ভাৰতত পাঁচ শতাংশহে তেলৰ দাম বৃদ্ধিঃপীযূষ হাজৰিকা
ৰঙিলী বাৰ্ত্তাসেৱা- ইৰান, ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধৰ বাবেই অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্র’ল-ডিজেলৰ মূল্য। সোমবাৰে সদনৰ মজিয়াত ৰাজ্যপালৰ ধন্যবাদসূচক প্ৰস্তাৱৰ সমৰ্থনত পীযুষ হাজৰিকাই কয় যে ইৰান- ইজৰাইল-আমেৰিকাৰ মাজত হোৱা যুদ্ধৰ বাবেই তেলৰ দাম বৃদ্ধি হৈছে। দক্ষিণ এছিয়া, ইউৰোপ, আমেৰিকা আদি দেশতো ইৰান-আমেৰিকাৰ যুদ্ধৰ বাবে তেলৰ দাম বৃদ্ধি হৈছে। অসম বিধানসভাৰ তৃতীয় দিনা ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ সমৰ্থনত জাগীৰোডৰ বিধায়কগৰাকীয়ে ভাৰতৰ তুলনাত দক্ষিণ এছিয়া, ইউৰোপ, আমেৰিকা আদি দেশত হোৱা তেলৰ দাম বৃদ্ধি আৰু ভাৰতৰ তেলৰ দাম বৃদ্ধিৰ এক তুলনামূলক অধ্যয়নেৰে বিৰোধীয়ে অনা সংশোধনী প্রস্তাৱৰ বিৰোধিতা কৰে। নিজৰ বক্তব্যত পীযূষ হাজৰিকাই ম্যানমাৰত তেলৰ দাম ৮৯.৭ শতাংশ, মালয়েছিয়াত ৫৬.৩ শতাংশ, পাকিস্তানত ৫৪.৯ শতাংশ, আমেৰিকাত ৪৪.৫ শতাংশ, ফ্রান্সত ২২.১ শতাংশ, নেপালত ৩৮.২ শতাংশ, জাপানত ৯৯.৭ শতাংশ বৃদ্ধি হোৱা বুলি তথ্য সদৰী কৰে। ভাৰতত কেৱল ৫ শতাংশহে তেলৰ দাম বৃদ্ধি হৈছে বুলি মন্তব্য কৰি বিধায়ক হাজৰিকাই কয় যে ইয়ে প্রমাণ কৰে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশখন ভালদৰে চলাইছে। তেওঁ কয় যে বিশ্বত ৪০ শতাংশ গড়ত তেলৰ দাম বাঢ়িছে। আমাৰ দেশত মাত্র ৫ শতাংশ বাঢ়িছে। কংগ্ৰেছ দলৰ কেইবাখনো ৰাজ্যত চৰকাৰ আছে বুলি মন্তব্য কৰি তেলৰ দাম বৃদ্ধি সন্দৰ্ভত হাজৰিকাই কয় যে এই ৰাজ্যসমূহত থকা কংগ্ৰেছৰ চৰকাৰসমূহে তেলৰ ভেট কমাই দিলেই হয়। তেলেংগানা, কৰ্ণাটক, কেৰালামত কংগ্ৰেছ দলৰ চৰকাৰে ভেট কমাই দিয়ক। কিন্তু এই ৰাজ্যসমূহত তেলৰ দাম হ্রাস হোৱা নাই। অসমত কংগ্ৰেছ দলে আন্দোলনৰ নামত নাটক কৰে। ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনা কৰিবলৈ গৈ পীযূষ হাজৰিকাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক ভূয়সী প্রশংসা কৰে আৰু কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতাৰ কাৰণেই দেশ তথা ৰাজ্য ভালদৰে চলি আছে আৰু ইয়াৰ বাবেই বিগত নির্বাচনত অসমৰ ৰাইজে বিজেপি চৰকাৰক ১০২খন আসনত জয়ী কৰাই আনিছে। অসমত সু-শাসন চলি থকাৰ কথা উল্লেখ কৰি পীযূষ হাজৰিকাই কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতাৰ কাৰণেই অসমত সু-শাসন প্রতিষ্ঠিত হৈছে আৰু ইয়াৰ ফলশ্রুতিতেই বিগত নির্বাচনত সকলোতকৈ ভাল ফলাফল বিজেপি মিত্র দলে দেখুৱাবলৈ সক্ষম হৈছে। যোৱা ৫ বছৰত ৰিজার্ভ বেংকৰ এক প্রতিবেদনত অসম অতি দ্রুত বিকশিত অৰ্থনীতিৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ তথ্য প্ৰকাশ কৰি পীযূষ হাজৰিকাই কয় যে যোৱা ৫ বছৰত ৰাজ্যৰ অৰ্থনৈতিক কাম-কাজৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসম শীর্ষত আছে। যিটো ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে সম্ভৱ হৈছে। অসমৰ গড় অর্থনৈতিক উন্নয়ন তামিলনাডু, মহাৰাষ্ট্ৰ, তেলেংগানা, কর্ণাটক আদিতকৈও ওপৰত আগুৱাই আছে বুলি মন্তব্য কৰে হাজৰিকাই। অসমে ঋণ লোৱাৰ সন্দৰ্ভত মন্তব্য কৰি পীযূষ হাজৰিকাই ভাষণত কয় যে অসমে এই মুহূর্তত ২ লাখ কোটি টকাৰ ঋণ লৈছে। ৰাজ্য চৰকাৰে ঋণ লোৱাৰ বিষয়টো লুকুৱাব নিবিচাৰে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে আৰু কয় যে চৰকাৰে জাননী দিহে ঋণ গ্রহণ কৰে। বিধায়কগৰাকীয়ে অসমৰ ঋণ লোৱাৰ ক্ষমতা তথা ইমান টকা অন্য ৰাজ্যতকৈ কম ঋণ লৈছে যে সেই সন্দর্ভতো তথ্য প্রকাশ কৰে। তেওঁ কয় যে পঞ্জাবে এইপর্যন্ত ৪.৪৭ লাখ কোটি, তামিলনাডুৱে ১০.৭১ লাখ কোটি, কর্ণাটকে ৮.২৪ লাখ কোটি, কেৰালামে ৪.৩৩ লাখ কোটি আৰু চুবুৰীয়া পশ্চিমবংগই ৭.৬৪ লাখ কোটি ঋণ লৈছে। এনে অৱস্থাত অসমে মাত্র ২ লাখ কোটি টকাৰ ঋণ লৈছে আৰু অনাগত দিনতো ইয়াৰ জৰিয়তে অসমৰ সৰ্বাংগীণ বিকাশৰ বাবে কাম কৰি যাব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতাত হোৱা উন্নয়নৰ বাবেই এমাহ পূর্বে বিৰোধী কংগ্ৰেছক জনসাধাৰণে নস্যাৎ কৰিছে।
