২৯ মে’লৈ সংৰক্ষিত শ্যামকানুৰ জামিন আৱেদনৰ ৰায়
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি সম্পন্ন হয়। গোচৰটোৰ পৰা ৰেহাই বিচাৰি জামিন আবেদন জনোৱা শ্যামকানু মহন্তৰ আবেদন সন্দৰ্ভত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত চৰকাৰী পক্ষই সবল যুক্তি দাঙি ধৰে। চৰকাৰী পক্ষৰ হৈ ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই যুক্তি প্রদর্শন কৰে। এই সন্দর্ভত অধিবক্তা প্রদীপ্ত তালুকদাৰে সদৰী কৰা মতে চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই আদালতক কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰে। অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সম্পূৰ্ণ বিৰোধিতা কৰি চৰকাৰী পক্ষই এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰাৰ লগতে এই কাণ্ডত অভিযুক্ত আটাইকেইজনৰে সবল ভূমিকা আছে বুলি আদালতক অৱগত কৰে। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গ্ৰেপ্তাৰৰ ভয়ত ছিংগাপুৰৰ পৰা মালয়েছিয়ালৈ পলায়ন কৰিছিল মূল অভিযুক্ত শ্যামকানু মহন্তই। এই প্ৰসংগৰ আঁত ধৰি চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা শইকীয়াই আদালতে শ্যামকানু মহন্তৰ জামিন মঞ্জুৰ কৰিলে পুনৰ বিদেশলৈ পলায়ন কৰাৰ সন্দেহ ব্যক্ত কৰে। তদুপৰি প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুক লৈ ৰাজ্যজুৰি উত্তাল পৰিস্থিতি সৃষ্টি হোৱাৰ সময়তে তাৎপর্যপূর্ণভাৱে শ্যামকানু মহন্তৰ ভতিজী তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ জীয়ৰী সৃজনী মহন্তই এক ফেচবুক প’ষ্টযোগে জীৱিত অৱস্থাত জুবিন গাৰ্গক পণ্য সামগ্ৰীৰূপে ব্যৱহাৰ কৰাৰ প্ৰসংগ উল্লেখ কৰিছিল। ভতিজাক সৃজনী মহন্তৰ এই প’ষ্টৰ উদ্ধৃতিৰে আদালতত চৰকাৰী পক্ষই কেইবাটাও যুক্তি দাঙি ধৰে। তদুপৰি দীর্ঘ সময়জোৰা চলা তর্ক-যুক্তিত জুবিন গাৰ্গক ছিংগাপুৰলৈ যোৱাৰ বাবে মানসিকভাৱে চাপ দিয়াৰ চেষ্টাৰ বিষয়ৰ লগতে বহু সময়ত অনুষ্ঠান পৰিৱেশনৰ বাবতো নিৰ্ধাৰিত পৰিমাণতকৈ যথেষ্ট কম পৰিমাণে মাননি প্রদান কৰি শ্যামকানু মহন্তই চলোৱা প্ৰৱঞ্চনাৰ বিষয়েও আদালতক চৰকাৰী পক্ষই অৱগত কৰে। ইয়াৰ বাহিৰেও শিল্পী পত্নী গৰিমা শইকীয়া গার্গকো বিভিন্ন সময়ত অনুষ্ঠান পৰিৱেশনৰ পিছতো ধন প্ৰদান নকৰা বিষয়টোও আদালতক অৱগত কৰা হয়। ইয়াৰ পূৰ্বে শ্যামকানু মহন্তৰ অধিবক্তায়ো আদালতক জামিন প্রদান কৰাক লৈ কেইবাটাও যুক্তি দাঙি ধৰিছিল। দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত আদালতে ৰায়দান সংৰক্ষিত কৰি ৰাখে। অহা ২৯ মে’ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আদালতে চূড়ান্ত ৰায়দান দিব।
