সোণাৰুৰ হালধীয়া হাঁহি
সত্যজিৎ গগৈ
প্ৰযত্নেঃডাক্টৰ দয়ানন্দ মাহাত্ব
বামুণী গাওঁ,কলিয়াবৰ,নগাওঁ
গছজোপাই নিজৰ দেহত
এখন হালধীয়া জুইৰ চাদৰ পিন্ধিছে
ওলমি থকা থোপা থুপি সোণাৰুৰ ফুলবোৰ
যেন ডালত শুকুৱাই থোৱা আকাশৰ সপোন
চৰাই এটাই ঠোঁটত পোহৰ লৈ
ডাল সলনি কৰা মই দেখিছোঁ
আৰু এজাক মৌমাখিয়ে
ফুলৰ পাহিত বহি
মিঠা ৰ’দ এজাক জমা কৰিছে
গছৰ তলৰ পথটোও সোণালী সপোনৰ দৰে
মানুহৰ খোজত ফুলৰ শব্দ সৰে
দুপৰীয়াৰ নিস্তব্ধতাত
সোণাৰুৰ হালধীয়াই
নিজৰ ক্লান্তি পাহৰিবলৈ
গোপনে নৃত্য কৰে
সন্ধিয়া নামিলেই এটা এটাকৈ হালধীয়া সৰে
আৰু পৃথিৱীয়ে কোলাত লৈ নীৰৱে শুই পৰে।
