৫ বছৰত দাৰিদ্র্য সীমাৰেখা ২-৩ শতাংশলৈ হ্রাস পাবঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশনৰ মঙলবাৰে চতুৰ্থ দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত অংশ লৈ ড° হিমন্ত বিশ্ব শর্মাৰ ঘোষণা- বিজেপি নেতৃত্বাধীন চৰকাৰৰ তিনিটা কাৰ্যকালৰ ভিতৰত বিগত দুটা কার্যকালত আমাৰ চৰকাৰে ৰাজ্যখনক নতুন দিগন্তলৈ নিবলৈ সক্ষম হৈছে। আজি দেশৰ ভিতৰতে এখন অগ্রগামী ৰাজ্যলৈ ৰূপান্তৰ হৈছে অসম। যোৱা ১০টা বছৰত অসম এক হিংসাবৰ্জিত ৰাজ্যলৈ ৰূপান্তৰ হৈছে। তেজৰ ফাকু দেখা আমাৰ প্ৰজন্মই এনেকুৱা এখন অসম কেতিয়াও কল্পনা কৰা নাছিল। যিখন অসমত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন নাথাকিব, যিখন অসমত বোমা আৰু গুলীৰ শব্দ শুনা পোৱা নাযাব, এনে পৰিৱৰ্তন হয়তো কোনেও কল্পনা কৰা নাছিল। অসমৰ কেইবাটাও সশস্ত্র সংগ্ৰামৰে জড়িত সংগঠনৰ সৈতে আলোচনা কৰি ৰাজ্যৰ জনসাধাৰণৰ আশা-আকাংক্ষাক সন্মান জনাই হাতত লোৱা ৰাজনৈতিক প্রচেষ্টাসমূহৰ বাবেই আজি অসম শান্তি আৰু সমৃদ্ধিৰ এক নতুন দ্বীপলৈ ৰূপান্তৰ হৈছে। যোৱা বছৰকেইটাত এজনো আৰক্ষী নিহত হ’বলগীয়া হোৱা নাই। সাধাৰণ লোকৰো মৃত্যু হোৱা নাই আৰু একপ্ৰকাৰ হিংসা শব্দটো লাহে লাহে সমাজৰ মূল শব্দসমূহৰ পৰা আঁতৰি গৈছে। আজি আমাৰ ৰাজ্যখনে শান্তি আৰু সমৃদ্ধিৰ এক নতুন যুগ দেখা পাবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই কয়-ৰাজ্যখনত এতিয়া স্বাস্থ্য-ক্রীড়া-সংস্কৃতিৰে এক নতুন বিকাশৰ গংগা বৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাওঁ যে তেওঁৰ প্ৰচেষ্টাৰ বাবেই আমাৰ ৰাষ্ট্ৰ জীৱনৰ মূলসুঁতিৰ পৰা আঁতৰি যোৱা যুৱকসকল এতিয়া পুনৰ মূলসুঁতিলৈ ঘূৰি আহিছে। কেইবাখনো শান্তি চুক্তিৰ জৰিয়তে অসমৰ শান্তিৰ পৰিৱেশক স্থায়িত্ব দিয়াত প্রধানমন্ত্রী মোদীয়ে অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰচেষ্টাকো ৰাজ্যবাসীয়ে শলাগ লৈছে। সদনত মুখ্যমন্ত্রী ড° শর্মাই কয়-ৰাজ্যৰ অৰ্থনীতিয়ে আজি বহু সমস্যা দূৰীকৰণৰ সহায়ক হিচাপে থিয় দিছে। বিগত ৫ বছৰত অসমৰ অৰ্থনীতি উল্লেখযোগ্যভাবে শক্তিশালী হৈছে। চলিত বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৮.৭১ লাখ কোটি টকা স্পৰ্শ কৰাৰ সম্ভাৱনা আছে আৰু ২০২৯ চনৰ ভিতৰত অসমে ১০ লাখ কোটি টকাৰ বৃহৎ অর্থনীতি হিচাপে আত্মপ্রকাশ কৰিব। এয়া সম্ভৱ হৈছে ৰাজ্যত ক্ৰমাৎ শক্তিশালী হৈ পৰা অৰ্থনীতিৰ বাবে। এনে পৰিৱেশৰ বাবে ৰাজ্যৰ দাৰিদ্র্য সীমাৰেখাৰ তলত থকা লোকসকল লাহে লাহে দাৰিদ্র্য সীমাৰেখাৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছে আৰু আমাৰ ৰাজ্যত এটা শক্তিশালী মধ্যবিত্ত শ্রেণী নিৰ্মাণ হৈছে। নিটি আয়োগৰ সমীক্ষা অনুসৰি অসমৰ ৩৫ শতাংশ জনসংখ্যাই দাৰিদ্র্য সীমাৰেখাৰ তলৰ শ্ৰেণীৰ পৰা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। এখন ৰাজ্যত যেতিয়া এটা শক্তিশালী মধ্যবিত্ত শ্ৰেণীৰ জন্ম হয়, তাৰ পৰাই শিক্ষিত যুৱক-যুৱতী, বিজ্ঞানী, ডাক্তৰ- অভিযন্তাৰ দৰে গৌৰৱী সম্পদৰ সৃষ্টি হয়। অহা ৫ বছৰত দাৰিদ্র্য সীমাৰেখাৰ তলত থকা লোকৰ সংখ্যা ২-৩ শতাংশলৈ হ্রাস পাব। মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- নিৰ্বাচনৰ পৰৱৰ্তী সময়ত আমাৰ ৰাজ্যলৈ এক নতুন বার্তা আহিছে। ৰাজ্যত যেতিয়া দৰিদ্ৰতাৰ সংখ্যা হ্রাস পায় সামাজিক সূচকসমূহ শক্তিশালী হ’বলৈ আৰম্ভ কৰে। স্বাধীনতাৰ পিছৰে পৰা অসমৰ ওপৰত এক ডাঙৰ কলংক আছিল যে ৰাজ্যখনত প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে আটাইতকৈ বেছি। ইয়াৰ প্ৰত্যক্ষ কাৰণ আছিল ৰাজ্যখনৰ আধাসংখ্যক জনতা দাৰিদ্র্য সীমাৰেখাৰ তলত আছিল। ২০০৬ চনত মই যেতিয়া স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, সেই সময়ত অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তলত আছিলোঁ। এতিয়া উত্তৰ প্ৰদেশ, ওড়িশা, ছত্তিশগড়, উত্তৰাখণ্ড, বিহাৰ, পশ্চিমবংগ, হাৰিয়ানা, ৰাজস্থান এতিয়া অসমৰ পিছলৈ গ’ল। এতিয়া আমি সন্মানজনক স্থানত থিয় হ’বলৈ সক্ষম হৈছোঁ। ২০০৬ চনত প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখত ৪৮০ আছিল, যি এতিয়া ২০২৬ত ৮৪লৈ হ্রাস পাইছে। এই হাৰ ৰাষ্ট্ৰীয় গড় ৮৭তকৈ কম হোৱাটো আমাৰ বাবে উল্লেখযোগ্য সফলতা। ইফালে এইবাৰ নিৰ্বাচনত বিজেপি মিত্রজোটে এক কোটিতকৈ অধিক ভোট লাভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই সদনত কয়- এইবাৰ ৰাজ্যত এনডিএ আৰু বিজেপিয়ে চমকপ্রদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ একমাত্ৰ কাৰণ হ’ল-অসমৰ ৰাইজে বিকাশ আৰু উন্নয়নৰ যি প্রচেষ্টা, শান্তিৰ যি প্রচেষ্টা, অসমক ভাৰতৰ ভিতৰতে শক্তিশালী কৰাৰ যি প্রচেষ্টা তাত সমর্থন দিছে। ১২৬খন আসনৰ ভিতৰত ১০২খন আসন লাভ কৰাটো আমাৰ ৰাজনৈতিক ইতিহাসত এক নতুন মাইলৰ স্তম্ভ হিচাপে চিনাক্ত হৈছে। ভোটৰ ক্ষেত্ৰতো বিজেপিয়ে অকলে ৮২ লাখ ভোট পাবলৈ সক্ষম হৈছে। ৮১,৯০,৭৮৭টা ভোট বিজেপিয়ে লাভ কৰাৰ বিপৰীতে মিত্ৰদল অগপই ১৪ লাখ আৰু বিপিএফে ৮ লাখ ভোট পাবলৈ সক্ষম হৈছে। অর্থাৎ তিনিওটা দলৰ ভোট যদি যোগ কৰা হয়, তেন্তে প্রথমবাৰৰ বাবে এক কোটিতকৈ অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে এনডিএই। সদনত মুখ্যমন্ত্রী ড° শর্মাই কয়-গো-হত্যা বন্ধ কৰাৰ বাবে বিগত কাৰ্যকালত যি আইন অনা হৈছিল, তাক লৈ সদনৰ বাহিৰ আৰু ভিতৰত আমাক সমালোচনা কৰিছিল। কোৰবানি প্ৰথাৰ বাবে গৰু অতিকৈ প্রয়োজন, গতিকে মুছলমানৰ ধৰ্মীয় আৱেগক চুব নালাগে। কিন্তু সদনত গো-হত্যা বন্ধৰ বাবে আইন অনা হৈছিল আৰু বিশ্বাস কৰিছিলোঁ যে কোৰবানিৰ বাবে গৰুৰ প্ৰয়োজন নাই। কোনোধৰণৰ ধৰ্মীয় গ্ৰন্থত কোৰবানি অকল গৰুৰেই যে দিব পাৰি তাৰ কথা উল্লেখ নাই। মই সেই সময়ত আশা ৰাখিছিলোঁ এটা দিন আহিব ধর্মীয় সংখ্যালঘু লোকসকলেও হিন্দুৰ ধর্মীয় চেতনাৰ প্ৰতি সম্মান জনাই গৰুক কোৰবানি দিয়াটো বন্ধ কৰিব। সদনক মই আজি অত্যন্ত গৌৰৱেৰে ক’ব বিচাৰোঁ- সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনাই এইবাৰ অসমত প্ৰায়বোৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে গৰুক কোৰবানি হিচাপে আগ নবঢ়োৱাৰ সিদ্ধান্ত লৈছে। সদনত মুখ্যমন্ত্রীয়ে কয়- সদ্যসমাপ্ত নির্বাচনে আমাক যথেষ্ট শিকিবলৈ দিছে। এই নির্বাচনত মুখ্যতঃ দুটা বিশেষ সিদ্ধান্তই মানুহৰ মাজত ক্ৰিয়া কৰিছিল। অসমৰ বিকাশ আৰু অসমৰ সুৰক্ষা। এই দুয়োটাৰ কাৰণেই আমাৰ ৰাজ্যৰ জনসাধাৰণে বিজেপি তথা এনডিএক এনেধৰণৰ বিজয় হাতত তুলি দিছিল। সুৰক্ষাৰ ক্ষেত্ৰত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অসমীয়া লোকক সুৰক্ষা, জনজাতীয় লোকৰ সংস্কৃতি-ভূমিৰ সুৰক্ষা, চাহ জনগোষ্ঠীয় লোকসকলৰ জীৱনৰ সুৰক্ষা। এই প্ৰতিটো বিষয় অসমৰ জাতীয় জীৱনৰ সৈতে জড়িত। অবৈধ অনুপ্ৰৱেশকাৰীক কিদৰে অসমৰ পৰা বিতাড়ন কৰিব পাৰোঁ আৰু অসমৰ কৃষ্টি-সংস্কৃতি কিদৰে সুৰক্ষা কৰিব পাৰোঁ, তাৰ বাবে অহা ৫টা বছৰত আমি নিজকে আকৌ এবাৰ উৎসর্গিত কৰিব লাগিব। অসমৰ সুৰক্ষাৰ লগে লগে অসমৰ জনজাতীয় লোকৰ সুৰক্ষা, মাটিৰ সুৰক্ষা, বিকাশৰ সুৰক্ষা, ভাষাৰ সুৰক্ষা, সংস্কৃতিৰ সুৰক্ষা এয়া হ’ব অহা ৫ বছৰৰ লক্ষ্য। স্বাস্থ্যখণ্ডৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- স্বাস্থ্যখণ্ডত আমি আগুৱাই গৈছোঁ । ৰাজ্যত ১৪ খন মেডিকেল কলেজ নিৰ্মাণ হৈছে আৰু ১১ খন মেডিকেল কলেজ নিৰ্মাণৰত অৱস্থাত আছে । প্ৰতিখন জিলাতে মেডিকেল কলেজ হ’ব । স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতি দিছিলোঁ । একোখন জিলাত একোখন ইঞ্জিনীয়াৰিং কলেজ একোখন মেডিকেল কলেজ আৰু একোখন বিশ্ববিদ্যালয় থাকিব । এই সপোন বাস্তৱায়িত কৰাৰ দিশত আমি আগুৱাই যাব লাগিব । আমি বিদেশী ভাষাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব । চাহ শ্ৰমিকৰ দৰমহা আমি ৩০০ টকালৈকে লৈ গ’লো । ৪৫০ টকালৈ নিয়াটো আমাৰ লক্ষ্য । অসমৰ চাহ আৰু কৃষিক আধুনিক কৰিব লাগিব । টাটাৰ ছেমি কণ্ডাক্টৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । কিছুমানে কেইজনমান উদ্যোগপতিৰ নাম লৈ অসমত উদ্যোগীকৰণৰ ওপৰত এটা নিগেটিভ বাতাৱৰণ সৃষ্টি কৰিব বিচাৰে । কিন্তু আমি সকলোৱে মনত পেলাব লাগিব উদ্যোগীকৰণ নহ’লে অসমৰ যুৱসমাজ বাহিৰলৈ যাব লাগিব । আমি বিচাৰোঁ কোনেও যাতে বাহিৰলৈ নাযায় ।
