নৈৰাশ্য
ধৰণী চেতিয়া, ধেমাজি
কোনোবাই যদি তোমাক প্ৰশ্ন কৰে,
তোমাৰ কবিয়ে আজিকালি কবিতা নৰচে নেকি__???
উত্তৰত তুমি ততালিকে ক’বা
আজিকালি মোৰ কবিয়ে কবিতা নৰচে….
আজিকালি মোৰ কবিয়ে
কবিতাক গ্ৰাস কৰে
ৰাতিৰ অন্ধকাৰত, মদৰ ৰাগীত….
আশা-নিৰাশাৰ আলিদোমোজাত
মাজনিশা মোৰ কবিয়ে
চিতকাৰ কৰে,
এটা তেজৰ চিয়াঁহী থকা
কলমৰ অভাৱত
অপ্ৰত্যাশিতভাৱে প্ৰশস্তি গায়
অন্ধকাৰৰ, নৈৰাশ্যৰ….
