লিমাৰিক – ৰুক্মিণী দাস

Pc Unsplash

লিমাৰিক

ৰুক্মিণী দাস,শ্ৰীহাটী

(১)

লাখে লাখে আকাশত অগনন তৰা
যেন কৰে আকাশতেই ল’ৰা ঢপৰা
ৰঙা,নীলা,হালধীয়া
কিমান যে ৰহনীয়া
চাই থাকো মন ভৰি দূৰনীৰ পৰা ।।

(২)

নাৰীয়ে নুবুজে কিন্তু নাৰীৰ বেদনা
নাৰী কৰে কিন্তু বহু ঠাইত ছলনা
ধন্য প্ৰেম জয়মতী
সাৱিত্রীও মহা সতী
সৎ চৰিত্রত থাকে ঠগ প্ৰবঞ্চনা