মূল্যবৃদ্ধি ৰোধৰ দাবীত আছুৰ ৰাজ্যজুৰি প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- বিগত কেবাদিন ধৰি ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ক্ৰমাৎ বৃদ্ধি পাইছে ৷ ফলত বিমোৰত পৰিছে ৰাজ্যৰ সৰ্বসাধাৰণ নাগৰিক ৷ উপায়ন্তৰ হৈ পেট্র’ল, ডিজেল আৰু ৰন্ধন গেছৰ পৰা আদি কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ ব্যর্থ হোৱা বুলি অভিযোগ কৰিছে ৰাজ্যৰ জাতীয় সংগঠন তথা ৰাজনৈতিক দলসমূহে ৷ এই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৱে। দাম বৃদ্ধিৰ প্রতিবাদত আৰু অত্যধিক দাম নিয়ন্ত্ৰণৰ প্ৰতিবাদত ৰাজ্যৰ প্ৰতিখন জিলা সদৰত আছু সদস্যসকলে বিক্ষোভ-সমদলেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে গুৱাহাটী মহানগৰীৰ শ্বহীদ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ এই প্ৰতিবাদী সমদল উজান বজাৰ হৈ যোৰপুখুৰীৰ পাৰেৰে আহি লেম্ব ৰোডৰে শ্বহীদ ন্যাসত উপস্থিত হয় । এই প্ৰতিবাদী সমদলত প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে । আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই এই সন্দর্ভত কয় যে চাউল, দাইল, মিঠাতেল, গাখীৰ, কণী, ঔষধৰ পৰা আৰম্ভ কৰি পেট্ৰ’ল-ডিজেললৈকে সকলো সামগ্ৰীৰ দাম বাঢ়িল। এয়া ৰোধৰ বাবে কেন্দ্ৰ-ৰাজ্য চৰকাৰে যি ধৰণৰ ফলপ্রসূ ব্যৱস্থা ল’ব লাগিছিল সেয়া আজিলৈকে গ্রহণ কৰা নাই। চৰকাৰে ব্যৱস্থা নোলোৱাপর্যন্ত ধাৰাবাহিক আন্দোলন চলি থাকিব। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা বুলিও তেওঁ লগতে অভিযোগ কৰে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই বজাৰত জুই জুলাইছে। চাউল, দাইল, মিঠাতেল, গাখীৰ, কণীকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িছে। দৰবৰ বর্ধিত দামে ৰোগী আৰু পৰিয়ালৰ মূৰত ৰামটাঙোন শোধাইছে। বাণিজ্যিক চিলিণ্ডাৰ এটাৰ দামে তিনি হাজাৰ টকা অতিক্ৰম কৰিলে। সৰু সৰু হোটেল-ৰেষ্টুৰেণ্ট, চাহৰ দোকান বন্ধ হোৱাৰ উপক্ৰম হৈছে। শিক্ষানুষ্ঠানৰ হোষ্টেলসমূহত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। পেট্ৰ’ল-ডিজেলৰো দাম প্রতি সপ্তাহতে বৃদ্ধি হ’বলৈ ধৰিছে। ডলাৰৰ তুলনাত টকাৰ মূল্যৰ অধঃপতন অব্যাহত আছে। এই দুৰৱস্থাৰ পৰা জনসাধাৰণক সকাহ দিয়াত চৰকাৰ বাৰুকৈয়ে ব্যর্থ হৈছে। মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰৰে শোচনীয় ব্যর্থতাৰ প্ৰতিবাদত ৰাজ্যজুৰি ছাত্ৰ সন্থাই বিক্ষোভ সমদল উলিয়াইছে।
