মুক্ত আকাশ চুব পাৰিম নে ?
শেৱালী শৰ্মা ৰংমৌ,
দুলীয়াজান, ভাদৈ পাঁচ আলি
ক্লান্তিবিহীন অবিৰাম
চলন্ত যাত্ৰাৰ
এটি যন্ত্ৰ হৈ
মুক্ত আকাশ চুব পাৰিম নে ?
জীৱন নামৰ
স্মৃতি কিতাপৰ পৰা ..!
স্বাধীনতাৰ মুক্ত আকাশখন
পাৰিম নে ? এবাৰ স্পৰ্শ কৰিবলৈ !
দূৰ্বাৰ হেঁপাহ যাযাবৰী মনে
মুক্ত আকাশ বিচৰণ কৰিবলৈ..।
দুচকুত ক্ৰন্দনৰ অবুজ
শব্দ কঢ়িয়াই পাৰিম নে ?
মুক্ত আকাশৰ আমেজত
জীয়াবলৈ !!
কত শত ধুমুহা নেওচি
দুপৰনিশা নিৰৱ হৈ..!
মুক্ত আকাশ চুব পাৰিম নে ?
ৰঙীণ মুখাৰ কোলাহলৰ
পৃথিৱীত …!
বন্ধ কোঠালীৰ চাৰি বেৰত
বন্দী হৈ
ফুটছাই বৰণ হোৱা
বুকুখন লৈ ..
যেন জীৱহীন অবয়ব..!
মুক্ত আকাশ চুব পাৰিম নে ?
