অপেক্ষা – নমিতা দাস

Pc Shutterstock

অপেক্ষা

নমিতা দাস,শুৱালকুছি

শব্দৰ জঙ্কাৰত প্ৰাণ পোৱা
সৰাপাতৰ বিষাদ বেদনা
বোৰৰ দৰেই —
ৰক্তৰে বঞ্জিত ফুল পাহেৰে
আবেগ বোৰ সামৰি
নিবেদিলো শ্ৰদ্ধাৰ অৰ্ঘ
তোমাৰ বাবেই জন্ম হৈছিল
মোৰ ফাগুন ,
মোৰ হৃদয়ত সিঁচি দিচা
সহস্ৰ সুৰৰ জঙ্কাৰ
যদি কেতিয়াবা লগ পাওঁ
মুখা মুখি কৈ কবলৈ নাথাকিব কোনো শব্দ কিজানি
সাক্ষী হৈ ৰব মোৰ গোপন চকুলো
এই যে তোমাৰ ওচৰলৈ গুচি যাওঁ
এচাটি বতাহ হৈ
ৰ’দ হৈ
হুমুনিয়াহ হৈ
তোমাক চাবলৈ
তুমি বাৰু জানানে !
কাহানিও তোমাক নাপাওঁ বুলি জানিও
তোমাৰ কাষত থাকো
কথা পাতো তুমি উমান পোৱা নে !
সুৰ আৰু শব্দৰ মাজেৰে বিচাৰো তোমাক চিৰ দিন ।