কবিতা বিষয়ক কিছু উপলব্ধি – বাহাৰুল ইছলাম     

Pc Medium

কবিতা বিষয়ক কিছু উপলব্ধি 

বাহাৰুল ইছলাম

কবিতাক সুধিলোঁ, “তোমাৰ জানো হৃদয় আছে?”
বিষাদৰ বতাহত হাবাথুৰি খায় ততাতৈয়াকৈ ক’লে
মোৰ স’তে সংযুক্ত হৈ থাকে
“প্ৰতিজন নিপিড়িত লোকৰ আত্মা
প্ৰতিজন অত্যাচাৰিত ব্যক্তিৰ হুমুনিয়াহ
কিম্বা নিষ্পাপ-নিৰ্দোষী সকলৰ তনু-মন
সিহঁতে কান্দিলে মই কান্দোঁ
সিহঁতে হাঁহিলে মই হাঁহো
আৰু সিহঁতৰ হৈ যুঁজিম চিৰদিন।”

কবিতা হ’ল কবিৰ অন্তৰৰ গভীৰ অনুভূতি, জীৱনৰ শৈলী, আৱেগ-কল্পনাৰ ছন্দোবদ্ধ আৰু শিল্পসন্মত এক সুৰীয়া প্ৰকাশ। ই সাহিত্যৰ আদিমতম আৰু নান্দনিক শাখা য’ত কম শব্দৰ ব্যৱহাৰেৰে গভীৰ অৰ্থ প্ৰকাশ কৰা হয়। কবিতা মানুহৰ সুখ-দুখ হেঁপাহৰ খৰস্ৰোতা নৈ। অনুভৱ আৰু কল্পনাৰ এক অনন্য দাপোন। মানুহৰ জীৱনত কবিতাৰ প্ৰভাৱ কেনেকুৱা প্ৰিয় কবি হীৰেন ভট্টাচাৰ্য ডাঙৰীয়াই কৈ গৈছে —-

“কবিতা পঢ়ি পাহৰিব পাৰি
পাহৰিব পাৰি কিছু দুখ আনকি গ্লানি
কবিতা জীৱনৰ অন্য বিষয়-কুশল,
অন্য প্ৰত্যাশা।
শব্দ সুখ ভাঙি তিৰবিৰ বন তুলসী
উজাৰি লুকুৱা
সুগন্ধি দীঘল উপত্যকা।”(নতুন পাঠ)

উইলিয়াম ওৱাৰ্ডছৱৰ্থৰ মতে, “কবিতা হ’ল প্ৰবল অনুভূতিক স্বতঃস্ফূৰ্ত প্ৰকাশ” (Spontaneous overflow of powerful feelings)। কাব্যলংকাৰ প্ৰণেতা ভামহৰ মতে,”শব্দাৰ্থৌ সহিতৌ কাব্যম”- অৰ্থাত্‍ শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা (Poetry is a combination of words and meanings)। বিশ্বনাথ কবিৰাজে তেওঁৰ “সাহিত্য দৰ্পণ” নামৰ গ্ৰন্থত কৈছে “বাক্যং ৰসাত্মকং কাব্যম”-অৰ্থাত্‍ ৰসময় বাক্যই কবিতা। ড০ জনচনৰ মতে,”কবিতা হ’ল ছন্দোবদ্ধ ৰচনা। ” উৰ্ডচৱৰ্থৰ মতে,”নিৰলাত সোঁৱৰা হিয়াৰ আৱেগেই কবিতা। ” অডেনৰ মতে,” Poetry is a memorable sentence” অৰ্থাৎ ” কবিতা হ’ল স্মৰণীয় বাক্য। ” গ্ৰীক কবি চিমোনিভিছে কৈছিল,” Painting is a silent Poetry and Poetry is a speaking picture ” চিত্ৰাংকন হৈছে এক নীৰৱ কবিতা আৰু কবিতা হৈছে এক ভাষিক ছবি।” মেথিউ আৰ্ণল্ডৰ মতে, “Poetry is the criticism of Life”– কবিতা হৈছে জীৱনৰ সমালোচনা। সমালোচক জেইমচ হেনৰী লী হান্টৰ মতে, “সৌন্দৰ্যৰ প্ৰতি অনুৰাগেই কবিতা, ইয়াৰ মুখ্য কাম হ’ল আনন্দ সৃষ্টি কৰি মন উন্নত আৰু পৰিশোধন কৰা”। ডিলান টমাছে কৈছিল “কবিতাৰ আচল কথাটো হ’ল ইয়াক উপভোগ কৰা, ই যিমানেই কৰুণ নহওক কিয়।” এমিলি ডিকিনছনে এক আৱেগিক সংজ্ঞা দিছিল— “যদি মই এনে কোনো কিতাপ পঢ়ো যিয়ে মোৰ শৰীৰক ইমান শীতল কৰি তোলে যে কোনো জুইয়ে মোক গৰম কৰিব নোৱাৰে, তেন্তে মই জানো যে সেয়াই কবিতা”। কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ মতে, “কবিতা হ’ল কবিৰ হৃদয়ৰ পৰা নিগৰি অহা ভাৱৰ স্বাভাৱিক প্ৰকাশ, য’ত মানুহৰ পৰিৱৰ্তনশীল সময়ৰ নতুন মূল্যবোধ প্ৰতিফলিত হয়।”

কবিতাই সুখ-দুখক অংকিত কৰে। জীৱনৰ ৰেহ-ৰূপ প্ৰতিফলিত কৰি কলুষিত আত্মাক পৰিশুদ্ধ কৰে। পৱিত্ৰ কৰে ভাৱনাক, সংগী হয় চিৰ জীৱনৰ। কবিয়ে শব্দৰে জগত জিনে। ৰিক্ত-তিক্তক পান কৰায় অমৃত। বিষাদক হজম কৰে ঘনে ঘনে। মনুষ্যৰ হকে প্ৰতি নিতে অনুষ্ঠিত কৰে নান্দনিক মেলা য’ত মিলন হয় মনুষ্যৰ। হৃদয়ে হৃদয়ক জানে, বুজে আৰু এক সু-সম্পৰ্ক গঢ়ি তোলে। ভৱিষ্যত প্ৰজন্মৰ হকে জ্বলাই এগছি প্ৰেমৰ বন্তি যিয়ে কিৰণ বিলাই আকোঁৱালি লয় প্ৰজন্মৰ পৰা প্ৰজন্মক, হৃদয়ৰ পৰা হৃদয়লৈ সেতু নিৰ্মাণ কৰে। বিশ্বৰ প্ৰান্তে প্ৰান্তে ঢালি দিয়ে মানৱতা, নাৰ্যতা আৰু নিৰ্মাণ কৰে সংযমী পথ ঘৰে ঘৰে যাৰ চৌপাশে ঘেৰি থাকে সুন্দৰ আৰু শান্তিৰ এখনি আটক ধুনীয়া নৈ।

“কবিতাৰ প্ৰেমিকে
শব্দৰ বুকুত সাঁতুৰি ফুৰে
বহুদূৰ যায় গোপনে গোপনে
চাই জুমি জুমি হৃদয়ৰ অনুভূতিৰে
জনম জনমৰ বাবে যাত্রা কৰে নিজস্ব গতিত
চিৰ চেনেহী এই কবিতা
কবিতাই আপোন, কবিতাই দাপোন
কবিতা লৈ ৰচে কত যে সপোন।”

এটি ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ সমলেই কবিতাৰ বিষয়বস্তু হ’ব পাৰে। সৰাপাতৰ পৰা আৰম্ভ কৰি জীৱন-যৌৱনৰ প্ৰতি পদে পদে পোৱা প্ৰতিটো অভিজ্ঞতাই কবিতা সৃষ্টিত অৰিহণা যোগায়। কবিতাত প্ৰেমৰ স্থান অনন্য। প্ৰেমক লৈ কবিয়ে কত কবিতা ৰচিছে তাৰ কোনো লেখ-জোখ নাই। লক্ষ্মীনাথ বেজবৰুৱাই কোৱাৰ দৰে, “প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল” “প্ৰিয়তমাৰ চিঠিৰ” জৰিয়তে প্ৰেমৰ অকপট কবি হেমচন্দ্ৰ গোস্বামীৰ। ‘অ’, মোৰ পৰম প্ৰিয়, তুমি ক’ত? ‘ বুলি নলিনীবালা দেৱীয়ে আধ্যাত্মিক প্ৰেমৰ সন্ধান কৰে। বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে দহিকতৰাৰ মাতত যেন এক অপাৰ্থিব প্ৰেম আৰু আনন্দৰ ধাৰা শুনিবলৈ পাইছিল, যি অসমীয়া কাব্যপ্ৰেমীকক আজিও আপ্লুত কৰে। সকলো প্ৰেমিকৰে প্ৰিয় এই কবিতা..

“তুমিতো জানাই
এই কবিৰ আৰু একো নাই
এটাই মাথোঁ কামিজ
তাৰো ছিগোঁ ছিগোঁ চিলাই।
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়।” — হীৰেন ভট্টাচাৰ্য

অসমীয়া কবিতাৰ ইতিহাস ত্ৰয়োদশ শতিকাৰ পৰা আৰম্ভ হৈ সুদীৰ্ঘ পথ অতিক্ৰম কৰি বৰ্তমানলৈকে বিকশিত হৈছে, যাৰ মূল ধাৰাসমূহ হ’ল প্ৰাচীন (চৰ্যাপদ), মধ্যযুগীয় (ভক্তি কাব্য: শংকৰ-মাধৱ), ৰোমাণ্টিক (জোনাকী যুগ) আৰু আধুনিক (যুদ্ধোত্তৰ যুগ)। আমাৰ অসমীয়া কবিতাৰ পথাৰখনি বহু উচ্চ শিখৰত উপনীত হৈছে। মাধৱ কন্দলী (সপ্তকাণ্ড ৰামায়ণৰ ৰচক), হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, মহাপুৰুষ শংকৰদেৱ (কীৰ্ত্তন ঘোষা, অগণন বৰগীত), মহাপুৰুষ মাধৱদেৱ (নামঘোষা) লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, কবি নৱকান্ত বৰুৱা, হেম বৰুৱা, অমূল্য বৰুৱা আদি সকলৰ প্ৰচেষ্টাত অসমীয়া কবিতাই প্ৰাণ পায় উঠিছে। সাম্প্ৰতিক নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্য, হৰেকৃষ্ণ ডেকা, নীলিম কুমাৰ, সমীৰ তাঁতী, সনন্ত তাঁতী আদি স্বনামধন্য কবিৰ হাতত অসমীয়া কবিতা অধিক প্ৰতীকধৰ্মী, সমাজ- সচেতন আৰু দৰ্শনধৰ্মী হৈ পৰিছে। এতিয়াও বিভিন্ন গতি আৰু শৈলীৰে যথেষ্ট চহকী কৰাৰ ধাৰা বিদ্যমান।

কবিতাৰ সাধাৰণতে অংশসমূহ হৈছে– ছন্দ, পংক্তি, ছন্দৰীতি , আৰু যমক বা মিল। কবিতাৰ প্ৰধান ভাগ দুটা- বস্তুনিষ্ঠ যাৰ উপভাগত কাহিনী গীত বা বেলাড, মহাকাব্য, খণ্ডকাব্য, নীতি-কবিতা, ৰূপক, ব্যঙ্গ কবিতা, লিপি কবিতা আদি সন্নিবিষ্ট কৰিব পাৰি আনহাতে ব্যক্তিনিষ্ট কবিতা যাৰ উপভাগত ভক্তিমূলক, স্বদেশ প্ৰেমমূলক, প্ৰেমমূলক, চনেট,চিন্তামূলক, প্ৰকৃতি বিষয়ক, প্ৰশস্তি বা অ’ড শোকগীত, লঘুবৈঠকী কবিতা বা চ’ৰাঘৰৰ ৰঙিয়াল কবিতা আদি সন্নিবিষ্ট কৰিব পাৰি। আনহাতে মৌখিক কবিতা সমূহ হৈছে সমাজৰ সাধাৰণ মানুহৰ মুখে মুখে প্ৰচলিত গীত, পদ, ফকৰা-যোজনা, আৰু সাঁথৰৰ এক ধাৰা, যি লিপিবদ্ধ হোৱাৰ আগতে বহু প্ৰজন্ম ধৰি লোকসমাজত জীয়াই আছে। উদাহৰণ স্বৰূপে নিচুকনি গীত, বিয়ানাম, আইনাম, নাওখেলোৱা গীত আদি।

সাম্প্ৰতিক কবিতাৰ বহুল ভাৱে প্ৰসাৰিত হৈছে বিশেষকৈ সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰৰ বাবে। বহু কবি সৃষ্টি হৈছে দিনক দিনে। কবিতাৰ মানদণ্ডৰ ফালে ফহিয়াই চালে হয়তো কম সংখ্যক কবিৰ কবিতাই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি ক’ব পাৰি। তাৰ বাবে হয়তো নৱ যুগৰ কবি সমাজে হীৰুদাৰ বিখ্যাত উক্তিটো হৃদয়ঙ্গম কৰিব পাৰিলে ভাল। সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যই কৈছিল, “মোৰ কলমটো এজন কমাৰৰ হাতুৰীৰ দৰে, যিটোৰে মই শব্দবোৰ গঢ় দিওঁ, সোণালী শস্যৰ দৰে তীক্ষ্ণ, কাঠ মিস্ত্ৰীৰ কৰতৰ দৰে খহটা, টান কাঠৰ পৰা মজ্জা উলিয়াই আনিবলৈ।” তেওঁ নিজৰ কবিতাক কৃষকৰ লগত তুলনা কৰি কৈছিল যে, তেওঁ শব্দবোৰ জিভাত লৈ স্বাদ পৰীক্ষা কৰে আৰু হাতত লৈ তাপ অনুভৱ কৰে। তেওঁ বিশ্বাস কৰিছিল যে কবিতা হ’ল— “শব্দৰ শিল্প”, যিটো কেৱল ছপা আখৰতেই আবদ্ধ নহয়, ই কণ্ঠৰো শিল্প। তেওঁৰ মতে,”পাঠেই কবিতাৰ জীৱন”।

শেষত কওঁ যে, কবিতাৰ নিৰ্দিষ্ট সংজ্ঞা নাই যদিও ইয়াক গদ্যৰ শাৰীতো ৰাখিব নোৱাৰি। ই হৃদয় জয় কৰাৰ মাধ্যমেৰে সফল ৰূপ ধাৰণ কৰে। মানুহৰ পৰা মানুহলৈ সেতু নিৰ্মাণৰ জড়িয়তে পূৰঠ হোৱা পৰিলক্ষিত হয়। প্ৰবীণ-নবীন বুলি কোনো কথা নাই। কবিতাৰ মানদণ্ডৰ ওপৰতে নিৰ্ভৰ কৰে ইয়াৰ সাৰ্থকতা। কিয়নো ই কথা কয়,বিপ্লৱ কৰে, হাঁহে-কান্দে আৰু মুহূৰ্ততে বিশ্ব ভ্ৰমণ কৰি সমস্যা সমাধান কৰে। যুঁজে মানুহৰ বাবে চিৰকাল। হয়তো কবিতাই কৈছে–

“যুঁজি যুঁজি আজি আঘাতপ্ৰাপ্ত
যুঁজি যুঁজি আজি মই ৰক্তাক্ত
কিন্তু এয়াই শেষ নহয়
যুঁজিম প্ৰেমেৰে, যুঁজিম বিশ্বাসেৰে
যুঁজিম চন্দ্ৰ, সূৰুয থকালৈ
যুঁজিম জগতৰ মানুহৰ বাবে
আৰু মানুহ থকালৈ।”