লিমাৰিক
মায়া বৰদলৈ
(১)
বেমাৰ বেমাৰ বুলি কিমান কান্দিম
পুত্ৰ-বোৱাৰীক ক’লো ফুৰিকে আহিম
দ্বাৰকানে সোমনাথ
বান্ধোঁ মন বুকুডাঠ
পেঞ্চনে আটেমানে ফুৰিয়েই থাকিম ।
(২)
শাহু আয়ে মাতিছে মোক স্বৰ্গ পুৰীলৈ
পতিদেৱে নিদিয়ে যে অকলে যাবলৈ
জ্বৰে বিষে কোঙা কৰে
ঔষধে ফেল মাৰে
নাতিয়ে বোলে আইতা আহা চেন্নাইলৈ ।
