বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ মুখ্যমন্ত্রী ড° শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমক সাক্ষাৎ কৰে। দ্বিতীয়বাৰৰ বাবে পূৰ্ণাংগ মন্ত্রীসভা গঠনৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাৰ পৰা পৰামৰ্শ বিচৰা বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্রীয়ে দলৰ ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰি তেওঁৰ সৈতে মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ বাবে গ্ৰহণ কৰা সমীকৰণ সম্পৰ্কত বিতং আলোচনাত মিলিত হয়। পাছত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে নবীনৰ সৈতে হোৱা আলোচনা সন্দর্ভত জনায় যে নির্বাচনত বিজেপিয়ে প্রকাশ কৰা সংকল্প- পত্ৰৰ প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণৰ ৰূপৰেখাৰ সম্পৰ্কত তেওঁৰ নিজৰ মতামত দাঙি ধৰাৰ উপৰি অন্যান্য বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে। নিৰ্বাচনত ৰাষ্ট্ৰীয় সভাপতিজনে প্ৰদান কৰা মাৰ্গদৰ্শনৰ বাবে মুখ্যমন্ত্ৰীয়ে নীতিন নবীনৰ ওচৰত কৃতজ্ঞতাও স্বীকাৰ কৰে।

উল্লেখ্য যে দলৰ ৰাষ্ট্ৰীয় সভাপতিক সাক্ষাৎ কৰাৰ পাছত দলৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও সৌজন্যতামূলক বিনিময় কৰে। আনহাতে, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতে হোৱা সাক্ষাৎ সৌজন্যমূলক বুলি অভিহিত কৰি তেওঁ কয়, ‘অসম বিধানসভাৰ নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ বাবে তেওঁ শুভেচ্ছা জ্ঞাপনৰ লগতে বহুকেইটা পৰামৰ্শও আগবঢ়ায়।’ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে হোৱা এই আলোচনাৰ পাছতে স্বাভাৱিকতে প্রশ্ন উত্থাপন হৈছে ১৯জনীয়া মন্ত্রীসভাত কোনে কোনে পাব মন্ত্রিত্ব? উল্লেখযোগ্য যে মুখ্যমন্ত্রীয়ে তেওঁৰ মন্ত্রীসভাত এতিয়ালৈকে মাত্ৰ চাৰিগৰাকী সদস্যহে অন্তর্ভুক্ত কৰিছে। মন্ত্ৰী হিচাপে মিত্র দল বি পি এফৰ এগৰাকী, অগপৰ এগৰাকী আৰু বিজেপিৰ বিধায়কে শপত লৈছে। ইফালে কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰিছিল যে মে’ মাহৰ শেষৰ সপ্তাহত দিল্লীলৈ গৈ দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ অনুমোদন লোৱাৰ পাছত অহা জুন মাহৰ প্ৰথম সপ্তাহত তেওঁ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ ঘটাব। পিছে আজিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সভাপতিগৰাকীক সাক্ষাৎ কৰাৰ পাছত এতিয়া মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে।উল্লেখ্য যে মন্ত্রীসভাৰ সম্প্ৰসাৰণক লৈ পূর্বে মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছিল যে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ পাছত জুনৰ আৰম্ভণিতে মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব। সেয়েহে ২১ মে’ৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগা বিধানসভা অধিৱেশনৰ বাবে সংসদীয় পৰিক্ৰমা দপ্তৰৰ দায়িত্ব মন্ত্ৰী অতুল বৰাৰ হাততে অর্পণ কৰি থৈছে। বিধানসভা অধিৱেশনৰ পাছতহে মন্ত্রীসভাৰ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এইক্ষেত্ৰত মুখ্যমন্ত্রীয়ে সমগ্র বিষয়টো কিধৰণে আগবঢ়াই নিয়ে সেয়া যথেষ্ট লক্ষণীয় হ’ব।
