ছন পৰা মাটিডৰা
ৰশ্মি ৰেখা দুৱৰা
বৰপথাৰ কোঁৱৰ গাঁও,ডিব্ৰুগড়
ব’হাগৰ ৰংবোৰ শেষ নহওঁতেই
পুৰণি গোন্ধ এটা বতাহত আহিল
স্মৃতিবোৰ মনত পেলাই ৰংবোৰ
নিমিষতে কাঢ়ি লৈ গ’ল।
উদং বুকুত বননিয়ে আৱৰিল
প্ৰখৰ ৰ’দত চিৰাল ফাটিল।
এই বাটেদি কোনোৱে নহা হ’ল
আহাৰ-শাওণ,কাতি-আঘোণৰ মাদকতা
হুলস্থূলীয়া পৰিৱেশ নাই
খিলখিল হাঁহিবোৰো ম্লান পৰিল।
আজি চাৰি-পাঁচবছৰ হ’ল
নাহিল,কোনোৱে নাহিল
অপেক্ষা কৰাটোৱেই মোৰ ভুল আছিল
দুখেৰে এতিয়া জৰ্জড়িত মই।
মোৰ বুকুত এতিয়া
জেঠৰ ৰ’দত নচহাই মাটি
শাওণৰ পথাৰত নুৰুৱে কঠীয়া
আঘোণৰ পথাৰত নাদায় ধান
মই নহ’লেও জুৰিব পেটৰ ভাত
মই কান্দিলেও নুশুনে কোনোৱে মাত।
তথাপি অকলশৰীয়া নহয় মই
বনৰীয়া পক্ষীবোৰে মোৰ লগৰী
মোৰ বুকুতেই খাদ্য বিচাৰি
মোৰ বুকুতেই জিৰণি লয়।
