১০ দিনত তৃতীয়বাৰৰ বাবে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

Pc Jansatta

১০ দিনত তৃতীয়বাৰৰ বাবে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

ৰঙিলী বাৰ্ত্তাসেৱা- মধ্যপ্ৰাচ্যৰ সংকট আৰু তেল আৰু গেছৰ নাটনিৰ পিছত দেশত পুনৰ বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ বিগত ১০ দিনত  তৃতীয়বাৰৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাইছে ৷ এইবাৰ প্ৰতি লিটাৰ পেট্ৰ’লত ৮৭ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ৯১ পইচা বৃদ্ধি কৰা হৈছে ৷ শনিবাৰে পুৱাৰ ভাগতে দেশৰ ৰাজধানী নতুন দিল্লীত প্রতিলিটাৰ পেট্ৰ’লৰ দাম ৮৭ পইচাকৈ বৃদ্ধি পায়। ডিজেলৰ দাম বৃদ্ধি পায় প্রতিলিটাৰত ৯১ পইচা। ইয়াকে লৈ যোৱা ১০টা দিনত তিনিবাৰকৈ দাম বাঢ়িল পেট্র’ল-ডিজেলৰ। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধিৰ ফলত বিৰূপ প্ৰভাৱ পাইছে সাধাৰণ নাগৰিকৰ ওপৰত। এফালে যিদৰে ব্যয় বৃদ্ধি পাব, তেনেদৰে বাছ, টেক্সিৰ দৰে ৰাজহুৱা পৰিবহণতো পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিয়ে প্ৰভাৱ পেলাব। যোৱা ১৫ মে’ত সমগ্র দেশতে প্রতিলিটাৰ পেট্ৰ’লৰ দাম একেকোবে ৩ টকাকৈ বৃদ্ধি পাইছিল। তাৰ পিছত যোৱা ১৯ মে’ত পুনৰ বৃদ্ধি পায় দাম। পেট্ৰ’লৰ দাম বৃদ্ধি পায় ৯০ পইচাকৈ। এইবাৰ ৮৭ পইচাকৈ বৃদ্ধি হোৱাত যোৱা ১০ দিনত ৫ টকা বৃদ্ধি পায় পেট্ৰ’লৰ দাম। ইতিমধ্যে পশ্চিম এছিয়াত চলি থকা সংকটৰ পৰিপ্ৰেক্ষিতত দেশবাসীক ইন্ধন ব্যয়ৰ ক্ষেত্ৰত মিতব্যয়ী হোৱাৰ আহ্বান জনাইছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। আগন্তুক এবছৰৰ বাবে সোণ নিকিবলৈও পৰামৰ্শ দিছে প্রধানমন্ত্রীয়ে। বাস্তৱিকতে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত সমগ্ৰ বিশ্বতে ইন্ধনৰ দামৰ উঠা-নমা নিৰ্ভৰ কৰে। দিল্লী আৰু সংলগ্ন এলেকাত কমপ্ৰেছড নেচাৰেল গেছ বা চিএনজিৰ দামো বৃদ্ধি পাইছে। প্রতিকেজিত ১ টকাকৈ বৃদ্ধি পাইছে চিএনজিৰ দাম। তেল কোম্পানীসমূহে প্রতি লিটাৰ পেট্ৰলত ৮৭ পইচা আৰু প্ৰতি লিটাৰ পেট্ৰলত ৯১ পইচা দাম বৃদ্ধি কৰাৰ পাছত  গুৱাহাটীত প্রতি লিটাৰ পেট্ৰলৰ দাম ১০৩.৬৯ টকা আৰু ডিজেলৰ দাম ৯৫.০১ টকা হৈছে। আনহাতে ৰাজ্যখনৰ ভিতৰত সকলোতকৈ অধিক দাম হৈছে মাজুলীত। এই ক্ষেত্রত দ্বিতীয় স্থানত আছে লখিমপুৰ। মাজুলীত এক লিটাৰ পেট্ৰলৰ দাম ১০৫.০৫ টকা হোৱাৰ বিপৰীতে লখিমপুৰত এক লিটাৰ পেট্ৰলৰ দাম হৈছেগৈ ১০৪.৯৪ টকা। একেদৰে মাজুলীত প্রতি লিটাৰ ডিজেলৰ দাম ৯৬.৩৮ টকালৈ আৰু লখিমপুৰত ৯৬.২৫ টকালৈ বৃদ্ধি পাইছে।