুখ্যমন্ত্রীয়ে প্ৰধানমন্ত্রী মোদীক সাক্ষাৎ কৰাৰ প্ৰসংগই বিশেষ তাৎপৰ্য বহন কৰিছে । ইফালে চৰ্চা অনুসৰি মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ বিষয়টো প্ৰধানমন্ত্রীক সাক্ষাৎ কৰাৰ পাছতে চূড়ান্ত হ’ব বুলি ধাৰণা কৰা হৈছে।

আনহাতে শনিবাৰে বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে । এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ১,৩০০ কিল’মিটাৰতকৈ অধিক ৰে’লপথ সম্প্ৰসাৰণ তথা ৫০টাৰো অধিক অমৃত ষ্টেচনৰ উন্নয়নমূলক কাৰ্যসূচীকে ধৰি অসমৰ সামগ্ৰিক ৰে’ল নেটৱৰ্ক আৰু ৰে’ল আন্তঃগাঁথনিৰ বিভিন্ন দিশকলৈ আলোচনাত মিলিত হয় ।এইক্ষেত্ৰত দলৰ ৰাষ্ট্ৰীয় সভাপতিকে ধৰি দলীয় আন শীর্ষ নেতাকো মুখ্যমন্ত্রীয়ে সাক্ষাৎ কৰিব পাৰে বুলি জানিব পৰা গৈছে। নিৰ্ধাৰিত ভ্রমণসূচী অনুসৰি ৪ জুনত মুখ্যমন্ত্রীয়ে অসমলৈ উভতি অহাৰ কথা।
