কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাক মন্ত্ৰীত্ব প্ৰদান কৰা উচিত – ৰাজীৱ লোচন নাথ

কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাক মন্ত্ৰীত্ব প্ৰদান কৰা উচিত 

অতি গৌৰৱ আৰু সৌভাগ্যৰ বিষয় যে বৃহত্তৰ কমলপুৰ সমষ্টিবাসীয়ে দিগন্ত কলিতাক দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে লাভ কৰিলে। সমষ্টিৰ সমূহ নাগৰিকে এতিয়া আশা পোষণ কৰাৰ লগতে আলোচনা কৰি আছে যে সমষ্টিটোৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত তেখেতক অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব লাগে। কেবিনেট মন্ত্ৰিত্ব প্ৰদান নকৰিলেও কলিতাক যিকোনো এটা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিব লাগে। কিয়নো কলিতা এজন সফল, সুদক্ষ আৰু কৰ্মসংস্কৃতিপৰায়ণ বিধায়ক। সেইবাবেই তেখেতে দ্বিতীয়বাৰৰ বাবে বিধায়কৰ আসন অলংকৃত কৰিবলৈ সক্ষম হৈছে। বিগত পাঁচ বছৰত কৰি অহা উন্নয়নমূলক কামৰ বাবেই কমলপুৰ সমষ্টিবাসীৰ হৃদয়ত তেখেত নয়নৰ মণি হৈ পৰিছিল আৰু লাভ কৰিছিল ৰাইজৰ অকুণ্ঠ সমৰ্থন, মৰম-চেনেহ। সকলো বিপদ, অভাৱ-অভিযোগৰ সময়ত সমষ্টিবাসীৰ সন্মুখত দেৱদূতৰ দৰে উপস্থিত হৈ পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়াইছিল। “দিগন্ত কলিতা” যাৰ নামেই যেন এক সুকীয়া পৰিচয়। স্মৰ্তব্য যে তেখেতে দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল বৰং দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল দৃঢ় কণ্ঠে। ৰাইজক ভুৱা প্ৰতিশ্ৰুতিৰে পণবন্দী কৰি ৰখাৰ মানসিকতা আছিল সূদূৰ পৰাহত। প্ৰকৃতাৰ্থত তেখেত এগৰাকী বিশ্বাসী জন প্ৰতিনিধি তথা জনতাৰ একানিষ্ঠ সেৱক।

কামৰ নিদৰ্শন হিচাপে আমাৰ গাঁওখনৰ কথাকেই কওঁ: তেখেতৰ প্ৰথমটো কাৰ্যকালত, তাহানিৰ পৰিত্যক্ত অৱস্থাত থকা কেইবাটাও ৰাস্তা-ঘাট দুৰ্নীতি অবিহনে পকীকৰণ কৰা হৈছে। বিশেষকৈ বাৰিষা বৰনদীৰ প্ৰবল বানে আক্ৰমণ কৰা হিন্দুমৈজালী গাঁওৰ ৰাইজ আজি বিপদমুক্ত হ’ল। তদুপৰি আমাৰ গাঁওৰ নিকটৱৰ্তী বৰনদীৰ পাৰত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণৰত মথাউৰিটো যেনিবা তেখেতৰেই অৱদান। কেৱল এয়াই নহয়,  বন্যাক্ৰান্ত গাঁওবাসীক খাদ্য-সামগ্ৰী যোগান ধৰাৰ লগতে পশুধনকো পৰ্যাপ্ত খাদ্য আৰু প্ৰয়োজনীয় ঔষধ যোগান ধৰি মৃত্যুমুখত পৰা পশুধনক জীয়াই তুলিছিল।
যি কি নহওঁক, আমাৰ হিয়াৰ আমঠু দিগন্ত কলিতাক ওপৰত উল্লেখিত ধৰণে অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবৰ বাবে অসমৰ সৰ্বকালৰ অন্যতম জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱক কাতৰ অনুৰোধ কৰিলোঁ এই পত্ৰযোগে।
বিনম্ৰতাৰে
ৰাজীৱ লোচন নাথ, 
হিন্দুমৈজালী,
হালধা,