দ্বিতীয়বাৰৰ বাবে অধ্যক্ষৰ আসনত বহিল ৰঞ্জিত কুমাৰ দাস

দ্বিতীয়বাৰৰ বাবে অধ্যক্ষৰ আসনত বহিল ৰঞ্জিত কুমাৰ দাস

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাত ইতিহাস ৰচনা কৰি দ্বিতীয়বাৰৰ বাবে অধ্যক্ষ হিচাপে নির্বাচিত হৈছে ভৱানীপুৰ-সৰভোগৰ জ্যেষ্ঠ বিজেপি বিধায়ক তথা প্রাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ষষ্ঠদশ বিধানসভাৰ প্রথম অধিৱেশনত চাৰিবাৰৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসক আগন্তুক কাৰ্যকালৰ বাবে বিনাপ্রতিদ্বন্দ্বিতাৰে অধ্যক্ষ হিচাপে নির্বাচিত হোৱা বুলি ঘোষণা কৰা হয়। প্ৰ’টেম অধ্যক্ষ চন্দ্রমোহন পাটোৱাৰীয়ে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কার্যপৰিচালনাৰ নিয়মাৱলীৰ ৭নং নিয়মৰ উপ-নিয়ম ৪ৰ অধীনত প্রয়োজন হোৱা মনোনয়ন-পত্ৰ পৰীক্ষা কৰি ৰঞ্জিত কুমাৰ দাস ষষ্ঠদশ বিধানসভাৰ অধ্যক্ষ হিচাপে বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে।  প্রাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস অসম বিধানসভাৰ ২২সংখ্যক অধ্যক্ষ আৰু তেওঁ ২০১৬ চনত গঠিত বিধানসভাত উক্ত বৰ্ষৰ জুন মাহৰ পৰা ২০১৭ চনৰ ৩০ জানুৱাৰী পর্যন্ত অধ্যক্ষৰ দায়িত্বত আছিল। সৰভোগ-ভৱানীপুৰৰ বিধায়ক তথা প্রাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষ হিচাপে নির্বাচিত কৰাৰ বাবে বিজেপিৰ হৈ মনোনয়ন-পত্ৰত নাম প্ৰস্তাৱ কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই। তেওঁক সমর্থন কৰে ৰঙানদীৰ বিধায়ক ঋষিৰাজ হাজৰিকাই। অগপৰ হৈ মনোনয়ন-পত্ৰত ৰঞ্জিত কুমাৰ দাসৰ নাম প্ৰস্তাৱ কৰে বিধায়ক ড° তপন দাসে আৰু তেওঁক সমর্থন কৰে বিধায়ক ধৰ্মেশ্বৰ ৰায়ে। আনহাতে বিপিএফৰ হৈ মনোনয়ন-পত্ৰত ৰঞ্জিত কুমাৰ দাসৰ নাম প্ৰস্তাৱ কৰে মন্ত্ৰী চৰণ বড়োৱে আৰু সমর্থন কৰে বিধায়ক মনেশ্বৰ ব্ৰহ্মই। তিনিওখন মনোনয়ন-পত্ৰ পৰীক্ষা কৰাৰ পাছত প্ৰ’টেম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰঞ্জিত কুমাৰ দাসৰ নাম অধ্যক্ষ হিচাপে বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে।

বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ নাম অধ্যক্ষ হিচাপে নির্বাচিত হোৱা বুলি ঘোষণা কৰি প্ৰ’টেম অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত অধ্যক্ষগৰাকীৰ জীৱন আৰু ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, সাংবাদিকতা আদি ক্ষেত্রলৈ তেওঁ আগবঢ়োৱা বৰঙণিৰ বিস্তৃত তথ্য সদৰী কৰি শুভেচ্ছা জ্ঞাপন কৰে। ১৯৭৭ চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰে জড়িত ৰঞ্জিত কুমাৰ দাসে ১৯৯২ চনত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে যোগদান কৰে। তেওঁ অসম ৰাজ্যিক বিজেপিৰ বিভিন্ন দলৰ দায়িত্ব লাভ কৰি সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ২০১১ চন আৰু ২০১৬ চনত সৰভোগ বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নির্বাচিত হয়। তেওঁ দুটা কার্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্বভাৰ লৈ তৃণমূল পর্যায়লৈ কাম-কাজ কৰি দলৰ ভেটি শক্তিশালী কৰে। ২০২১ চনত ৰঞ্জিত কুমাৰ দাসে পাটাছাৰকুছি সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নির্বাচিত হয় আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগকে ধৰি কেইবাটাও বিভাগত সফলতাৰে দায়িত্ব পালন কৰে। ষষ্ঠদশ বিধানসভাৰ ২২সংখ্যক অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰি চাৰিবাৰৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে অসম বিধানসভাৰ ইতিহাসত নজিৰ স্থাপন কৰিবলৈ সক্ষম হ’ল। উল্লেখ্য যে অসম বিধানসভাৰ সচিবৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰা, কংগ্ৰেছৰ নেতা বাজেদ আলী চৌধুৰীকে ধৰি তেওঁলোকৰ একাংশ বিধায়ক, বিপিএফ নেতা ৰবিৰাম নাৰ্জাৰীকে ধৰি বহুকেইজন বিধায়কে প্র’টেম অধ্যক্ষ চন্দ্রমোহন পাটোৱাৰীৰ আহ্বানমৰ্মে ৰঞ্জিত কুমাৰ দাসক আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ ২২সংখ্যক অধ্যক্ষ হিচাপে অধ্যক্ষৰ আসনত অধিষ্ঠিত কৰে।